আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতে অসম হাইমাদ্ৰাছা শিক্ষান্ত পৰীক্ষাৰ ফলাফলো ঘোষণা কৰা হৈছে।
এইবাৰ হাইমাদ্ৰাছা শিক্ষান্ত পৰীক্ষাৰ মুঠ শিক্ষাৰ্থীৰ সংখ্যা আছিল ১১,২৪৫ গৰাকী। ইয়াৰে ৫,৭,২১ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে। উত্তীৰ্ণৰ হাৰ- ৫৪.৭৩ শতাংশ।
হাইমাদ্ৰাছা শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান দখল কৰিছে-
মুফাছিৰ আল হাচান, আল কৌচেৰ মডেল একাডেমী, শোণিতপুৰ
সৰ্বমুঠ নম্বৰ- ৫৫৬
দ্বিতীয় স্থান দখল কৰিছে-
১। চাদিকা আহমেদ, ঢকুৱা হাইমাদ্ৰাছা, বৰপেটা
২। মোস্তাক আহমেদ, পীৰাধাৰা হাইমাদ্ৰাছা, বঙাইগাঁও
সৰ্বমুঠ নম্বৰ- ৫৫০
তৃতীয় স্থান দখল কৰিছে-
১। মিচ চেহনাজ পাৰবীন, দৌলতপুৰ মাদ্ৰাছা উঃ মাঃ বিদ্যালয়, লখিমপুৰ
২। ঈৰচাদুল্লাহ, বৰঘূলি হাইমাদ্ৰাছা, নগাঁও
সৰ্বমুঠ নম্বৰ- ৫৪৯