• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাৰি জনগোষ্ঠীৰ উন্নয়নৰ বাবে অসম চৰকাৰৰ বিশেষ পেকেজ : শিৱসাগৰত আহোম জনগোষ্ঠীৰ দল-সংগঠনৰ প্ৰতিনিধিৰ সৈতে বৈঠক

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
October 28, 2020 7:05 pm
IMG-20201028-WA0006
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰে শেহতীয়াকৈ জাৰি কৰা এক অধিসূচনা মৰ্মে ৰাজ্যখনৰ চাৰিটা জনগোষ্ঠীৰ উন্নয়নৰ বাবে বিশেষ পেকেজ সন্দৰ্ভত আলোচনা কৰাৰ উদ্দেশ্যে আজি শিৱসাগৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ চুকাফা সভাকক্ষত আহোম জনগোষ্ঠীৰ দল-সংগঠনৰ প্ৰতিনিধিৰ সৈতে এক বৈঠক অনুষ্ঠিত হয়।

বৈঠকত অংশগ্ৰহণ কৰি যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে অসম চৰকাৰে ৰাজ্যৰ চাৰিটা জনগোষ্ঠীৰ উন্নয়নৰ বাবে আগবঢ়োৱা এই বিশেষ পুঁজিৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰে।

Apply Now

তেওঁ এই বিশেষ পেকেজৰ অধীনত পৰিকল্পনা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত নতুন প্ৰজন্মৰ যুৱক-যুৱতীৰ স্বাৱলম্বীতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। তেওঁ পুৰণি কীৰ্তিচিহ্ন সমূহৰ সংৰক্ষণৰ লগতে অগ্ৰাধিকাৰ ভিত্তিত অন্যান্য খণ্ডকো আঁচনি আওতাত অনাৰ পোষকতা কৰে।

তেওঁ উল্লেখ কৰে যে, ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে শিৱসাগৰ জিলাক আইকনিক ছাইট হিচাবে গণ্য কৰি ৫০০ কোটি টকা পুঁজি ঘোষণা কৰিছে। তেওঁ লগতে জনতা ভৱনৰ সন্মুখত স্বৰ্গদেউ চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্রহণ কৰিছে বুলিও সদৰি কৰে।

বৈঠকত উপস্থিত থাকি অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে অসম চৰকাৰে চাৰি জনগোষ্ঠীৰ উন্নয়নৰ বাবে আগবঢ়োৱা বিশেষ পেকেজৰ পুঁজিৰ সদব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আঁচনি সমূহ চয়নৰ সময়ত অগ্ৰাধিকাৰ ভিত্তিত কাম-কাজ সমুহ নিৰ্দিষ্ট কৰিবলৈ তেওঁ আহ্বান জনায়।

তেওঁ পৰিবৰ্তী বৈঠকত উপস্থিত দল-সংগঠনৰ প্ৰতিনিধি সকলক তেওঁলোকৰ পৰামৰ্শৱলী লিখিত ৰূপত দাখিল কৰিবলৈ কয়। তেওঁ পৰিকল্পনা প্ৰস্তুত কৰোঁতে ঐতিহাসিক দৌল-দেৱালয়, যমুনা, পুখুৰী সমূহৰ সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধন আদি কামৰ লগতে নিবনুৱা সমস্যা সমাধান, দক্ষতা বিকাশ, ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়ন আদিৰ ওপৰত গুৰুত্ব দিব লাগিব বুলি উল্লেখ কৰে।

বৈঠকত জিলা উপায়ুক্ত লক্ষ্মীনন্দন গগৈয়ে আদৰণি ভাষণ প্ৰদান কৰাৰ লগতে বৈঠকৰ উদ্দেশ্য ব্যাখ্যা কৰে।

