উজনি অসমৰ নাজিৰা আৰু চৰাইদেউত পুনৰ ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হৈছে। বানৰ পানীয়ে বহু পৰিয়ালৰ ঘৰ-দুৱাৰ ক্ষতিগ্ৰস্ত কৰাৰ লগতে কৃষিভূমি বুৰাই পেলাইছে। বহু লোকৰ গৰু-ছাগলীকে ধৰি পশুধন উটি গৈছে। বছৰ বছৰ ধৰি কষ্ট কৰি গঢ়ি তোলা সা-সম্পত্তি আৰু জীৱিকাৰ পথ বহু পৰিয়ালে কেইদিনমানৰ ভিতৰতে হেৰুৱাবলগীয়া হৈছে।
১০ আগষ্টলৈকে অসমত বানত ১০০জন লোকৰ মৃত্যু হোৱা বুলি তথ্য পোহৰলৈ আহিছে। ৭ লাখৰো অধিক লোক বানত ক্ষতিগ্ৰস্ত বা স্থানচ্যুত হৈছে আৰু প্ৰায় ৪৯ হাজাৰ লোক এতিয়াও সাহায্য শিবিৰত আশ্ৰয় লৈ আছে। পৰিস্থিতিৰ ভয়াবহতা ইয়াৰ পৰাই স্পষ্ট।
অৱশ্যে এইবাৰৰ বানত অত্যধিক বৰষুণে পৰিস্থিতি অধিক জটিল কৰি তোলাটো অস্বীকাৰ কৰিব নোৱাৰি। চৰকাৰেও অত্যধিক বৰষুণকেই বানৰ অন্যতম কাৰণ হিচাপে দেখুৱাইছে। কিন্তু অসম এখন বানপ্ৰৱণ ৰাজ্য। সেয়েহে অতিপাত বৰষুণ বা বান সম্পূৰ্ণৰূপে আগজাননীহীন ঘটনা বুলি ক’ব নোৱাৰি। বৰষুণ বন্ধ কৰা চৰকাৰৰ হাতত নাই, কিন্তু বৰষুণৰ ফলত সৃষ্টি হোৱা ক্ষয়-ক্ষতি আৰু মানুহৰ দুৰ্ভোগ কিমানখিনি কমাব পাৰি, সেইটোৱেই এতিয়া মূল প্ৰশ্ন।
বানৰ আৰম্ভণিতে চৰকাৰৰ ফালৰ পৰা চুবুৰীয়া নাগালেণ্ডত হোৱা ঘটনাক ‘ক্লাউডবাৰ্ষ্ট’ বুলি উল্লেখ কৰা হৈছিল। কিন্তু পিছত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ বিষয়াৰ বক্তব্য উদ্ধৃত কৰি প্ৰকাশিত তথ্যত কোৱা হয় যে সেই বৰষুণ কাৰিকৰীভাৱে ক্লাউডবাৰ্ষ্টৰ সংজ্ঞাৰ ভিতৰত নপৰে। এই কথাই অসমৰ বান নিয়ন্ত্ৰণ আৰু আগতীয়া প্ৰস্তুতিক লৈ নতুন প্ৰশ্নৰ সৃষ্টি কৰিছে।
২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনৰ সময়ত বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত ‘ফ্লাড-ফ্ৰী অসম’ অৰ্থাৎ বানমুক্ত অসমৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। ‘মিছন ব্ৰহ্মপুত্ৰ’ৰ জৰিয়তে অসমক বানমুক্ত কৰাৰ কথা কোৱা হৈছিল। এতিয়া ২০২৬ চনৰ নিৰ্বাচনী ইস্তাহাৰতো পুনৰ ‘বানমুক্ত অসম অভিযান’ৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। এইবাৰ বান নিয়ন্ত্ৰণৰ বাবে পাঁচ বছৰত ১৮,০০০ কোটি টকাৰো অধিক ধন ব্যয় কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।
ইয়াতে স্বাভাৱিকভাৱেই এটা ডাঙৰ প্ৰশ্ন উত্থাপন হয়। বিগত বছৰবোৰত বান নিয়ন্ত্ৰণৰ নামত যি বৃহৎ পৰিমাণৰ ধন ব্যয় কৰা হৈছে, সেই ধনৰ ফল ক’ত? বান প্ৰতিৰোধৰ বাবে নিৰ্মাণ কৰা মথাউৰি, নদী খনন, জলসম্পদ ব্যৱস্থাপনা আৰু অন্যান্য প্ৰকল্পই যদি পৰিস্থিতি সলনি কৰিব পৰা নাই, তেন্তে সেইবোৰৰ কাৰ্যকাৰিতা কিমান?
১৮,০০০ কোটি টকাৰ নতুন অভিযান ঘোষণা কৰাটো ডাঙৰ প্ৰতিশ্ৰুতি। কিন্তু কেৱল বৃহৎ বাজেট ঘোষণা কৰিলেই অসম বানমুক্ত নহ’ব। এই ধন ক’ত, কেনেকৈ আৰু কোন প্ৰকল্পত ব্যয় হ’ব, কামৰ মান কেনেকৈ পৰীক্ষা কৰা হ’ব আৰু পূৰ্বৰ বান নিয়ন্ত্ৰণ প্ৰকল্পসমূহ কিমান সফল হৈছে, সেই বিষয়ে স্বচ্ছ হিচাপ জনসাধাৰণৰ সন্মুখত ৰখাটো অতি জৰুৰী।
অসমৰ মানুহে এতিয়া কেৱল প্ৰতিশ্ৰুতি নিবিচাৰে। তেওঁলোকে বিচাৰে বানৰ সময়ত সময়মতে উদ্ধাৰ, পৰ্যাপ্ত সাহায্য, শক্তিশালী মথাউৰি, বিজ্ঞানসন্মত জল ব্যৱস্থাপনা আৰু আগতীয়া সতৰ্কীকৰণ ব্যৱস্থা। বছৰৰ পিছত বছৰ বান আহিব আৰু প্ৰতিবাৰেই নতুন পেকেজ ঘোষণা হ’ব-এই চক্ৰৰ পৰা অসম কেতিয়া ওলাব, সেয়াই এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্ন।
১৮,০০০ কোটি টকাৰ ‘বানমুক্ত অসম অভিযান’ সঁচাকৈয়ে পৰিৱৰ্তনৰ আৰম্ভণি হ’ব নে পুনৰ এটা বৃহৎ চৰকাৰী প্ৰতিশ্ৰুতি হৈ ৰ’ব, তাৰ উত্তৰ সময়েই দিব। কিন্তু তাৰ আগতে বিগত সময়ৰ বান নিয়ন্ত্ৰণৰ ব্যয় আৰু কামৰ ফলাফলৰ সম্পূৰ্ণ হিচাপ জনসাধাৰণৰ আগত প্ৰকাশ কৰাটো চৰকাৰৰ দায়িত্ব।





