মন্ত্রী-বিধায়কৰ কথা নুশুনে ৰাইজে; চেলিব্ৰেটি ব্ৰেণ্ড এম্বেছাডৰৰ ওপৰতেই ভৰসা চৰকাৰৰ!

jubeen

বহুতৰে বাবে গা বেজ বেজাই যোৱা কথা যেন লাগিলেও এয়া সঁচা যে বহু মন্ত্ৰী-বিধায়কৰ কথা এতিয়া বিশ্বাসত নোলোৱা হৈছে ৰাইজে।

কালান্তক বানৰ সংহাৰ,ক’ৰ’ণাতংকৰ বাবে সৃষ্টি হোৱা অচলাৱস্থা আদিৰ বাবে ৰাজ্যৰ সাধাৰণ জনতাৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা।

জনতাৰ দুখ প্ৰশমিত কৰাৰ বাবে চৰকাৰে বৰ্তমান পৰিস্থিতিত যেনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল সেয়া পৰা নাই।

তৈল খাদৰ বিস্ফোৰণে সৰ্বস্বান্ত কৰা মানুহৰ খবৰ লবলৈ গৈ,বানাক্ৰান্তৰ খবৰ লবলৈ গৈ,বজাৰত মূল্য বৃদ্ধিৰ বুজ লবলৈ গৈ…আৰু বহু কিবা কিবি কৰিবলৈ গৈ এতিয়া বহু মন্ত্ৰী-বিধায়ক পৰিবলগীয়া হৈছে গণৰোষত।

বাঘজানৰ ঘটনাটোক সাধাৰণ ঘটনা হিচাবে প্ৰমাণ কৰিবলৈ গৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ কম খন লটি-ঘটি হ’ল নে,বজাৰত ক’ত মূল্য বৃদ্ধি হৈছে বুলি প্ৰশ্ন কৰি প্ৰমাণ দিবলৈ কোৱা মন্ত্ৰীকো জনতাই উভতি ধৰাৰ কথা বহুতৰে মনত আছে।

নিৰ্বাচনৰ সময়ত ২৬ লাখ নিৱনুৱাৰ সংস্থাপনৰ কথা কোৱা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ পুৰণি কথা মনত পৰি যাব বুলিয়েই পৰাপক্ষত ২৬ সংখ্যাটো মুখলৈ ননাৰ দৰেই হৈছে। জল সম্পদ বিভাগৰ মন্ত্ৰী গৰাকীকতো বানাক্ৰান্তই একো কব নোৱাৰাই হৈ পৰিছে।

খহনীয়াত সৰ্বস্বান্ত কোনোৱাই কিবা ক’লেই টিঙিচ কৈ খঙটো উঠি যায় জল সম্পদ মন্ত্ৰীৰ,কয়-মই য’লৈকে গৈছো তাতেই কাম হৈছে।অৰ্থাৎ মন্ত্ৰীৰ পদধূলি নপৰা ঠাইত উন্নয়ন আশা কৰি লাভ নাই।ক’ৰ’ণাতংকৰ পিছৰে পৰা বহু মন্ত্ৰী-বিধায়ক অসমতে আছে নে বেলেগ কোনো গ্ৰহলৈ গৈছে তাকে লৈয়ো বহুতৰে সন্দেহ।

কাৰণ দুখৰ দিনতো  বহু মন্ত্ৰী-বিধায়কৰ মুখ দৰ্শনৰ পৰা বঞ্চিত হৈছে জনতা।মন্ত্ৰী যোগেন মোহনৰ মতে আকৌ চৰকাৰৰ টকা আছে,বিষয়াই তথ্য দিয়া নাই বাবেহে বানাক্ৰান্তক সাহায্য দিব পৰা নাই।অৰ্থাৎ চৰকাৰে বানাক্ৰান্তক ঢালি বাকী দিছে টোপ ধৰিহে পৰা নাই।

মন্ত্ৰী যোগেন মোহনৰ কথাৰ পৰা স্পষ্ট হৈছে বহু বিষয়াৰ ওপৰত চৰকাৰৰ নিয়ন্ত্ৰণ নাই।কংগ্ৰেছৰ দীঘলীয়া শাসনৰ কৰ্মকাণ্ডই আমুওৱা ৰাইজে যি পৰিৱৰ্তনৰ আশৰে বৰ্তমানৰ চৰকাৰখনক বহুৱাইছিল সেই পৰিৰ্ৱতন দেখা যোৱা নাই।

সেয়ে বহু মন্ত্ৰী-বিধায়কৰ কথা এতিয়া বিশ্বাসত নোলোৱা হৈছে ৰাইজে।এনে পৰিস্থিতিত ৰাইজে বিশ্বাসত লোৱা জনপ্ৰিয় চেলিব্ৰেটিক চৰকাৰে জনসম্পৰ্ক শক্তিশালী কৰাৰ বাবে নিয়োগ কৰিব বিচাৰিছে।

চৰকাৰৰ এনে কৌশল কিমান ফলৱতী হ’ব সেয়া সময়েহে কব।

জনতা জনাৰ্দনে এতিয়াও চৰকাৰৰ পৰিৱৰ্তনৰ সুমতি হ’ব বুলিয়েই আশা কৰি আছে।