অসমক পুনৰ “অশান্ত অঞ্চল” ঘোষণা

AFSPA-Assam gets 'Disturbed Area' tag extended by six months

প্ৰতীকী ছবি। সৌজন্য-- DNA India।

অসম চৰকাৰে ৰাজ্যখনক পুনৰ ছমাহলৈ “অশান্ত অঞ্চল”ৰূপে ঘোষণা কৰিছে।

অসমৰ সকলো এলেকাই এই “অশান্ত অঞ্চল”ৰ আওতাত থাকিব। যোৱা ২৮ আগষ্টৰ পৰা এই ঘোষণা কাৰ্য্যকৰী হৈছে।

উগ্ৰপন্থা-সম্পৰ্কীয় ঘটনাসমূহ চৰকাৰী তথ্যমতেই যোৱা কিছুবছৰত হ্ৰাস পোৱা বাবে অসমৰ পৰা বিতৰ্কিত “আফস্পা” আৰু “অশান্ত অঞ্চল” গুচোৱাক লৈ বিভিন্ন মহলত চৰ্চা চলি আহিছিল।

কিন্তু, ৰাজ্যৰ শেহতীয়া আইন-শৃংখলা পৰিস্থিতিৰ পৰ্য্যালোচনা কৰি অসমৰ গৃ্হ আৰু ৰাজনৈতিক বিভাগে ইয়াক বাহাল ৰখাৰ সিদ্ধান্ত লৈছে।

“অসমৰ যোৱা ছয় মাহৰ আইন-শৃংখলা পৰিস্থিতি পৰ্য্যালোচনা কৰি অসম চৰকাৰে গৃহ আৰু ৰাজনৈতিক বিভাগ, অসমৰ জৰিয়তে এক জাননীৰ যোগেদি কাৰ্য্যকৰী হোৱাকৈ আৰু সশস্ত্ৰ বাহিনীৰ (বিশেষ ক্ষমতা) আইন, ১৯৫৮ৰ ৩নং ধাৰামতে সমগ্ৰ অসম ৰাজ্যক ২৮-০৮-২০১৯ৰ পৰা ছমাহলৈ আগতীয়া বাতিল-অন্যথা ‘অশান্ত অঞ্চল’ৰূপে ঘোষণা কৰিছে,” জাননীত উল্লেখ।

উগ্ৰপন্থা-সম্পৰ্কীয় ঘটনাৱলী হ্ৰাস পালেও, এন আৰ চিক লৈ নিৰাপত্তা সংস্থাসমূহে অসমত তীক্ষ্ণ নজৰ ৰাখিব লগা হৈছে।

অসমৰ আইন-শৃংখলা পৰিস্থিতিৰ লক্ষণীয় উন্নতি হোৱা বুলি উল্লেখ কৰি নাম প্ৰকাশ কৰিব নোখোজা জ্যেষ্ঠ সেনা বিষয়া এগৰাকীয়েও এন আৰ চিৰ পৰিপ্ৰেক্ষিততে আফস্পা আৰু কিছু মাহলৈ ৰাজ্যত থাকিব লাগে বুলি মন্তব্য কৰিছে।

৩১ আগষ্টত এন আৰ চি প্ৰকাশৰ আগৰে পৰা অসমত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ ২১৮টা কোম্পানি মোতায়েন কৰা হৈছে।

সমগ্ৰ অসম আৰু নাগালেণ্ড, আৰু মণিপুৰ আৰু অৰুণাচল প্ৰদেশৰ অংশবিশেষে আফস্পা বাহাল আছে।

ত্ৰিপুৰা আৰু মেঘালয়ৰ পৰা এই আইন প্ৰত্যাহাৰ কৰা হৈছে।

অসমৰ চূড়ান্ত এন আৰ চিত মুঠ ৩,১১,২১,০০৪ গৰাকী লোকৰ নাম সন্নিৱিষ্ট হৈছে।

দাবী আৰু আপত্তি দাখিল নকৰাসকলকে ধৰি মুঠ ১৯,০৬,৬৫৭ গৰাকী লোকৰ নাম এন আৰ চিৰ পৰা বাদ পৰিছে।

এন আৰ চি নাগৰিকৰ পঞ্জী, বিদেশী ঘোষণাৰ আইনী কাৰবাৰ ইয়াৰ আওতাত নাই।

২০১৭ চনৰ ৩১ ডিচেম্বৰত প্ৰকাশিত এন আৰ চিৰ প্ৰথম খচৰাত ৩.২৯ কোটি আবেদনকাৰীৰ ভিতৰত ১.৯৪ কোটি লোকৰ নাম অন্তৰ্ভুক্ত হৈছিল।