NORTHEAST NOW (Assamese)

প্ৰকাশ পালে মেট্ৰিকৰ সময়সূচী; ১৪ ফেব্ৰুৱাৰিৰ পৰা পৰীক্ষা আৰম্ভ

December 20, 2018 3:22 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

অহা বৰ্ষৰ ১৪ ফেব্ৰুৱাৰিৰ পৰা আৰম্ভ হ’ব ৰাজ্যৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা। অসম মাধ্যমিক শিক্ষা পৰিষদে আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী প্ৰকাশ কৰিছে।

এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা ১৪ ফেব্ৰুৱাৰিৰ পৰা ২ মাৰ্চলৈকে অনুষ্ঠিত হ’ব।

পৰীক্ষাৰ সম্পূৰ্ণ তালিকাখন তলত দিয়া হৈছে-

১৪ ফেব্ৰুৱাৰি আগবেলা ইংৰাজী

১৬ ফেব্ৰুৱাৰি আগবেলা অসমীয়া ঐচ্ছিক

১৮ ফেব্ৰুৱাৰি সোমবাৰ সমাজ বিজ্ঞান

২২ ফেব্ৰুৱাৰি আগবেলা সাধাৰণ গণিত

২৩ ফেব্ৰুৱাৰি আগবেলা সুকুমাৰ কলা

২৩ ফেব্ৰুৱাৰি পিছবেলা সংগীত, নৃত্য

২৫ ফেব্ৰুৱাৰি আগবেলা সাধাৰণ বিজ্ঞান

২৬ ফেব্ৰুৱাৰি আগবেলা এম আই এল/ ইংৰাজী (আই এল)

২৮ ফেব্ৰুৱাৰি আগবেলা হিন্দী (ঐচ্ছিক)/ আৰৱী সাহিত্য

১ মাৰ্চ আগবেলা মণিপুৰী/বড়ো/সানন্থালী (ঐচ্ছিক)

২ মাৰ্চ আগবেলা বুৰঞ্জী, ভূগোল, কম্পিউটাৰ বিজ্ঞান, উচ্চ গণিত, সংস্কৃত, আৰবী, গাৰ্হস্থ্য বিজ্ঞান, নেপালী, বেংগলী (ঐচ্ছিক)

উল্লেখযোগ্য যে এইবাৰ ছেবাই প্ৰত্যেকটো পৰীক্ষাকেন্দ্ৰতে চি চি টি ভিৰ ভিজুৱেল স্পষ্ট হোৱাটো বাধ্যতামূলক কৰিছে অন্যথা তেনে পৰীক্ষা কেন্দ্ৰ কৰ্তন কৰা হ’ব বুলি সকীয়াই দিছে।

তদুপৰি উত্তৰ বহীত বাৰক’ডৰ ব্যৱস্থা কৰাৰ লগতে উত্তৰবহী মূল্যায়নৰ ক্ষেত্ৰতো ছেবাই কেইবাটাও নতুন তথা গুৰুত্বপূৰ্ণ সংযোজন ঘটাইছে।

এইবাৰ মেট্ৰিক পৰীক্ষাত পৰীক্ষাৰ্থীসকলে ক’লা চিয়াঁহী ব্যৱহাৰ কৰাৰ লগতে পৰীক্ষাত পৰীক্ষাৰ্থীসকলে অতিৰিক্ত বহী ল’লে নিৰীক্ষকে সম্পূৰ্ণ বিৱৰণ লিখিব লাগিব। ইয়াৰ উপৰি গণিত আৰি উচ্চ গণিতৰ উত্তৰ বহীত ৰোলিঙৰ ব্যৱস্থা নাথাকিব।

জানিব পৰা মতে মুঠ ৮৫৭ টা পৰীক্ষাকেন্দ্ৰত অনুষ্ঠিত হ’ব লগীয়া এইবাৰৰ মেট্ৰিক পৰীক্ষাত  অৱতীৰ্ণ হ’ব লগীয়া পৰীক্ষাৰ্থীৰ সংখ্যা হৈছে ৩ লাখ ৫৩ হাজাৰ।

পৰীক্ষাৰ সম্পূৰ্ণ সময়সূচী

Related News