• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

খনন আইন লংঘন অসম চৰকাৰৰ! উচ্ছেদ অভিযানৰ বাবে এমএমডিআৰআৰ পুঁজিৰ অপব্যৱহাৰ

মহেশ ডেকা by মহেশ ডেকা
October 26, 2025 5:15 pm
31
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰৰ এগৰাকী জ্যেষ্ঠ বিষয়াৰ বিৰুদ্ধে খনি আৰু খনিজ উন্নয়ন, পুনৰুদ্ধাৰ আৰু পুনৰ্বাসন পুঁজি (এমএমডিআৰআৰ)ৰ পৰা অবৈধভাৱে ৬.১২ কোটি টকাৰ অধিক ধনৰাশি উলিওৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। এই কাণ্ডই অসমত চলি থকা খনন আইনৰ প্ৰকাশ্য উলংঘনৰ লগতে আৰ্থিক অনিয়মক উদ্ভাসিত কৰিছে।

সূত্ৰ অনুসৰি, উচ্ছেদ অভিযানৰ নামত এমএমডিআৰআৰ পুঁজিৰ পৰা ৬.১২ কোটি টকা অবৈধভাৱে উলিওৱা হৈছে। আৰু এই ধনৰাশি গোলাঘাট আৰু গোৱালপাৰাৰ বন সংমণ্ডলৰ উচ্ছেদ অভিযানৰ বাবে ব্যৱহাৰ কৰা হৈছে। বিশেষভাৱে, গোলাঘাটৰ বাবে ৫ কোটি টকা কাছাৰ বন সংমণ্ডলৰ এমএমডিআৰআৰ পুঁজিৰ পৰা আৰু গোৱালপাৰাৰ বাবে ১.১২ কোটি টকা সংশ্লিষ্ট সংমণ্ডলৰ পুঁজিৰ পৰা উলিওৱা হৈছে।

Apply Now

এজন শীৰ্ষ বিষয়াৰ নিৰ্দেশত গ্ৰহণ কৰা এনে পদক্ষেপে বাধ্যতামূলক খনন নিয়ম আৰু আৰ্থিক ব্যৱস্থাৰ প্ৰকাশ্য উলংঘাক লৈ বিভাগীয় পৰ্যায়ত তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে নৰ্থইষ্ট নাওৰ হাতত উপলব্ধ ২০২৩ চনৰ ২২ আগষ্টত অনুষ্ঠিত সভাৰ কাৰ্যবিৱৰণৰ প্ৰতিলিপি অনুসৰি এমএমডিআৰআৰ পুঁজিৰ স্থানান্তৰৰ সিদ্ধান্ত এই উচ্চস্তৰীয় বৈঠকত লোৱা হৈছিল। উক্ত বৈঠকত অসম পৰিৱেশ, বন আৰু জলবায়ু পৰিৱর্তন বিভাগৰ বিশেষ মুখ্য সচিব এম.কে. যাদৱে গোলাঘাট আৰু গোৱালপাৰা বন সংমণ্ডলত উচ্ছেদ অভিযান চলাবলৈ মুঠ ৬.১২ কোটি টকা মুকলি কৰাৰ অনুমতি প্ৰদান কৰিছিল।

এম.কে. যাদৱৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অনুসৰি, তেওঁ এমএমডিআৰআৰ পুঁজিৰ ধন অবৈধভাৱে ব্যৱহাৰ কৰিছিল। সূত্ৰ অনুসৰি গোলাঘাটৰ উচ্ছেদ অভিযানৰ কাৰণে ৫ কোটি টকা কাছাৰ বন সংমণ্ডলৰ এমএমডিআৰআৰ পুঁজিৰ পৰা লোৱা হয় আৰু গোৱালপাৰাৰ উচ্ছেদ অভিযানৰ কাৰণে ১.১২ কোটি টকা তেওঁৰ নিজ সংমণ্ডলৰ এমএমডিআৰআৰ তহবিলৰ পৰা উলিয়াইছিল।

নিয়ম অনুসৰি, এই একাউণ্টসমূহ পৰিচালনাৰ দায়িত্ব সংশ্লিষ্ট বন বিভাগৰ ডিভিছনেল ফৰেস্ট অফিচাৰ (DFO)সকলৰ। বিভাগৰ কেইবাজনো ক্ষেত্ৰীয় বিষয়াই এই কাৰ্যক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে।

তেওঁলোকে লগতে উল্লেখ কৰে যে ৰাজ্য চৰকাৰৰ ৰাজহুৱা একাউণ্টৰ পৰা এতিয়া ধন উলিওৱা বা স্থানান্তৰ কৰিবলৈ সাধাৰণতে ৰাজ্য বিধানসভাৰ অনুমোদনৰ আৱশ্যক হয়, আৰু এইক্ষেত্ৰত সেই বিধিসমূহ উপেক্ষা কৰা বুলি অভিযোগ উত্থাপিত হৈছে।

এমএমডিআৰআৰ পুঁজিৰ আইনী কাঠামো

এমএমডিআৰআৰ পুঁজি ভাৰতৰ খনি আৰু খনিজ (উন্নয়ন আৰু নিয়ন্ত্ৰণ) আইন, ১৯৫৭ (এমএমডিআৰ আইন)ৰ অধীনত নিয়ন্ত্ৰিত। এই আইনৰ ১৫(১)(i) ধাৰা অনুসৰি ৰাজ্য চৰকাৰে খননৰ ফলত ক্ষতিগ্ৰস্ত পৰিৱেশ পুনৰুদ্ধাৰ আৰু পুনৰ্বাসনৰ বাবে নিয়ম প্ৰণয়ন কৰিব পাৰে। অসম চৰকাৰে অসম গৌণ খনিজ ৰেহাই নিয়ম, ২০১৩ৰ অধীনত এই পুঁজি স্থাপন কৰিছে, য’ত খনিজ ৰেহাইধাৰীৰ পৰা লাভ কৰা ৰয়েল্টিৰ ১০ শতাংশ জমা কৰা হয়।

৫৮ নং নিয়ম অনুসৰি এই পুঁজিৰ লক্ষ্য হৈছে খনন প্ৰভাৱিত অঞ্চলৰ পুনৰুদ্ধাৰ, পৰিৱেশ সংৰক্ষণ, আন্তঃগাঁথনি উন্নয়ন আৰু শিক্ষা-প্ৰশিক্ষণৰ ব্যৱস্থা কৰা। পৰ্যবেক্ষকসকলৰ মতে, এই নিৰ্দিষ্ট উদ্দেশ্যৰ বাহিৰে অন্য কোনো কামত এই পুঁজি ব্যৱহাৰৰ কোনো আইনী ব্যৱস্থা নাই।

এম.কে. যাদৱৰ বিতৰ্কিত ইতিহাস

অভিযুক্ত বিষয়া এম.কে. যাদৱৰ বিৰুদ্ধে পূৰ্বেও আৰ্থিক অনিয়মৰ অভিযোগ উত্থাপিত হৈছিল। ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ বাবে কাজিৰঙা টাইগাৰ কনজাৰ্ভেশ্যন ফাউণ্ডেশ্যনৰ ধন অপব্যৱহাৰৰ অভিযোগত তেওঁক পদৰ পৰা অপসাৰণ কৰা হৈছিল। ইয়াৰ উপৰিও সংৰক্ষিত বনাঞ্চলৰ ভূমিৰ অপব্যৱহাৰ আৰু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ উলংঘাৰ অভিযোগত কেন্দ্ৰীয় চৰকাৰে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল।

শেহতীয়াকৈ তেওঁ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ প্ৰত্যক্ষভাৱে উলংঘা কৰি তিনিটা প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ বাবে অধিসূচনা বাতিল কৰাৰ নিৰ্দেশ জাৰি কৰিছে।

মহেশ ডেকা

মহেশ ডেকা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

June 26, 2026 9:13 pm
যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

June 26, 2026 9:07 pm
চিচিটিভি ঢাকি শৌচালয়ত লুকুৱাই থোৱা হৈছিল দানৰ কোটি কোটি টকা : কেনেকৈ চুৰি  হৈছিল ৰাম মন্দিৰত?

চিচিটিভি ঢাকি শৌচালয়ত লুকুৱাই থোৱা হৈছিল দানৰ কোটি কোটি টকা : কেনেকৈ চুৰি  হৈছিল ৰাম মন্দিৰত?

June 26, 2026 8:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

June 26, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd