• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ৰাজ্যত ক’ৰ’নাক্ৰান্তৰ বৃদ্ধি পোৱাৰ মাজতে এক অতি ভাল খবৰ দিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

টুইটাৰযোগে খবৰটো জনালে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , June 1, 2020 6:40 pm

2 min read

index

শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

50.5k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত অপ্ৰতিৰোধ্য ক’ৰ’নাৰ সংক্ৰমণ। কিন্তু তাৰ মাজতে আজিৰ দিনটোত আহিছে এক ভাল খবৰ।

আজিৰ দিনটোত ৰাজ্যত ক’ৰ’ণামুক্ত হৈছে ৯২ গৰাকী লোক।

ইয়াৰে ২২ গৰাকী মহেন্দ্ৰ মোহন চৌধুৰী হাস্পাতালৰ পৰা, ৪৬ গৰাকী কালাপাহাৰ জিলা যক্ষ্মা চিকিৎসালয়ৰ পৰা, তেজপুৰ মেডিকেল কলেজৰ পৰা ১৩ গৰাকী, যোৰহাট মেডিকেল কলেজৰ পৰা ৭ গৰাকী, বৰপেটা মেডিকেল কলেজৰ পৰা দুগৰাকী, শিলচৰ মেডিকেল কলেজৰ পৰা এগৰাকী আৰু অসম মেডিকেল কলেজ হস্পিতালৰ পৰা এগৰাকী ৰোগীক মুক্তি দিয়া হৈছে।

লোককেইগৰাকীক দুবাৰকৈ টেষ্ট কৰি নিগেটিভ ওলোৱাত তেওঁলোকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয়।

টুইটাৰযোগে এই কথা জনাইছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

? Discharge Alert

9⃣2⃣ patients have been discharged today after they tested negative for #COVID twice.

Kalapahar 46; MMCH 22; TMC 13; JMCH 07; FAAMCH 02; SMCH 01; AMCH 01

?Total Discharged Patients – 277
?Active Patients – 1106

Update 4:55 PM/June 1#AssamCovidCount pic.twitter.com/lznSRSnuYt

— Himanta Biswa Sarma (@himantabiswa) June 1, 2020

যোৱা ২৪ ঘণ্টাৰ ভিতৰত ১১৪ গৰাকী ৰোগী ক’ৰ’নামুক্ত হৈছে।

কালিও ২২ গৰাকী ৰোগী ক’ৰ’নামুক্ত হৈ ঘৰলৈ উভতিছিল।

যোৱা ৩০ মে’ ত ৩৮ গৰাকী লোকক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছিল।

২৯ মেত মুঠ ২৮ গৰাকী ৰোগীক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছিল।

২৮ মে’ত ১৬ গৰাকী লোকক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছিল।

কালিৰ পৰা আজিলৈকে ১১৪ গৰাকী ৰোগীক মুক্তি দিয়াৰ ফলত ৰাজ্যত ১১০৬ লৈ হ্ৰাস পালে ক’ৰ’না আক্ৰান্তৰ সংখ্যা। ৰাজ্যত এতিয়ালৈকে ২৭৭ গৰাকী লোক ক’ৰ’না মুক্ত হৈছে।

যোৱা ২৭ মেত ৰাজ্যত ২৫ গৰাকী লোকক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছিল।

যোৱা ২৩ মে’ত দন্ত চিকিৎসক ডঃ দীপা ডেকা সুস্থ হৈ উঠাৰ বাবে তেওঁক GMCH ৰ পৰা মুক্তি দিয়া হৈছিল। তেওঁৰ লগতে অন্য এগৰাকী মহিলা ৰোগীকো মুক্তি দিয়া হৈছিল GMCH ৰ পৰা।

উল্লেখযোগ্য যে, যোৱা ২০ মে’ত GMCH ৰ কণিষ্ঠ চিকিৎসক ডঃ লিথিকেশ সুস্থ হৈ উঠিছিল আৰু তেওঁ পুনৰ কোভিড-১৯ ৰোগীৰ চিকিৎসাত নিজকে নিয়োগ কৰিছিল।

ৰাজ্যত আজিৰ দিনটোত বৰ্তমানলৈকে ২৯ গৰাকী লোক এই কোভিড-১৯+ ত আক্ৰান্ত হোৱাত তথা ৰোগীৰ সংখ্যা ১৩৯০ লৈ বৃদ্ধি পোৱাত সকলো আতংকিত হৈ আছে যদিও ২৪ ঘণ্টাত ১১৪ গৰাকীকৈ ৰোগী ক’ৰ’নামুক্ত হোৱাটোৱে কিছু পৰিমাণে সুখৰ বাৰ্তা কঢ়িয়াই আনিছে।

Tags: COVID-19

Recent News

সকলো লোককে দিয়া হ’ব বিনামূলীয়া কোভিড ভেকচিন; এইখন ৰাজ্যৰ কেবিনেটত প্ৰস্তাৱ গ্ৰহণ

বহু কেইখন দেশলৈ কোভিড ভেকচিনেৰে সহায় ভাৰতৰ; আমেৰিকাৰ উচ্চ প্ৰশংসা

জাকাই ইক' কেম্প

পৰ্যটন ক্ষেত্ৰত ন-সংযোজন ৰাঙলু পাহাৰগুৰিৰ জাকাই ইক’ কেম্প; পৰ্যটকক আদৰিবলৈ সাজু

ৱেষ্ট ইণ্ডিজক হৰুৱাই এদিনীয়া শৃংখলাত বাংলাদেশৰ শ্ৰেষ্ঠত্ব

ৱেষ্ট ইণ্ডিজক হৰুৱাই এদিনীয়া শৃংখলাত বাংলাদেশৰ শ্ৰেষ্ঠত্ব

WhatsApp Image 2021-01-23 at 11.48.57 AM

ৰাহানেৰ মহানুভৱতা! কেংগাৰুৰ প্ৰতিকৃতি থকাৰ বাবেই নাকাটিলে কেক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd