NORTHEAST NOW (Assamese)

সন্মুখত পঞ্চায়ত-লোকসভা নিৰ্বাচন : চাহ বাগিচাৰ ১০০ কৃতী ছাত্ৰীক স্কুটী বিতৰণৰ সিদ্ধান্ত

October 24, 2018 10:36 pm · কল্পজ্যোতি শইকীয়া

আগন্তুক পঞ্চায়ত তথা লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি শাসকীয় দল বিজেপিয়ে চলাইছে ন-ন কৌশল। মন কৰিব লগীয়া যে চাহ জনোগোষ্ঠীয় লোকৰ এক বৃহৎ ভোটবেংকৰ স্বাৰ্থ আগত ৰাখি বিজেপিয়ে হাতত লৈছে নতুন-নতুন কেতবোৰ পদক্ষেপ।

তাৰে অংশ হিচাপে চাহ জনগোষ্ঠী কল্যাণ বিভাগৰ মন্ত্ৰী পল্লৱ লোচন দাসে আজি এক সংবদমেলৰ জৰিয়তে চাহ জনগোষ্ঠী অধ্যুষিত অঞ্চলৰ উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ১০০ গৰাকী ছাত্ৰীক একোখন স্কুটী দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে।

সংবাদমেলতে স্কুটী প্ৰদানৰ বাবদ চৰকাৰে ৬০ লাখ টকা ইতিমধ্যে বাজেটত ধাৰ্য কৰিছে বুলিও প্ৰকাশ কৰে।

দাসে ইয়াৰ বাবে অতি সোনকালে বিজ্ঞাপন প্ৰকাশ কৰি কৃতী ছাত্ৰীসকলৰ নাম সংগ্ৰহ কৰি তাৰ পৰা ১০০ গৰাকী কৃতী ছাত্ৰীক নিৰ্বাচন কৰা হ’ব বুলি মন্ত্ৰী পল্লৱলোচনে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে চাহ বাগিচা অঞ্চলৰ শিক্ষিত ছাত্ৰ-ছাত্ৰীসকলক এচিএছ, এপিএছ, আই এ এছ ইত্যাদি প্ৰশাসনিক বিভাগৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব পৰাকৈ অসম প্ৰশাসনিক প্ৰাধীকৰণ মহাবিদ্যালয়ত ৫০ গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ দিয়াৰ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু এই প্ৰক্ৰিয়া নৱেম্বৰ মাহৰ পৰা আৰম্ভ হ’ব বুলি মন্ত্ৰী পল্লৱলোচন দাসে সংবাদমেলত সদৰী কৰে।

আনহাতে আজিৰ সংবাদমেলত পল্লৱ লোচন দাসে কয় যে, ‘plantation labour act খন থকাৰ বাবে সকলো উন্নয়নমূলক কাম কৰাৰ দায়িত্ব চাহ বাগিচাৰ কৰ্তৃপক্ষৰ হাতত আছিল। সেয়েহে তাত কোনোধৰণৰ উন্নয়নমূলক কাম হোৱা নাছিল।’

তদুপৰি ৰাজ্য চৰকাৰে বাজেটত ৫ শতাংশ ধন প্ৰত্যেকটো বিভাগতে চাহ বাগিছাৰ লোসকলৰ বাবে ধায্য কৰিছে বুলি তেওঁ সংবাদমেলত জনায়।

মন কৰিব লগীয়া যে পূৰ্বতে ধন পুৰস্কাৰ মেলা আঁচনিৰ অধীনত বহুতো শ্ৰমিক প্ৰাপ্য ধন পোৱাৰ পৰা বঞ্চিত হৈছিল বুলি আজিৰ সংবাদমেলত দাসে স্বীকাৰ কৰি বহুতে বেংক একাউন্ট নুখুলাৰ বাবে নাছিল আৰু বহু লোকৰে নাম অন্তৰ্ভুক্ত হোৱা নাছিল বুলি কয়।

তেওঁ লগতে কয় ‘উক্ত আঁচনিৰ অধীনত প্ৰত্যেক চাহ শ্ৰমিকক ২৫০০ টকাকৈ দিয়াৰ বাবে সিদ্ধান্ত লোৱা হৈছিল। সেই সিদ্ধান্ত মৰ্মে সকলো চাহ শ্ৰমিকৰ ঘৰে ঘৰে গৈ প-পত্ৰ পূৰণ কৰাৰ ব্যৱস্থা কৰিব। সাংসদ, বিধায়ক আৰু চাহ মৰ্চাৰ সহযোগত প্ৰত্যেক চাহ শ্ৰমিকৰ ঘৰে ঘৰে গৈ প-পত্ৰ পূৰণ কৰাত সহায় কৰিব।‘

আনহাতে চাহ বাগিচাৰ লোকসকলৰ অজ্ঞতাৰ বাবে বহু বৃদ্ধ-বৃদ্ধাই বৃদ্ধ পেন্সন আঁচনিৰ ধন পোৱাৰ পৰা বঞ্চিত হৈ আছিল বুলি উল্লেখ কৰি এইবাৰ চহিদ কুশল কোঁৱৰ পেন্সন আঁচনিৰ অধীনত প্ৰত্যেক বৃদ্ধ-বৃদ্ধাৰ ঘৰলৈ বিজেপিৰ নেতৃবৃন্দসমূহ নিজে গৈ বৃদ্ধপেন্সনৰ বাবে প্ৰয়োজনীয় প-পত্ৰ পূৰণ কৰাত সহায় কৰিব বুলি তেওঁ সংবাদমেলত জনায়।

ইয়াৰোপৰি কনকলতা মহিলা সবলীকৰণ আঁচনিৰ জৰিয়তে চাহ বাগিচা অঞ্চলৰ ১ হাজাৰ মহিলা আত্মসহায়ক গোটক ২৫ হাজাৰ টকাকৈ আৰ্থিক অনুদান দিয়া হ’ব বুলিও তেওঁ সংবাদমেলত উল্লেখ কৰে।

মন কৰিব লগীয়া যে প্ৰথমবাৰৰ বাবে ৩ গৰাকী চাহ জনগোষ্ঠীয় সাহিত্যিকৰ সোঁৱৰণত চাহ বাগিচা অঞ্চলত গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি সংবাদমেলত দাসে উল্লেখ কৰে।

এই উদ্দেশ্যে অহা ১৮, ১৯ আৰু ২০ নবেম্বৰত তিনিদিনীয়াকৈ সাহিত্যিক মেঘৰাজ কৰ্মকাৰ, দেওৰাম তাছা, নাৰায়ণ ঘাটোৱাৰৰ নামত বোকাখাটত গ্ৰন্থমেলা অনুষ্ঠিত কৰিব।

লগতে অহা ২৩ নৱেম্বৰত সন্তোষ কুমাৰ তপ্নৰ স্মৃতিত ‘শ্ৰমিক কল্যাণ দিৱস’টো শোণিতপুৰ জিলাত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা বুলিও সংবাদমেলত মন্ত্ৰী গৰাকীয়ে জনায়।

ইফালে চাহ বাগিচাৰ মাজৰ ৰাস্তাসমূহ নিৰ্মাণৰ বাবে ৮১৫ খন চাহ বাগিচাৰ বাবদ ১ কোটি টকা বাজেটত ধাৰ্য কৰাৰ কথা মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে।

এতিয়া চৰকাৰৰ এই সমূহ আঁচনি আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ টোপ নে এই আঁচনি সমূহে প্ৰকৃততে চাহ বাগিচাৰ লোকক ঢুকি পাব সেয়া সময়তহে লক্ষণীয় হ’ব।

Related News