• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰত বিৰোধী পাকিস্তান সমৰ্থক আমেৰিকান নেতা ইলহান ওমৰৰ সৈতে ৰাহুল গান্ধী! বিজেপিৰ তীব্ৰ সমালোচনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 11, 2024 3:16 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকা ভ্ৰমণলৈ যোৱা বিৰোধী নেতা ৰাহুল গান্ধীক পুনৰ লক্ষ্য কৰি লৈছে বিজেপিয়ে। পাকিস্তান দখল কৰা কাশ্মীৰ পাকিস্তানৰ অংশ আৰু তীব্ৰ ভাৰত বিৰোধী বুলি দাবী কৰা আমেৰিকাৰ কংগ্ৰেছৰ ডেম’ক্ৰেটিক সদস্য ইলহান ওমৰৰ সৈতে ৰাহুলৰ বৈঠকত সমালোচনাত্মক হৈ পৰিছে বিজেপি। বুধবাৰে পুৱা বিজেপিৰ আই টি চেলৰ মুৰব্বী অমিত মালব্যই এক সাক্ষাৎকাৰত কংগ্ৰেছৰ সাংসদ ৰাহুলক গৰিহণা দিয়ে।

মালব্যই অভিযোগ কৰে যে ৰাহুল গান্ধী পাকিস্তানী সমৰ্থিত ভাৰত বিৰোধী আমেৰিকা নেতা ইলহান ওমৰৰ সৈতে যোগাযোগত আছিল। আমেৰিকাত অনুষ্ঠিত হোৱা এক অনুষ্ঠানতো দুয়োকে একেলগে দেখা গৈছিল। অমিতৰ মতে, ভাৰতৰ বিৰোধী নেতা ৰাহুল গান্ধীয়ে ইলহান ওমৰক আমেৰিকাত সাক্ষাৎ কৰিছিল। ওমৰ হৈছে পাকিস্তানী সমৰ্থিত ভাৰত বিৰোধী কণ্ঠ। তেওঁ এজন উগ্ৰ ইছলামিক আৰু আজাদ কাশ্মীৰৰ সমৰ্থক। কেৱল সেয়াই নহয়, ওমৰৰ বিৰুদ্ধে হামাছক সমৰ্থন কৰাক লৈও দেশত বিতৰ্কৰ সৃষ্টি হৈছে।

অমিতে আৰু অভিযোগ কৰে যে পাকিস্তানী নেতাসকলেও শেহতীয়াকৈ উগ্ৰপন্থীৰ সৈতে গোপন বুজাবুজি কৰাৰ ক্ষেত্ৰত সতৰ্কতাৰে ভৰি দিছে। তাত কংগ্ৰেছে ভাৰতৰ বিৰুদ্ধে কাম কৰি আছে। প্ৰসংগক্ৰমে ইলহান ওমৰক লৈ হোৱা বিতৰ্ক নতুন নহয়। আমেৰিকাৰ কংগ্ৰেছৰ ডেম’ক্ৰেটিক সদস্য ইলহান মিনেছ’টাৰ পৰা কংগ্ৰেছৰ সদস্য। ১৯৯১ চনত ছোমালিয়াৰ গৃহযুদ্ধৰ সময়ত তেওঁ পৰিয়ালসহ পলায়ন কৰে। চাৰি বছৰ কেনিয়াৰ শৰণাৰ্থী শিবিৰত কটায়। তাৰ পৰা ১৯৯৫ চনত তেওঁ আমেৰিকালৈ গুচি যায়।

Apply Now

তেওঁ আমেৰিকাৰ কংগ্ৰেছৰ প্ৰথমজন ছোমালি-আমেৰিকান সদস্য। তেওঁ বিভিন্ন সময়ত ভাৰত বিৰোধী আৰু পাক সমৰ্থক মন্তব্যৰ বাবে বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ আহিছে। ২০২২ চনত পাকিস্তান দখলত থকা কাশ্মীৰলৈ অহাৰ সময়ত তেওঁক তীব্ৰ নিন্দা আৰু সমালোচনা কৰা হৈছিল। ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত ৰিপাব্লিকান নিয়ন্ত্ৰিত কংগ্ৰেছৰ বৈদেশিক পৰিক্ৰমা সমিতিৰ পৰা ইলহানক অপসাৰণ কৰা হয়। তেওঁৰ বিৰুদ্ধে ইজৰাইল বিৰোধী আৰু ইহুদী বিৰোধী মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছিল।

২০২২ চনৰ জুন মাহত আমেৰিকাৰ হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছতো ওমৰে এটা প্ৰস্তাৱ উত্থাপন কৰিছিল। য’ত তেওঁ ভাৰতত মানৱ অধিকাৰ উলংঘা আৰু ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ উলংঘাৰ অভিযোগ উত্থাপন কৰে। তাত তেওঁ দেশখনে মুছলমান, খ্ৰীষ্টান, শিখ, দলিত, জনজাতীয় আৰু অন্যান্য ধৰ্মীয় আৰু সাংস্কৃতিক সংখ্যালঘুৰ অধিকাৰ খৰ্ব কৰাৰ অভিযোগ উত্থাপন কৰি প্ৰস্তাৱ দাখিল কৰে। ওমৰৰ সৈতে একেলগে ৰাহুলৰ ছবি ভাইৰেল হোৱাৰ পিছৰে পৰা বিজেপিয়ে তীব্ৰ সমালোচনা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd