• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিদ্যালয়ত অসমীয়া ভাষা পঢ়া সকলহে চৰকাৰী চাকৰিৰ বাবে যোগ্য হ’ব; নতুন আইন অনাৰ প্ৰস্তুতি চৰকাৰৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 25, 2020 8:24 pm
HBS

সন্তানৰ সৈতে হিমন্ত বিশ্ব শৰ্মা

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত চাকৰি কৰিব নোৱাৰিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্তানে। কিয়নো অসমৰ দীৰ্ঘকালৰ শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সন্তান পঢ়ে বহিঃৰাজ্যত থকা ভাৰতৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত।

অসমীয়া ভাষাৰ পাঠ্যক্ৰম তেওঁলোকে আজিলৈকে পঢ়া নাই তথা তেওঁলোকে নাজানে অসমীয়া লিখিব। গতিকে অসমত চাকৰি কৰিবলৈ তেওলোক যোগ্য নহয় বুলি জনতা ভৱনত অনুষ্ঠিত সংবাদমেলত মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে।

Apply Now

“অতি সোনকালে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত এটা চৰ্ত বান্ধি দিয়া হ’ব যে তেওঁলোকে অসমীয়া জনাটো বাধ্যতামূলক। অসমীয়া বিষয়টো নপঢ়িলে অনা অসমীয়া যুৱক-যুৱতীয়ে চাকৰি ল’ব নোৱাৰিব। মোৰ ল’ৰা-ছোৱালীৰো পাঠ্যক্ৰমত অসমীয়া বিষয় নাই কাৰণ তেওঁলোকে বাহিৰত পঢ়ি আছে। তেওঁলোকে কেতিয়াও অসমত চাকৰি কৰিব নোৱাৰিব। অসমীয়া হ’লেও নোৱাৰিব,” মন্ত্ৰী হিমন্ত বিশ্ব শর্মাই সংবাদমেলত কয়।

ইপিনে, চলিত বৰ্ষৰ ভিতৰতে অসমীয়া বিষয় বা ভাষা জনাটো বাধ্যতামূলক কৰিবলৈ চৰকাৰে এখন আইন প্ৰণয়ন কৰিব বুলিও মন্ত্ৰী গৰাকীয়ে সংবাদমেলত ঘোষণা কৰে।

তেওঁ কয় ‘এই বছৰৰ ভিতৰতে এখন আইন আনিব গৈ আছো মেট্ৰিক বা দশম শ্ৰেণীত যদি MIL ত অসমীয়া বিষয় নাথাকে তেন্তে তেওঁলোকে ভৱিষ্যতে চৰকাৰী চাকৰি নাপাব। সেয়েহে আমাৰ ল’ৰা-ছোৱালীয়েও যদি ডন বস্ক’ত পঢ়ে মাধ্যম ইংৰাজী হ’লেও এটা বিষয় অসমীয়া হোৱাটো জৰুৰী হ’ব।’

তদুপৰি, আই.এছ বিষয়াসকল অসমলৈ আহিলে তেওঁলোকে বাধ্যতামূলকভাৱে অসমীয়া ভাষা লিখিব আৰু পঢ়িব শিকি ল’ব লাগে বুলি উল্লেখ কৰি হিমন্তই লগতে কয় ‘অথচ মোৰ ল’ৰাই এতিয়া অসমীয়া লিখিব নোৱাৰিব। ক’ব জানে কিন্তু সি লিখিব নাজানে। সেয়েহে আমি এইবাৰ এই আইনখন আৰম্ভ কৰিম।’

অৱশ্যে, এই আইনৰ আওতাৰ পৰা বৰাক উপত্যকা, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলক বাদ দিয়া হ’ব বুলি মন্তব্য কৰি তেওঁ কয় ‘আন অঞ্চলত কোনোবাই যদি হিন্দী স্কুল কৰিছে, আন কোনোবাই যদি ইংৰাজী বিদ্যালয় খুলিছে কোনোবাই যদি গুজৰাটী বিদ্যালয় কৰিছে তেন্তে তেওঁলোকে অসমীয়া বিষয়টো বাধ্যতামূলকভাৱে পঢ়াবই লাগিব। আইন সকলোৰে বাবে সমান হ’ব ইয়াৰ পৰা কোনো আঁতৰিব নোৱাৰে।‘

তাৎপয্যপূৰ্ণভাৱে হোজাই আৰু লামডিঙত থকা ল’ৰা-ছোৱালীয়েও অসমীয়া বিষয় পঢ়াটো বাধ্যতামূলক হ’ব বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd