Ranji Trophy 2024: বিস্ফোৰক বেটিঙেৰে ৩০ বলতে অৰ্ধশতক ৰিয়ান পৰাগৰ; ৰঞ্জীত পুনৰ পৰাস্ত অসম

অধিনায়কে বেটেৰে অকলেই যুঁজিছে। বাকীসকলৰ অৱদান তেনেই নগণ্য। ফলত বৰ্তমানৰ ৰঞ্জী ট্ৰফীত অসমে বাৰে বাৰে প্ৰতিপক্ষৰ ওচৰত হাৰ মানিব লগা হৈছে। ছত্তীশগড়ৰ বিৰুদ্ধে ৰঞ্জীৰ প্রথমখন খেলত ফ’ল’ অনত পোনপটীয়াকৈ পৰাস্ত হয় অসম৷ কেৰালাৰ বিৰুদ্ধে দ্বিতীয়খন মেচতো ফ’ল’ অ’নৰ লজ্জাৰ পৰা অসম সাৰি যাব নোৱাৰিলে৷ যদিও কেনেবাকৈ মেচখন ড্ৰ কৰি ১ পইণ্ট সংগ্ৰহ কৰে। এতিয়া অন্ধ্রৰ বিৰুদ্ধে তৃতীয়খন মেচতো অসমে পুনৰ পৰাজয়ৰ সন্মুখীন হ’ল৷

লক্ষণীয়ভাৱে অসমৰ অধিনায়ক ৰিয়ান পৰাগে তিনিওখন মেচতে ব্যক্তিগত প্রদর্শনেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে৷ ৰিয়ানৰ সফলতা সত্ত্বেও অসমৰ পৰাজয়ে ক্ৰিকেটৰ দৰে দলীয় ক্ৰীড়াত সকলোৰে অৱদান কিয় গুৰুত্বপূৰ্ণ সেই কথাকে প্ৰতীয়মান কৰে।

ছত্তীশগড়ৰ বিৰুদ্ধে প্ৰথমখন খেলৰ দ্বিতীয় ইনিংছত ৰিয়ানে ১১টা চাৰি আৰু ১২টা ছয়ৰে বিধ্বংসী ইনিংছ খেলি ৮৭টা বলত ১৫৫ ৰান সংগ্ৰহ কৰি আউট হয়। পিছত কেৰালাৰ বিৰুদ্ধে দ্বিতীয়খন খেলৰ প্ৰথম ইনিংছত ৰিয়ানে ১১৬ ৰান সংগ্ৰহ কৰে। ১২৫টা বলৰ আক্ৰমণাত্মক ইনিংছটোত তেওঁ ১৬টা চাৰি আৰু ৩টা ছয় মাৰে। এইবাৰ অন্ধ্ৰৰ বিৰুদ্ধে তৃতীয়খন খেলৰ দ্বিতীয় ইনিংছত ৰিয়ানে এক বিস্ফোৰক অৰ্ধশতক অৰ্জন কৰে।

লগতে পঢ়কঃ ৰাম ৰাজ্যত নিষিদ্ধ ন্যায়! অসমত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক লৈ শংকিত বিজেপি

ৰিয়ানে ৫টা চাৰি আৰু ২টা ছয়ৰ সহায়ত মাত্ৰ ৩০টা বলত নিজৰ ব্যক্তিগত অৰ্ধশতক সম্পূৰ্ণ কৰে। অৱশেষত তেওঁ ব্যক্তিগত ৭৫ ৰান কৰি আউট হৈ খেলপথাৰ এৰিলে। বিস্ফোৰক ৫৪ বলৰ ইনিংছটোত ৰিয়ানে ৫টা চাৰি আৰু ৫টা ছয় মাৰে।

অৱশেষত অসমে ১৭২ ৰানৰ বৃহৎ ব্যৱধানত পৰাস্ত হয়। ডিব্ৰুগড়ত প্ৰথমে বেটিং কৰি অন্ধ্ৰই প্ৰথম ইনিংছত ১৮৮ ৰান সংগ্ৰহ কৰি অল আউট হৈছিল। বেট কৰিবলৈ নামি অসমে প্ৰথম ইনিংছত ১৬০ ৰান সংগ্ৰহ কৰে। অৰ্থাৎ প্ৰথম ইনিংছত অসম ২৮ ৰান পিছ পৰি ৰয় ।

দ্বিতীয় ইনিংছত অন্ধ্ৰ প্ৰদেশে ৩৩৪ ৰান সংগ্ৰহ কৰে। সেয়ে, অসমে প্ৰথম ইনিংছৰ ২৮ ৰাণৰ সৈতে অন্তিম ইনিংছত ৩৬৩ ৰানৰ লক্ষ্যৰ সন্মুখীন হয়। অসমে অন্তিম ইনিংছত ১৯০ ৰান সংগ্ৰহ কৰি অল আউট হৈছিল। অন্তিম দিনটোত জয়ী হ’বলৈ অসমক প্ৰয়োজন হৈছিল ২৮২ ৰানৰ। হাতত ৫টা উইকেট আছিল। অৱশ্যে চতুৰ্থ দিনটোত ১০৯ ৰান সংগ্ৰহ কৰি অসমে শেষৰ ৫টা উইকেট হেৰুৱাইছিল।

লগতে পঢ়কঃ নগাঁৱৰ বটদ্ৰৱা থানত প্ৰৱেশত বাধা ৰাহুল গান্ধীক; নগাঁৱত ধৰ্ণাত বহিল কংগ্ৰেছ নেতাগৰাকী

অন্ধ্ৰক নেতৃত্ব দিয়া ৰিকি ভূইয়ে প্ৰথম ইনিংছত ২৪ ৰান আৰু দ্বিতীয় ইনিংছত ১২৫ ৰানৰ দুৰ্দান্ত ইনিংছৰ বাবে মেন অৱ দ্য মেচৰ সন্মান লাভ কৰে।