খিলঞ্জীয়াৰ ভূমি অধিকাৰ আন্দোলনৰ নেতা প্ৰণব দলেক শীঘ্ৰে মুক্তি দিয়াৰ দাবী অসম নাগৰিক সন্মিলনৰ
অসম নাগৰিক সন্মিলনে খিলঞ্জীয়াৰ ভূমি অধিকাৰ আন্দোলনৰ অন্যতম নেতা তথা মানৱ অধিকাৰ কৰ্মী প্ৰণব দলেক শীঘ্ৰে মুক্তি দিয়াৰ দাবী তুলিছে। অসম নাগৰিক সন্মিলনৰ হৈ অজিত কুমাৰ ভূঞা, পৰেশ মালাকাৰ, আব্দুল মান্নান আৰু শান্তনু বৰঠাকুৰে প্ৰেৰণ কৰা এক বিবৃতিত এই দাবী উত্থাপন কৰা হৈছে।
বিবৃতিটোত কোৱা হৈছে, ‘’যোৱা সময়ছোৱাত ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে ব্যাপক হাৰত খিলঞ্জীয়া মানুহক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰি তেনে ভূমি বৃহৎ ক’ৰ্পৰেট গোষ্ঠীৰ হাতত গটাই দিয়া দেখা গৈছে। চৰকাৰৰ এই ভূমি অধিগ্ৰহণ নীতিৰ বিৰুদ্ধে পাহাৰে-ভৈয়ামে আন্দোলন গঢ়ি উঠিছে আৰু এনে আন্দোলনৰ অন্যতম নেতা প্ৰণৱ দলে। কাজিৰঙাৰ ইংলে পথাৰৰ মাটি ‘হায়াত’ (Hyatt) গোষ্ঠীক পঞ্চতাৰকা হোটেল খুলিবলৈ আৱন্টন দিয়া হৈছে। যুগ যুগ ধৰি এই মাটি স্থানীয় আদিবাসী লোকসকলৰ দখলত আছিল। এতিয়া কোনো ক্ষতিপূৰণ নিদিয়াকৈ চৰকাৰে আদিবাসী মানুহখিনিক তাৰ পৰা উচ্ছেদ কৰি মাটিবোৰ হায়ত গোষ্ঠীক গটাই দিয়াৰ ষড়যন্ত্ৰ কৰিছে। ইমানদিনে ৰাইজে শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিক আন্দোলনৰ যোগেদি ইয়াৰ বিৰোধিতা কৰি আহিছে আৰু আন্দোলনটোৰ নেতৃত্ব লৈছিল প্ৰণৱ দলেৰ দৰে ব্যক্তিয়ে। এই শান্তিপূৰ্ণ, গণতান্ত্ৰিক আন্দোলনটোক দমন কৰাৰ উদ্দেশ্যে বিভিন্ন ধৰণৰ ভুৱা অভিযোগেৰে প্ৰণৱ দলেকে ধৰি আন্দোলনটোৰ কেইবাজনো কৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছিল।‘’
উল্লেখ্য যে পৰৱৰ্তী সময়ত মহামান্য ন্যায়ালয়ে গ্ৰেপ্তাৰ কৰা সকলো ব্যক্তিকে জামিন প্ৰদান কৰে। ন্যায়ালয়ে দিয়া ৰায়ত উল্লেখ কৰা হয়: “আদেশৰ অন্তত, এই আদালতে এইটো লিপিবদ্ধ কৰা প্ৰয়োজনীয় বুলি বিবেচনা কৰে যে, প্ৰথম দৃষ্টিত বৰ্তমানৰ এই বিবাদৰ মূল কাৰণ হৈছে পৰিৱেশৰ অৱক্ষয় আৰু তাৰ ফলত স্থানীয় চাহ জনজাতিৰ সামাজিক-সাংস্কৃতিক জীৱনত পৰা প্ৰভাৱক লৈ সৃষ্টি হোৱা উদ্বেগ। পৰিৱেশ সংৰক্ষণ আৰু আদিবাসী জনগোষ্ঠীৰ অস্তিত্বৰ প্ৰশ্ন জড়িত থকা বিষয়সমূহত স্থানীয় লোকসকলৰ উদ্বেগ আৰু আশংকাক দমন কৰিবলৈ ফৌজদাৰী আইন ব্যৱহাৰ কৰিব নোৱাৰি। আন্দোলনকাৰী সকলৰ কণ্ঠৰোধ কৰাৰ সলনি ক্ষতিগ্ৰস্ত লোকসকলৰ কথা মনোযোগেৰে শুনিলেহে প্ৰকৃত অৰ্থত অঞ্চলটোলৈ শান্তি, শৃংখলা ঘূৰি আহিব। এই ধৰণৰ বিবাদৰ সমাধানৰ বাবে অংশগ্ৰহণমূলক পৰিৱেশ প্ৰশাসন (Participatory Environmental Governance)-ৰহে প্ৰয়োজন। সেয়েহে, অভিযুক্তজনৰ ব্যক্তিগত স্বাধীনতা নিশ্চিত কৰাৰ উদ্দেশ্যে জামিন মঞ্জুৰ কৰা হ’ল।”
