• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

চলিত বৰ্ষত জি এম চি এইচত জাপানীজ এনকেফেলাইটিছত ৪ জনৰ প্ৰাণহানি আৰু ২৩ জনৰো অধিক লোক একিউট এনকেফেলাইটিছ ছীন্দ্ৰমত আক্ৰান্ত। সৰ্বাধিক আক্ৰান্ত কামৰূপ গ্ৰাম্য জিলাৰ হোৱাৰ বিপৰীতে স্পৰ্শকাতৰ অঞ্চলসমূহত মহ নিয়ন্ত্ৰণৰ ব্যৱস্থা তীব্ৰতৰ কৰিবলৈ স্থানীয় ৰাইজৰ দাবী।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 13, 2026 6:42 pm
50
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত পুনৰ প্ৰাদুৰ্ভাৱ ঘটিছে জাপানীজ এনকেফেলাইটিছ ৰোগৰ। চলিত বৰ্ষত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত এই ৰোগত আক্ৰান্ত হৈ ইতিমধ্যে চাৰিজন লোকৰ মৃত্যু হৈছে। ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা এই ৰোগত আক্ৰান্ত ৰোগীৰ খবৰ অহাৰ সময়তে চিকিৎসালয়খনৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই জানিবলৈ দিয়া মতে, যোৱা এপ্ৰিল মাহৰ পৰা এতিয়ালৈকে মুঠ ১১ জন জাপানীজ এনকেফেলাইটিছ ৰোগী চিকিৎসালয়খনত ভৰ্তি হৈছে।

অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি শুকুৰবাৰলৈকে চিকিৎসালয়খনত চাৰিজন ৰোগীৰ মৃত্যু হোৱাৰ বিপৰীতে আন তিনিজন ৰোগী সুস্থ হৈ ঘৰলৈ উভতিছে। বৰ্তমান দুজন শিশু আৰু দুজন প্ৰাপ্তবয়স্ককে ধৰি মুঠ চাৰিজন ৰোগী চিকিৎসাধীন হৈ আছে। এই ৰোগীসকলৰ চিকিৎসাৰ বাবে চিকিৎসালয়খনৰ চৰ্যা কক্ষত প্ৰাপ্তবয়স্ক ৰোগীৰ বাবে এটা সুকীয়া ৱাৰ্ড স্থাপন কৰা হৈছে আৰু শিশু দুগৰাকীৰ চিকিৎসা শিশু ৰোগ বিভাগত চলি আছে।

Apply Now

চলিত বৰ্ষত চিকিৎসালয়খনত ভৰ্তি হোৱা ৰোগীসকলৰ ভিতৰত সৰ্বাধিক আক্ৰান্ত কামৰূপ জিলাৰ। ডাঃ শৰ্মাই উল্লেখ কৰা অনুসৰি ১১ জন ৰোগীৰ ভিতৰত ৬ জনেই কামৰূপ গ্ৰাম্য জিলাৰ, বিশেষকৈ ছয়গাঁও, জ্যোতিখুচি আৰু মিৰ্জা অঞ্চলৰ। ইয়াৰ উপৰি দৰং, মঙলদৈ আৰু মৰিগাঁৱৰ পৰাও একোগৰাকীকৈ ৰোগী চিকিৎসালয়খনলৈ আহিছে।

কামৰূপ মহানগৰ জিলাৰ পৰা চলিত বৰ্ষত কেৱল এজন ৰোগী চিকিৎসাধীন হৈছিল আৰু পানীখাইতীৰ গান্ধীনগৰৰ নিবাসী নৰ বাহাদুৰ ছেত্ৰী নামৰ এই ৰোগীগৰাকীৰ শুকুৰবাৰে নিশা মৃত্যু ঘটে।

ৰোগী গৰাকীৰ মৃত্যুৰ পাছতে চন্দ্ৰপুৰ-পানীখাইতী অঞ্চলত তীব্ৰ শংকাৰ সৃষ্টি হৈছে আৰু স্থানীয় ৰাইজে মহৰ উপদ্ৰৱ বৃদ্ধি পোৱা বুলি অভিযোগ কৰিছে। অঞ্চলটোৰ এজন স্থানীয় বাসিন্দাই প্ৰকাশ কৰা মতে, ৰোগী ধৰা পৰাৰ পাছত কেৱল এবাৰহে ফগিং কৰা হৈছিল আৰু তাৰ পাছত প্ৰশাসনে কোনো পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰা নাই। স্থানীয় ৰাইজে সেয়েহে স্পৰ্শকাতৰ অঞ্চলসমূহত মহ নিয়ন্ত্ৰণৰ ব্যৱস্থা তীব্ৰতৰ কৰিবলৈ দাবী জনাইছে।

জাপানীজ এনকেফেলাইটিছৰ সমান্তৰালভাৱে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত বৰ্তমান ২৩ ৰ পৰা ২৪ জন ৰোগী একিউট এনকেফেলাইটিছ ছীন্দ্ৰমত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে বুলি চিকিত্সালয় কৰ্তৃপক্ষই জনাইছে। উল্লেখ্য যে, কিউলেক্স মহৰ দ্বাৰা সংক্ৰমিত হোৱা জাপানীজ এনকেফেলাইটিছ ভাইৰাছে মগজুৰ প্ৰদাহৰ সৃষ্টি কৰে আৰু শিশু তথা ৰোগ প্ৰতিৰোধ ক্ষমতা কম থকা লোকৰ বাবে ই মাৰাত্মক হ‘ব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

October 3, 2026 1:43 pm
অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

October 3, 2026 10:10 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

October 3, 2026 1:43 pm
অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd