NORTHEAST NOW (Assamese)

ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষা-২০২৫ৰ ফলাফল; উত্তীৰ্ণৰ হাৰ ৬৩.৯৮ শতাংশ, শীৰ্ষত কোন?

April 11, 2025 10:57 am · এন ই নাও নিউজ, গুৱাহাটী

আজি ঘোষণা কৰা হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। পুৱা ১০-৩০ বজাত ঘোষণা কৰা হয় ফলাফল।

পৰীক্ষাত অৱতীৰ্ণ হোৱা ৪,২৯,৪৪৮ লাখ ছাত্ৰ-ছাত্ৰীৰ ভিতৰত মুঠ ২,৭০,৪৭১ গৰাকী পৰীক্ষাৰ্থীয়ে সফলতাৰে উত্তীৰ্ণ হৈছে। উত্তীৰ্ণৰ ৬৩.৯৮শতাংশ।

অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ১,৮৭,৭৫২ গৰাকী ছাত্ৰ আৰু ২,৩৪,৯৮৫ গৰাকী ছাত্ৰী।

উত্তীৰ্ণৰ ক্ষেত্ৰত ছাত্ৰৰ হাৰ ৬৭.৫৯ শতাংশৰ বিপৰীতে ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৬১.০৯ শতাংশ।

ফলাফল অনুসৰি প্ৰথম বিভাগত  ৮৯,০৪১ জন ছাত্ৰ-ছাত্ৰী, দ্বিতীয় বিভাগত ১,৩৫,৫৬৮ জন ছাত্ৰ-ছাত্ৰী আৰু তৃতীয় বিভাগত ৪৫,৮৬২ জন ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে।

আনহাতে, ৮৫.৫৫ শতাংশ উত্তীৰ্ণেৰে শিৱসাগৰ জিলা শীৰ্ষত থকাৰ বিপৰীতে ৪৭.৯৬ শতাংশ উত্তীৰ্ণৰ হাৰেৰে শ্ৰীভূমি জিলা একেবাৰে নিম্ন স্থানত আছে।

ইপিনে, ৰাজ্যৰ ভিতৰত তিনিটা শীৰ্ষ স্থানত প্ৰথম স্থান লাভ কৰিছে যোৰহাটৰ প্ৰাজ্ঞ একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰী আমিশি শইকীয়াই। তেওঁ মুঠ নম্বৰ লাভ কৰিছে ৫৯১ (৯৮.৫০ শতাংশ)।

দ্বিতীয় স্থান লাভ কৰিছে নুনমাটি অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰ সপ্তৰ্ষ বৰদলৈয়ে। তেওঁ মুঠ নম্বৰ লাভ কৰিছে ৫৯০ (৯৮.৩৩ শতাংশ)।

তৃতীয় স্থান লাভ কৰিছে যোৰহাটৰ প্ৰাজ্ঞ একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ অনিৰ্বান বৰগোহাঁইয়ে। তেওঁ মুঠ নম্বৰ লাভ কৰিছে ৫৮৯ (৯৮.১৭ শতাংশ)।

উল্লেখ্য যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ৯৪৪টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছিল এই পৰীক্ষা।

১৫ ফেব্ৰুৱাৰীৰ পৰা ৬ মাৰ্চলৈ অনুষ্ঠিত হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা। ১৪টা ৱেবছাইটৰ জৰিয়তে প্ৰকাশ কৰা হৈছে এই পৰীক্ষাৰ ফলাফলসমূহ।

Related News