ন্যায়ালয়ে লগতে আশা প্ৰকাশ কৰে যে সমুখ-সংঘৰ্ষৰ সলনি এই বিবাদৰ অন্তৰ্নিহিত অভিযোগ আৰু ওজৰ-আপত্তিসমূহ ইয়াৰ লগত জড়িত সকলো পক্ষৰ সৈতে এক সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত আলাপ-আলোচনাৰ যোগেদিহে সমাধান কৰাৰ প্ৰয়াস কৰা উচিত।
এইখিনিতে উল্লেখযোগ্য যে, চাহ জনজাতিৰ দৰে চিৰদিন বৈষম্যৰ বলি হৈ অহা বঞ্চিত জনগোষ্ঠীৰ লোকসকলে বহুজাতিক নিগমৰ উচ্চপদস্থ বিষয়াৰ সৈতে সমমৰ্যাদাত আলোচনাত অংশগ্ৰহণ কৰিব পাৰিব বুলি ভবাটো সমীচীন নহয়। এনে পৰিস্থিতিত জনগোষ্ঠীটোৰ বাহিৰৰ সমাজকৰ্মী বা তেনে নেতৃস্থানীয় লোকৰ উপস্থিতিয়ে সমস্যা সমাধানত সহায়হে কৰে। তেওঁলোকক বাহিৰৰ অথন্তৰ লগোৱা ব্যক্তি হিচাপে গণ্য কৰিলে সমস্যা জটিলহে হৈ পৰিব আৰু আলোচনাও ফলপ্ৰসূ নহ’ব।
আশ্চৰ্যজনকভাৱে, আদালতৰ এনে এটা ৰায়ৰ পিছত জামিন লাভ কৰা প্ৰণৱ দলেক, লগে লগে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ দৰে দমনমূলক আইনৰ অধীনত পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে। অসম চৰকাৰে প্ৰণৱ দলেক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰাৰ বাবে যিবোৰ কাৰণ দৰ্শাইছে, সেইবোৰ অতি হাস্যকৰ।
ৰাষ্ট্ৰসংঘকে ধৰি বিভিন্ন আন্তৰ্জাতিক মঞ্চত খিলঞ্জীয়া মানুহৰ পক্ষ দাঙি ধৰিবলৈ আমন্ত্ৰিত হোৱা প্ৰণৱ দলে স্বাভাৱিকতেই কেইবাবাৰো বিদেশ ভ্ৰমণ কৰিছিল। চৰকাৰে তেওঁৰ সেই বিদেশ ভ্ৰমণকো আটক কৰাৰ কাৰণ হিচাপে দাঙি ধৰিছে। ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ দৰে কঠোৰ আইন কেৱল অসাধাৰণ পৰিস্থিতিত প্ৰয়োগ কৰিবলৈহে প্ৰণয়ন কৰা হৈছিল।
অসম নাগৰিক সন্মিলনে বিবৃতিটোত প্ৰণব দলেৰ মুক্তি দাবী কৰি কয়, ‘’দুৰ্ভাগ্যবশতঃ, শেহতীয়াকৈ এই আইন চৰকাৰী নীতিৰ বিৰোধিতা কৰা যিকোনো ব্যক্তিৰ বিৰুদ্ধে প্ৰতিশোধপৰায়ণ হৈ যধে-মধে প্ৰয়োগ কৰা দেখা গৈছে। প্ৰণৱ দলে হৈছে তাৰ শেহতীয়া উদাহৰণ। চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে মাত মতা লোকৰ বিৰুদ্ধে এনে দমনমূলক আইন ব্যৱহাৰ কৰাটো এক দুৰ্ঘোৰ অন্যায়। আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰোঁ আৰু অনতিপলমে প্ৰণৱ দলেৰ বিনাচৰ্তে মুক্তিৰ দাবী জনাওঁ।‘’