• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত আজিলৈকে ২ কোটি পালি ক’ভিড প্ৰতিষেধক প্ৰদান

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 11, 2021 9:34 pm
Covid
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ভিড প্ৰতিষেধকৰে ৰাজ্যবাসীক ক’ভিড সুৰক্ষা কবচ প্ৰদানৰ দিশত ৰাজ্য চৰকাৰে অব্যাহত ৰখা অভিযানে আজি এক উল্লেখনীয় সফলতা লাভ কৰিবলৈ সক্ষম হয় বুলি দাবী ৰাজ্যৰ স্বাস্থ্য বিভাগৰ।

ৰাজ্যবাসীৰ মাজত ২ কোটি পালি ক’ভিড প্ৰতিষেধক প্ৰদানৰ সীমা আজি অতিক্ৰম কৰে বুলিও কয় তেওঁলোকে।

Apply Now

তেওঁলোকৰ মতে ক’ভিড প্ৰতিষেধক অভিযানৰ অধীনত অসমত আজি সন্ধিয়ালৈকে মুঠ ২,০০,০২,৬৫৯ পালি ক’ভিড প্ৰতিষেধক দিবলৈ সক্ষম হৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগ।

ভাৰত চৰকাৰৰ ক’উইন এপ (cowin.gov.in)ত শনিবাৰে সন্ধিয়ালৈ পঞ্জীয়ন হোৱা তথ্য অনুসৰি এতিয়ালৈকে অসমত ১,৬৩,৩১,৯৮৭ গৰাকী লোকক প্ৰথম পালি আৰু ৩৬,৭০,৬৬৯ গৰাকী লোকক দ্বিতীয় পালি ক’ভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে।

উল্লেখ্য যে, দেশৰ অন্য ৰাজ্যৰ লগতে অসমতো যোৱা ১৬ জানুৱাৰীত ক’ভিড প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ হোৱাৰ পাছত যোৱা ২৭ জুলাইত ১ কোটি পালি প্ৰতিষেধক প্ৰদানৰ সফলতা অৰ্জন কৰিবলৈ হৈছিল ৰাজ্যৰ স্বাস্থ্য বিভাগ।

আনহাতে, যোৱা ২৮ জুলাইৰ পৰা আজিলৈকে মাথো ৪৬ দিনৰ ভিতৰতে এক কোটি লোকক ক’ভিড প্ৰতিষেধক প্ৰদানত সফলতাৰে মুঠ ২ কোটি পালি প্ৰতিষেধকৰ সীমাও অতিক্রম কৰিলে বিভাগটোৱে।

এই সফলতাৰ বাবে ৰাজ্যবাসীক অভিনন্দন জনোৱাৰ লগতে এএনএম তথা স্বাস্থ্যকৰ্মীসকলক স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ধন্যবাদ জনাইছে।

স্বাস্থ্যমন্ত্ৰী মহন্তই আজি ৰাজ্যবাসীলৈ এক বাৰ্তা প্ৰেৰণ কৰি কয় “মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দিক্-দৰ্শনত ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে ৰাজ্যবাসীক ক’ভিড অতিমাৰীৰ পৰা সুৰক্ষিত কৰিবলৈ চলাই থকা ক’ভিড প্ৰতিষেধক অভিযানে আজি আন এক মহত্বপূৰ্ণ সফলতা লাভ কৰিলে। ৰাজ্যবাসীৰ ব্যাপক সঁহাৰিৰ বাবেই অসমে ২ কোটি পালি ক’ভিড প্ৰতিষেধক প্ৰদানৰ সীমা অতিক্ৰম কৰিবলৈ সক্ষম হৈছে।”

ৰাজ্যবাসীৰ মাজত ক’ভিড প্ৰতিষেধক প্ৰদানত মূল ভূমিকা লোৱা প্ৰতিগৰাকী এএনএম তথা স্বাস্থ্যকৰ্মী, আশাকৰ্মী, গাঁওবুঢ়া, স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰীসকললৈ ইয়াৰ বাবে চৰকাৰৰ তৰফৰ পৰা বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰে কেশৱ মহন্তই।

“জিলাসমূহত এই ক’ভিড প্ৰতিষেধক অভিযান সুনিয়াৰিকৈ তদাৰক কৰাৰ বাবে জিলা প্ৰশাসনসমূহলৈও ধন্যবাদ জনাইছো।”

১৮ বছৰৰ ঊৰ্দ্ধৰ সকলোৰে বাবে বিনামূলীয়া ক’ভিড প্ৰতিষেধক প্ৰদানৰ সুবিধা আগবঢ়োৱাৰ লগতে অসমলৈ বিশেষ উদ্যোগ লৈ ক’ভিড প্ৰতিষেধক প্ৰেৰণৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মন্দাভিয়াৰ প্ৰতি স্বাস্থ্যমন্ত্ৰী মহন্তই ৰাজ্যবাসীৰ হৈ বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰে।

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে ১৮ বছৰৰ ঊৰ্দ্ধৰ সকলোৰে বাবে বিনামূলীয়া প্ৰতিষেধক মুকলিৰ সিদ্ধান্ত লোৱাৰ পাছতে ৰাজ্যৰ স্বাস্থ্য বিভাগে অসমত যোৱা ২১ জুনৰ পৰা ক’ভিড প্ৰতিষেধক অভিযান জোৰদাৰ কৰি তোলে।

সেইমতে, ৰাজ্যত আৰম্ভণিৰ পৰা আজিলৈকে স্বাস্থ্যকৰ্মীসকলৰ মাজত মুঠ ৩,৯৫,৬৩৪ পালি, আৰক্ষীসহ ফ্ৰণ্টলাইন ৱৰ্কাৰৰ মাজত মুঠ ৮,১১,৯২৯ পালি, ১৮ বছৰৰ ঊৰ্দ্ধৰ পৰা ৪৫ বছৰৰ অনূৰ্দ্ধৰ মাজত ১,০৯,১৯,৫৫৩ পালি, ৪৫ বছৰৰ পৰা ৬০ বছৰ অনূৰ্দ্ধৰ লোকৰ মাজত ৫৩,৩১,০০২ পালি আৰু ৬০ বছৰৰ ঊৰ্দ্ধৰ লোকৰ মাজত ২৫,৪৪,৯১৯ পালি ক’ভিড প্ৰতিষেধক প্ৰদান কৰিছে স্বাস্থ্য বিভাগে।

ইফালে, অহা ১৩ ছেপ্তেম্বৰৰ পৰা ৰাজ্যত দৈনিক গড়ে ৪ লাখগৰাকীকৈ লোকক ক’ভিড প্ৰতিষেধক প্ৰদানৰ লগতে কেইবাখনো জিলাত ভ্ৰাম্যমান ক’ভিড প্ৰতিষেধক প্ৰদান ভানৰ জৰিয়তে চুবুৰীয়ে চুবুৰীয়ে গৈ ৰাইজক প্ৰতিষেধক দিয়াৰ বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে।

ৰাজ্যৰ ১৮ বছৰৰ ঊৰ্দ্ধৰ সকলো লোককে অক্টোবৰৰ ১৫ তাৰিখৰ পূৰ্বেই প্ৰথম পালি ক’ভিড প্ৰতিষেধক দি সম্পূৰ্ণ কৰিব পৰা যাব বুলিও বিভাগটোৱে আশা কৰিছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd