NORTHEAST NOW (Assamese)

‘ভিলেজ ৰকষ্টাৰ্ছ’লৈ পুনৰ ৫০ লাখ টকাৰ অনুদান ঘোষণা অসম চৰকাৰৰ

September 28, 2018 10:54 pm · এন ই নাও নিউজ

অস্কাৰৰ বিদেশী ভাষা চলচ্চিত্ৰৰ শিতানত প্ৰতিদ্বন্দিতাৰ বাবে নিৰ্বাচিত হোৱা ‘ভিলেজ ৰকষ্টাৰ্ছ’ৰ পৰিচালক ৰীমা দাসৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই অসম চৰকাৰে তেওঁলৈ পুনৰ ৫০ লাখ টকা সাহায্যৰ ঘোষণা কৰে।

চলচ্চিত্ৰখনৰ প্ৰমোচনৰ বাবে তেওঁলৈ এই সাহায্য আগবঢ়োৱা হৈছে। ইয়াৰ পূৰ্বে যোৱা ২৫ ছেপ্তেম্বৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অনুষ্ঠিত কেবিনেট বৈঠক চৰকাৰে তেওঁক ৫০ লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়াব বুলি ঘোষণা কৰিছিল।

উল্লেখযোগ্য যে যোৱা ২৭ ছেপ্তেম্বৰত গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদমেল সম্বোধন কৰি ৰীমা দাসে ভিলেজ ৰক্‌ষ্টাৰ্ছৰ অস্কাৰ প্ৰম’শ্যনৰ বাবে প্ৰায় ৩ কোটি টকাৰ প্ৰয়োজন হোৱাৰ কথা ব্যক্ত কৰিছিল। ইয়াতে ৰীমাই অসম চৰকাৰে পুৰ্বতে ঘোষণা কৰা ৫০ লাখ টকাৰ সাহায্য প্ৰদান কৰিবলৈ লোৱা সিদ্ধান্তত সন্তোষ প্ৰকাশ কৰে।

ইয়াৰ পিছতে অসম চৰকাৰে আজি তেওঁলৈ ৫০ লাখ টকা সাহায্যৰে মুঠ ১ কোটি টকাৰ অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে।

Related News