• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰ’না চিকিৎসাক লৈ একাংশই অপপ্ৰচাৰ চলাইছে, ই সম্পূৰ্ণ ৰাজনৈতিক: হিমন্ত বিশ্ব শৰ্মা

ক’ভিড টেষ্টৰ নিগেটিভ, পজিটিভ বিসংগতিক বাতৰি কাকত, টেলিভিছনৰ বানান ভুলৰ লগত তুলনা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 5, 2020 6:41 pm
HBS press meet
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে কয় যে ৰাজ্যত কৰ’না চিকিৎসাক লৈ একাংশই অপপ্ৰচাৰ চলাইছে আৰু ই সম্পূৰ্ণ ৰাজনৈতিক।

তেওঁ কয় যে পজিটিভ ৰোগীক নিগেটিভ আৰু নিগেটিভক পজিটিভ কৰা হৈছে বুলি এচামে প্ৰচাৰ চলাই আছে।

Apply Now

“ইমানখিনি কাম কৰোতে কোনোবাখিনিত ডাটা এণ্ট্ৰি কৰাত ভুল হ’ব পাৰে। কিন্তু এনে পৰিস্থিতিত তেনে সৰু সৰু ভুলবোৰক লৈ কৰা অধিক প্ৰচাৰে ক্ষতিহে কৰিব,” ৰাজ্যত বৰ্তমানলৈকে ৪ লাখতকৈ অধিক লোকৰ ক’ভিড টেষ্ট কৰা হৈছে বুলি সদৰী কৰি শৰ্মাই কয়।

“অত্যন্ত দুখৰে কওঁ এইবিলাক প্ৰচাৰৰ বাবে মানুহ পৰীক্ষা কৰাবলৈ হস্পিতাললৈ নহা হ’ব।”

শেহতীয়াকৈ কৰ’নাৰ পজিটিভ, নিগেটিভ ৰিজাল্টক লৈ বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন হৈ আহিছিল। তদুপৰি ছ’চিয়েল মিডিয়াত ইয়াক লৈ সৰৱ চৰ্চা চলিছিল।

ক’ভিড টেষ্টৰ ক্ষেত্ৰত হোৱা ভুলক বাতৰি কাকত আৰু টেলিভিছনত হোৱা বানানৰ ভুলৰ দৰে বুলি তেওঁ মন্তব্য কৰে।

“কাৰোবাৰ বাতৰি কাকতৰ বানান ভুল নহয় জানো, টেলিভিছন স্ক্ৰীনত ভুল নহয় জানো? যিকেইটা টেলিভিছনে ভাবিছে অপপ্ৰচাৰৰ পৰা টি আৰ পি ল’ম তেওঁলোকৰ মালিক-কৰ্মচাৰীৰো কৰ’না হৈ যাব পাৰে,” তেওঁ কয়।

স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে বৰ্তমানলৈ ৰাজ্যৰ ভিন্ন স্থানত কৰা ক’ভিড টেষ্টত কিমানটা ভুল হৈছে সেই তথ্য সংবাদমেলত দাঙি ধৰে।

তেওঁ জনোৱা মতে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হস্পিটেলত ২৬,৭০৮গৰাকী লোকৰ টেষ্ট কৰা হৈছে। ইয়াৰ ভিতৰত তিনিটা ৰিপ’ৰ্ট ভুলকৈ ওলাইছিল।

জে এম চি এইচত ৮৯,৫০৮গৰাকী লোকক কৰা হৈছে ক’ভিড টেষ্ট। ইয়াৰ ভিতৰত এটা ৰিপ’ৰ্ট ভুলকৈ ওলাইছিল।

জি এম ছি এইচত ৭৭ হাজাৰ টেষ্টৰ ভিতৰত ৪০টা ভুলকৈ ওলাইছিল।

শিলচৰ মেডিকেল কলেজ হস্পিটেলত ৩৮,১২৫গৰাকী লোকক টেষ্ট কৰা হৈছে। ইয়াৰ ভিতৰত এটাও ৰিজাল্ট ভুলকৈ অহা নাই।

তেজপুৰ মেডিকেল কলেজ হস্পিটেলত ৪১,১০৭গৰাকী লোকক টেষ্ট কৰা হৈছে। ইয়াৰ ভিতৰত এটা ৰিপৰ্ট ভুলকৈ ওলাইছিল।

