NORTHEAST NOW (Assamese)

ই-পেমেন্ট কৰিব পাৰিব আপুনি! অসম চৰকাৰে লৈছে এই সংক্ৰান্তত এক প্ৰস্তাৱ

March 3, 2020 10:33 am · এন ই নাও নিউজ

অসম চৰকাৰে এক প্ৰস্তাৱ গ্ৰহণ কৰিছে।

এই প্ৰস্তাৱ অনুসাৰে ক’ৰ্ট মাচুল, জৰিমনা, মুদ্ৰাঙ্ক শুল্ক আদি ই-পেনেন্টৰ দ্বাৰা লোৱা হ’ব।

অসম চৰকাৰ আইন আৰু ন্যায় বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই সোমবাৰে কয় যে ক’ৰ্ট মাচুল (অসম সংশোধনী) বিধেয়ক ২০২০ খনত এই সম্পৰ্কত প্ৰস্তাৱ লোৱা হৈছে।

অসম বিধান সভাৰ সদনত মন্ত্ৰী ভট্টাচাৰ্যই আৰু কয় যে ই-পেমেন্টৰ জৰিয়তে ক’ৰ্ট মাচুল, জৰিমনা, মুদ্ৰাঙ্ক শুল্ক আদি সংগ্ৰহ কৰাতো পূৰ্বতকৈ সহজ হ’ব। ইয়াৰ দ্বাৰা ইয়াত ঘটি থকা অনিয়মবোৰৰ পৰাও আঁতৰি থাকিব পৰা যাব।

Related News