NORTHEAST NOW (Assamese)

বঞ্চিত পত্নী, ক্ষোভিত ভৰত! কংগ্ৰেছ ত্যাগ ভৰত নৰহৰ

March 25, 2024 4:24 pm · এন ই নাও নিউজ, গুৱাহাটী

লোকসভা নির্বাচনৰ প্ৰাকক্ষণত কংগ্রেছ শিবিৰত লাগিছে আন এক আঘাত। এইবাৰ দল ত্যাগ কৰিছে জ্যেষ্ঠ নেতা ভৰত নৰহে।

আাজি কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি ভৰত চন্দ্ৰ নৰহে দলৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰে।

লক্ষণীয়ভাৱে শেহতীয়াকৈ নাওবৈচাৰ বিধায়কজনে দলৰ মিডিয়া চেলৰ অধ্যক্ষ হিচাপে পদত্যাগ কৰিছিল৷

পত্নী ৰাণী নৰহক লোকসভা নিৰ্বাচনৰ বাবে লখিমপুৰ সমষ্টিৰ পৰা দলে প্ৰাৰ্থীত্ব নিদিয়াত ক্ষোভিত হৈ ভৰত নৰত নৰহে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি চৰ্চা চলিছে।

উল্লেখ্য যে কংগ্ৰেছে লখিমপুৰ লোকসভা সমষ্টিত ৰাণী নৰহৰ পৰিৱৰ্তে শেহতীয়াকৈ বিজেপিৰ পৰা কংগ্ৰেছত যোগদান কৰা উদয় শংকৰ হাজৰিকাক প্ৰাৰ্থীত্ব আগবঢ়াইছে।

Related News