এতিয়াও পলাতক কলাইগাঁৱৰ ঘটনাৰ তান্ত্ৰিক ৰমেশ চহৰীয়া

অন্ধ বিশ্বাসৰ কবলত পৰি শনিবাৰে ওদালগুৰি জিলাৰ কলাইগাঁৱৰ যাদৱ চন্দ্ৰ চহৰীয়া নামৰ বিজ্ঞান শিক্ষকজনৰ পৰিয়ালে সংঘটিত কৰা ঘটনাৰ ২৪ ঘন্টা পাৰ হৈ গ’ল। কিন্তু এতিয়াও কৰায়ত্ব হোৱা নাই এই ঘটনাৰ বাবে প্ৰৰোচিত কৰা বুলি সন্দেহ কৰা তান্ত্ৰিক ৰমেশ চহৰীয়া ওৰফে ৰমেশ বাবা।

ৰমেশ চহৰীয়াৰ ঘৰ দৰং জিলাৰ বানেইকুছিত। লোকজনে যোৱা প্ৰায় তিনি বছৰ ধৰি শিক্ষক যাদৱ চন্দ্ৰ চহৰীয়াৰ ঘৰত পূজা-পাতল আৰু তন্ত্ৰ-মন্ত্ৰ চলাই আহিছিল। ওদালগুৰি আৰক্ষীয়ে তান্ত্ৰিকজনক বিচাৰি অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

তান্ত্ৰিকগৰাকীৰ নিৰ্দেশতেই উচ্চ-শিক্ষিত যাদৱ চন্দ্ৰ চহৰীয়াৰ পৰিয়ালটোৱে বিগত দিনসমূহত ঘৰত পূজা-পাতল আদি কৰি আহিছিল বুলি স্থানীয় লোকে জানিবলৈ দিছে। স্থানীয় লোকসকলে কৰা দাবী অনুসৰি শনিবাৰেও তেওঁৰ কথামতেই  পৰিয়ালটোৱে ঘৰ, বাহন, আৰু আচবাব জ্বলাই দিয়াৰ উপৰি উলংগ হৈ পূজা কৰাৰ লগতে খুলখালিয়েকৰ সন্তানক বলি দিয়াৰ চেষ্টা চলাইছিল।

উল্লেখযোগ্য যে, কিছু বছৰৰ পূৰ্বে যাদৱ চন্দ্ৰ চহৰীয়াৰ কন্যাই ঘৰতে আত্মহত্যা কৰিছিল। তাৰ পাছৰে পৰা মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছিল তেওঁৰ পত্নীয়ে। বহু চিকিৎসাৰ পাছতো সুস্থ হৈ নুঠাত পৰিয়ালটো উক্ত তান্ত্ৰিকজনৰ কাষ চাপিছিল।

তেতিয়াৰ পৰাই ৰমেশ চহৰীয়াই পৰিয়ালটোক বিভিন্ন পৰামৰ্শ আগবঢ়াই আহিছে। যাৰ পৰিণতিত কালি উক্ত ভয়ংকৰ ঘটনাটো সংঘটিত হ’ল। কালি পৰিস্থিতিয়ে এনে ৰূপ ধৰিছিল যে নিৰাপত্তাৰক্ষীৰ বাহিনীয়ে পাঁচ ঘন্টাজোৰা অভিযানৰ অন্তত গুলিচালনা কৰিহে পৰিয়ালটোক কাবু কৰিব পাৰিছিল। ইপিনে, গুলিচালনাত আহত হোৱা শিক্ষকজনৰ পুত্ৰ পুলকেশ চহৰীয়াই মৃত্যুক আঁকোৱালি ল’বলগীয়া হ’ল।

এতিয়া পলাতক ৰমেশ চহৰীয়া ওৰফে ৰমেশ বাবাক প্ৰেপ্তাৰ কৰিব পাৰিলেহে হয়তো আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত অধিক তথ্য লাভ কৰিবলৈ সক্ষম হ’ব।