NORTHEAST NOW (Assamese)

শিক্ষাৰ্থী সমাজৰ ব্যাপক প্ৰতিবাদ : দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিলে গুৱাহাটী আই আই টিৰ সঞ্চালকে

September 11, 2024 3:06 pm · এন ই নাও নিউজ

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীত এগৰাকী ছাত্ৰৰ মৃত্যুক কেন্দ্ৰ কৰি শিক্ষাৰ্থী সমাজে গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে পদৰ পৰা পদত্যাগ কৰিছে প্ৰতিষ্ঠানটোৰ ডীন(সঞ্চালক) কাণ্ডুৰু ভি কৃষ্ণই।

জানিব পৰা মতে আই আই টি-দিল্লীৰ প্ৰাক্তন ছাত্ৰ কাণ্ডুৰু ভি কৃষ্ণ।  এই শিক্ষাবিদগৰাকীয়ে ২০০৬ চনত দিল্লী আই আই টিত পি এইচ ডি কৰিছিল।

উল্লেখ্য যে প্ৰতিষ্ঠানটোৱে ছাত্ৰ ছাত্ৰীৰ সুৰক্ষাতকৈ ‘গ্ৰেড’ক অধিক গুৰুত্ব প্ৰদান কৰা বুলি অভিযোগ উত্থাপন কৰি প্ৰতিবাদত নামিছিল প্ৰায় পাঁচ হাজাৰ ছাত্ৰ-ছাত্ৰী।

কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক বিভাগৰ তৃতীয় বৰ্ষৰ ছাত্ৰ বিমলেশ কুমাৰৰ মৃতদেহ ব্ৰহ্মপুত্ৰ হোষ্টেলৰ নিজৰ কোঠাত উদ্ধাৰ হোৱাৰ পিছতেই এই অভিযোগ উত্থাপন হৈছিল। লগতে সঞ্চালকৰ পদত্যাগৰো দাবী উত্থাপন কৰিছিল ছাত্ৰ-ছাত্ৰীসকলে।

ছাত্ৰ-ছাত্ৰীসকলে দাবী কৰে যে যোৱা শীতকালত প্ৰয়োজনীয় উপস্থিতিৰ পূৰণ কৰিব নোৱাৰাৰ বাবে বিহিত ব্যৱস্থা তথা শাস্তিৰ সন্মুখীন হৈছিল কেইবাগৰাকীও শিক্ষাৰ্থী। তাৰ ভিতৰত আছিল মৃত্যু হোৱা বিমলেশ কুমাৰ। শ্ৰেণীত উপস্থিতি কমকৈ থকাৰ বাবে ইণ্টাৰ্নশ্বিপ কৰাত ছাত্ৰগৰাকীক বাধা আৰোপ কৰা হৈছিল। যাৰ ফলত তেওঁ আত্মহননৰ পথ বাচি লয় বুলি অভিযোগ উত্থাপন কৰিছে।

ছাত্ৰ-ছাত্ৰী সকলে দাবী কৰে যে কৰ্তৃপক্ষই আই আই টি-গুৱাহাটী হাস্পতালে প্ৰদান কৰা মেডিকেল চাৰ্টিফিকেট পৰীক্ষা কৰিবলৈ অস্বীকাৰ কৰাৰ ফলত অসংখ্য ছাত্ৰ-ছাত্ৰীয়ে এনে শাস্তিৰ সন্মুখীন হৈছে।  তেওঁলোকে আৰু অভিযোগ কৰে যে কৰ্তৃপক্ষই ছুটী প্ৰদানৰ ক্ষেত্ৰত অনমনীয়তা অৱলম্বন কৰিছে। আনকি যেতিয়া ছাত্ৰ-ছাত্ৰীসকলে বৈধ চিকিৎসা প্ৰমাণপত্ৰ দাখিল কৰিছিল।

ছাত্ৰ-ছাত্ৰীসকলে দাবী কৰে যে তেওঁলোকৰ ছুটীৰ অনুৰোধ হয় আওকাণ কৰা হৈছিল নহয় অৰ্থহীন প্ৰত্যাখ্যানৰ সন্মুখীন হৈছিল।

Related News