বৰপেটা মেডিকেল কলেজ হস্পিটেলত ৫১,৪৪৯গৰাকী লোকক টেষ্ট কৰা হৈছে। ইয়াৰ ভিতৰত এটাও ৰিজাল্ট ভুলকৈ অহা নাই।

লাহোৱালত ৩৮,৬৪২গৰাকী লোকক কৰা হৈছে টেষ্ট। ইয়াৰ ভিতৰত তিনিটা ৰিপ’ৰ্ট ভুলকৈ ওলাইছিল।

ডিফুত ৮,০০০গৰাকী লোকক টেষ্ট কৰা হৈছে। ইয়াৰ ভিতৰত তিনিটা ৰিপ’ৰ্ট ভুলকৈ ওলাইছিল।

অপপ্ৰচাৰত বিশ্বাস কৰিব নালাগে বুলি জনসাধাৰণক আহ্বান জনাই তেওঁ কয়, “মহানগৰবাসীয়ে ভয় খাব নালাগে, এইবোৰ ৰাজনৈতিক। এনেধৰণৰ চমকপ্ৰদ আৰু অবিস্মৰণীয় মানৱ সেৱা কোনেও কৰিব নোৱাৰে।”

ইপিনে, বৰ্তমান আই চি ইউত থকা ৰোগীৰ সংখ্যা দাঙি ধৰি তেওঁ কয়, “জিএমচিএইচৰ আইচিইউত ২৫গৰাকী, এমএমচিত ৫গৰাকী, এছএমচিত ৫গৰাকী, ডিব্ৰুগড়ত ২গৰাকী, যোৰহাটত ১গৰাকী আৰু বৰপেটাত এগৰাকী লোক আছে।”

ইয়াৰোপৰি, অক্সিজেন আৰু ভেণ্টিলেটৰতো ২০ৰো অধিক লোক আছে বুলি তেওঁ কয়।

তেওঁ জনোৱা অনুসৰি ভেণ্টিলেশ্যন নোহোৱাকৈ আইচিইউত আছে ৩২গৰাকী ৰোগী।

অক্সিজেন লৈ আছে ১৫গৰাকী লোক।

তেওঁ লগতে জনাই যে যোৱা দহ দিনত কামৰূপ মেট্ৰত সৰ্বাধিক ২৭৪১গৰাকী লোক আক্ৰান্ত হৈছে।

আনহাতে লক্ষণ নাথাকিলে ক’ভিড ৰোগীক ঘৰতে কুৱাৰেণ্টিন কৰি ৰাখিব পাৰিব বুলি থকা আই চি এম আৰৰ নিয়ম অসমত মনা নহয় বুলি তেওঁ প্ৰকাশ কৰে।

“ICMRৰ নিয়ম আমি নামানো। কোনো ৰোগীক হ’ম কুৱাৰেন্টাইন কৰিলে কাষৰ বা লগৰ আবাসিকসকলে যি হুলস্থূল লগাব, সেইটো কণ্ট্ৰ’ল কৰা মোৰ দ্বাৰা সম্ভৱ নহ’ব। ইয়াৰোপৰি, লেট্ৰিন, বাথৰুম ব্যৱহাৰৰ ক্ষেত্ৰতো অসুবিধা হ’ব,” তেওঁ কয়।

Tags: COVID-19
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

September 28, 2026 9:34 pm
ইউপিআই লেনদেনত মাচুল দিলে প্ৰকৃততে কোন লাভৱান হ’ব? কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

ইউপিআই লেনদেনত মাচুল দিলে প্ৰকৃততে কোন লাভৱান হ’ব? কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

September 28, 2026 9:07 pm
ছ’চিয়েল মিডিয়াত একাউণ্ট খোলাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ বাৰ্তা, নাবালকে কৰিব নোৱাৰে কোনো আইনী চুক্তি

ছ’চিয়েল মিডিয়াত একাউণ্ট খোলাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ বাৰ্তা, নাবালকে কৰিব নোৱাৰে কোনো আইনী চুক্তি

September 28, 2026 7:39 pm
আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

September 28, 2026 6:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

September 28, 2026 9:34 pm
ইউপিআই লেনদেনত মাচুল দিলে প্ৰকৃততে কোন লাভৱান হ’ব? কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

ইউপিআই লেনদেনত মাচুল দিলে প্ৰকৃততে কোন লাভৱান হ’ব? কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

September 28, 2026 9:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd