অসম-নাগালেণ্ড সীমান্তত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। বৃহস্পতিবাৰে নিশা প্ৰায় ১১.৪৫ বজাত সৰুপথাৰৰ টেঙাটাল গাঁৱৰ প্ৰায় ১০০ টা ঘৰত অগ্নিসংযোগ কৰে অচিনাক্ত নগা উগ্ৰপন্থীয়ে।
প্ৰাথমিক খবৰ অনুসৰি গাঁৱৰ বাসিন্দাসকল শুই থকা অৱস্থাতে সমগ্ৰ গাঁওখনত অগ্নিসংযোগ কৰে নগা উগ্ৰপন্থীয়ে। ইয়াৰ উপৰিও গাঁওখনত নিৰ্বিচাৰে গুলীচালনা আৰু গ্ৰেনেড নিক্ষেপ কৰে দুৰ্বিত্তই। ইয়াৰ ফলত গাঁওখনত হাতহতিৰ পৰিৱেশৰ সৃষ্টি হয়। এই আক্ৰমণত পশুধনৰো মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।
এই খবৰ পোৱাৰ লগে লগে সৰুপথাৰৰ সীমান্ত আৰক্ষীয়ে সেই ঠাইলৈ চি আৰ পি এফৰ দল প্ৰেৰণ কৰে যদিও চি আৰ পি এফৰ জোৱানসকলক গাঁৱত প্ৰৱেশ কৰাত বাধা আৰোপ কৰে নগা উগ্ৰপন্থীয়ে। যাৰ ফলত ঘৰ সমূহ সম্পূৰ্ণ জ্বলি যোৱাৰ পিছত পুৱাৰ ভাগতহে ঘটনাস্থলীত চি আৰ পি এফৰ জোৱান সকল উপস্থি্ত হয়।
জানিব পৰা মতে, অঞ্চলটোত স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ লগতে তালাচী অভিযান চলাবলৈ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে।
গাঁওখনৰ গাওঁবুঢ়াই জনোৱা মতে গাঁওখনত থকা ৯৩ টা ঘৰৰ ভিতৰত মাত্ৰ তিনি বা চাৰিটা ঘৰহে বাচে। এই অগ্নিকাণ্ডত সকলো লোকৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ জ্বলি ছাই হৈ যোৱা বুলিও গাঁওবুঢ়াই জানিবলৈ দিয়ে।স্থানীয় লোকে বাৰে বাৰে নগাৰ বেদখলৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ পিছতো অঞ্চলটোত নিৰাপত্তা দিয়াত আৰক্ষী-প্ৰসাশন ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন হৈছে।





