NORTHEAST NOW (Assamese)

পৰ্যটকৰ বাবে অসমৰ কেইটামান বিশেষ পৰ্যটনস্থলী : প্ৰকাশ কৰিলে দ্য নিউয়ৰ্ক টাইমছে

January 8, 2025 12:17 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

উত্তৰ-পূব ভাৰতৰ দুৱাৰমুখ হিচাপে পৰিচিত অসমৰ কেইটামান পৰ্যটনস্থলী প্ৰকাশ কৰিছে দ্য নিউয়ৰ্ক টাইমছে। আহোম বংশৰ প্ৰাচীন সমাধিস্থল চৰাইদেউ মৈদামক ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰাৰ পিছতে এই তালিকাত নাম সোমাল চৰাইদেউ মৈদামৰ।

ইয়াৰ লগতে অসমৰ বিখ্যাত চাহ বাগিচা আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক এই তালিকাত ৰাখিছে সংবাদ সংস্থাটোৱে।

নিউয়ৰ্ক টাইমছত অসমক ম্যানমাৰ আৰু বাংলাদেশৰ ওচৰৰ পাহাৰীয়া ৰাজ্য বুলি বৰ্ণনা কৰা হৈছে। অসমৰ সুকীয়া সংস্কৃতি আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ কথাও উল্লেখ কৰিছে কাকতখনে।

২০২৫ বৰ্ষটোত এই কেইটা পৰ্যটনস্থলীত বিশ্বৰ বিভিন্ন দেশৰ পৰ্যটকে ভিৰ কৰিব বুলি আশা প্ৰকাশ কৰিছে দ্য নিউয়ৰ্ক টাইমছে।

Related News