নিজ বক্তব্যত তেওঁ এই পেকেজ ৰূপায়ণ সন্দৰ্ভত অসম চৰকাৰে আহোম জনগোষ্ঠীৰ বাবে শিৱসাগৰ জিলাত ন’ডেল জিলা হিচাপে ঘোষণা কৰিছে বুলি অৱগত কৰে। এই পেকেজৰ অধীনত ৰূপায়ণ কৰিবলগীয়া আঁচনি আৰু কাম-কাজৰ ক্ষেত্ৰত ঐতিহাসিক কীৰ্তিচিহ্নসমুহৰ সংৰক্ষণৰ লগতে যুৱক-যুৱতী সকলৰ দক্ষতা বিকাশ, স্বনিয়োজন, ক্ৰীড়া খণ্ডৰ উন্নয়ন আদি বিষয় সমূহত গুৰুত্ব আৰোপ কৰে।

তেওঁ লগতে উল্লেখ কৰে যে জিলা প্ৰশাসনে জিলাখনৰ ঐতিহাসিক কীৰ্তিচিহ্ন সমূহৰ বেদখলমুক্ত কৰাৰ প্ৰক্ৰিয়া চলাই আছে। ৰূপহী পথাৰত ১৫ বিঘা মাটি আইকনিক যাদুঘৰ নির্মাণৰ বাবে প্ৰদান কৰাৰ কথাও তেওঁ উল্লেখ কৰে।

বিভিন্ন জিলাৰ পৰা অহা আহোম জনগোষ্ঠীৰ দল-সংগঠন সমূহৰ প্ৰতিনিধি সকলক তেওঁ সংশ্লিষ্ট জিলাসমূহত টাই-আহোমৰ কলা-সাহিত্য-সংস্কৃতিৰ প্ৰতিফলিত হোৱাকৈ একোখনকৈ আদর্শ গাঁও প্ৰতিষ্ঠা কৰিবলৈ যত্নপৰ হ’বলৈ আহ্বান জনায়।

পেকেজৰ অধীনত ৰূপায়ণ হ’বলগীয়া কাম-কাজৰ বিষয়ে আলোচনা কৰাৰ বাবে পৰৱৰ্তী বৈঠক অহা ১৩ নৱেম্বৰত অনুষ্ঠিত কৰ হ’ব বুলিও তেওঁ সদৰি কৰে।

সভাত জিলা উন্নয়ন আয়ুক্ত নৱাব আল আজহাৰ আলিয়ে চাৰি জনগোষ্ঠীৰ উন্নয়নৰ বাবে অসম চৰকাৰৰ বিশেষ পেকেজ ৰূপায়ণ সন্দৰ্ভত পালন কৰিবলগীয়া নীতি নিৰ্দেশনা সম্পৰ্কে বিশদভাৱে অৱগত কৰে। তেওঁ উল্লেখ কৰে যে, এই পেকেজৰ অধীনত আহোম, চুতীয়া, মৰাণ আৰু মটক জনগোষ্ঠীৰ উন্নয়নৰ বাবে অসম চৰকাৰে ৫০০ কোটি টকাৰ বিত্তীয় অনুদান ঘোষণা কৰিছে আৰু ইয়াৰে প্ৰতিটো জনগোষ্ঠীৰ বাবে ১২৫ কোটি টকা ধাৰ্য কৰা হৈছে।

বৈঠকত বিভিন্ন জিলাৰ পৰা অহা আহোম জনগোষ্ঠীৰ দল-সংগঠনৰ প্ৰতিনিধি সকলে বিভিন্ন পৰামৰ্শ আগবঢ়ায়।

আজিৰ বৈঠকত নাজিৰাৰ বিধায়ক দেৱব্রত শইকীয়া, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিপুল শইকীয়া, অতিৰিক্ত উপায়ুক্ত জুনুমণি সোনোৱাল, সহকাৰী আয়ুক্ত মনালী প্ৰসাদ ৰজক, বিশিষ্ট সমাজ সেৱিকা সুৰভি ৰাজকুঁৱৰীৰ, সংশ্লিষ্ট বিভাগ সমূহৰ মূৰব্বী বিষয়া সকলৰ লগতে যোৰহাট, ডিব্ৰুগড়, লখিমপুৰ, তিনিচুকীয়া, কাৰ্বি আংলং, বিশ্বনাথ আৰু চৰাইদেউ জিলাৰ পৰা অহা আহোম জনগোষ্ঠীৰ দল-সংগঠনৰ প্ৰতিনিধি সকল উপস্থিত থাকে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm
সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd