• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বানপানী আৰু গৰাখহনীয়াক যুটীয়াভাৱে ৰাষ্ট্ৰীয় সমস্যা ঘোষণাৰ দাবী তুলিলে সাংসদ প্ৰদ্যুত বৰদলৈয়ে

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , July 3, 2019 10:22 pm

2 min read

Pradyut_Bordoloi1

প্ৰদ্যুত বৰদলৈ। উৎস-ইণ্টাৰনেট

2.4k
VIEWS
Share on FacebookShare on Twitter

মঙলবাৰে কয়লা কেলেংকাৰীৰ প্ৰসংগ উত্থাপনেৰে সংসদৰ মজিয়া উত্তাল কৰি তোলা নগাঁৱৰ নৱ নিৰ্বাচিত সাংসদ প্ৰদ্যুত বৰদলৈয়ে বুধবাৰে সংসদৰ মজিয়াত উত্থাপন কৰে বানপানী আৰু গৰাখহনীয়াৰ প্ৰসংগ। নিজৰ বক্তব্যৰ সময়ত অসমৰ দীৰ্ঘদিনীয়া দুটাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে গণ্য কৰি স্থায়ী সমাধানৰ প্ৰসংগ উল্লেখ কৰে বৰদলৈয়ে।

‘আজি মই সংসদৰ মজিয়াত ক‘লো যে অসমৰ বানপানী তাহানিৰ পৰাই হয়, এই দুই সপ্তাহ ধৰিও হৈ আছে। এই বানপানী কেইদিনমানৰ পাচত শুকাই যাব, থৈ যাব এলানি ধ্বংসলীলা, পিচে গোটেই বছৰ ধৰি চলি থাকিব নদীৰ পাৰ ভঙা কাৰ্য্য।

এতিয়া কেন্দ্ৰীয় চৰকাৰে বানপানীৰ লগতে গড়াখহনীয়াক এটা যুটীয়া সমস্যা হিচাবে যদি ৰাষ্ট্ৰীয় দায়বদ্ধতাৰে নিৰ্মূল কৰাৰ চেষ্টা নকৰে তেন্তে অসমে অকলে এই সমস্যাৰ সমাধান কান্ধ পাতি ল‘ব নোৱাৰে।‘ নিজৰ ভাষণৰ এটা ভিডিঅ’ আপল’ড কৰি ফেইচবুক পেইজত এইদৰে লিখিছে সাংসদ প্ৰদ্যুত বৰদলৈয়ে।

তদুপৰি, ‘গৰাখহনীয়া কেৱল এক দুর্যোগে নহয়।‘ এইদৰে ভাষণ প্ৰসংগত উল্লেখ কৰি বৰদলৈয়ে কয়  ‘ব্ৰহ্মপুত্ৰৰ পানীৰ তলৰ সোঁত বৰ শক্তিশালী আৰু ই বহু জোৰে পাৰ সমূহত খুন্দা মাৰে। তেতিয়াই পানী বাগৰি আহি কাষৰীয়া অঞ্চলত বানপানীৰ সৃষ্টি কৰে। এয়া ৰোধ কৰাৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰৰ।‘

আনহাতে, চৰকাৰে নতুনকৈ নামকৰণ কৰা জলশক্তি বিভাগক অনুৰোধ জনাই বৰদলৈয়ে কয় ‘এহাতে চুবুৰীয়া ৰাষ্ট্ৰ চীন, ভুটান আৰু বাংলাদেশক অন্তৰ্ভুক্ত কৰিব পাৰে, অন্যহাতে, উত্তৰপূৱৰ অসমৰ অন্যান্য চুবুৰীয়া ৰাজ্য মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ডৰ নদী উপত্যকা প্ৰাধিকৰণ আছে, সেইবোৰৰ সৈতে যোগাযোগ কৰি জল সম্পদৰ সামগ্ৰিক বিকাশ কৰিব পৰা যায়।‘

তেওঁ আৰু কয় ‘যেতিয়া দেশৰ কিছু ঠাইত পানীৰ নাটনি ঘটে, তেতিয়া অসমৰ পানীৰ পৰিসোধনৰ জৰিয়তে নিৰ্মল পানী লাভ কৰিব পাৰিব। (When entire country in water crisis, we could put up water refinery in assam, we could construct the pipeline we could give clean water from manas sorubar)

নিজৰ ফেইচবুক ৱালত তেওঁ লগতে লিখিছে ‘মই ক‘লো যে চৰকাৰৰ ‘জলশক্তি‘ বুলি নতুনকৈ নামাকৰণ কৰা বিভাগটোৱে এতিয়া দূৰৈৰ পৰাই উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি দৰদ দেখুৱালে লাভ নাই, অসমৰ বানপানী আৰু গড়াখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দি আমাৰ জলসম্পদৰ সামগ্ৰিক বিকাশ কৰি অসমৰ লগতে দেশৰো বিকাশ কৰিবলৈ আগবাঢ়ি আহক। আৰু ক‘লো – ‘You look after us, we will take care of the nation’’

‘মোৰ নগাঁও সংসদীয় সমষ্টিৰ লাহৰিঘাট আৰু জাগীৰোডৰ দৰে অসমৰ বিভিন্ন নদীপৰীয়া এলেকাবোৰত প্ৰতি বছৰে এই বিভীষিকাৰ বাবে হাজাৰ হাজাৰ বিঘা খেতিৰ মাটি, মানুহৰ ঘৰ বাৰী, খেলপথাৰ,মন্দিৰ মচজিদ আদি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যায়।‘ ফেইচবুক পেইজত এইদৰে লিখে বৰদলৈয়ে।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd