• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পাছ কৰিলেই আইন নহয়, আমি বিধেয়ক ওফৰাম

হীৰেন গোহাঁইৰ মন্তব্য, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰাজ ভৱনমুখী প্ৰতিবাদত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 22, 2019 9:14 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰই লোক সভাৰ চলিত শীতকালীন অধিৱেশনত নাগৰিকত্ব বিধেয়ক গৃহীত কৰিবলৈ সাজু হোৱাৰ মাজতে অসমৰ প্ৰতিবাদে অধিক তীব্ৰতাৰ লগতে এক নতুন পাক লোৱাৰ ইংগিত পৰিস্ফূত হৈছে।

বিধেয়কখন সংখ্যাৰ জোৰত বিজেপি নেতৃত্বাধীন চৰকাৰে পাছ কৰিব বুলি আশংকা কৰিয়ে হয়তো অসমৰ প্ৰতিবাদীসকল এক আইনী যুঁজৰ বাবেও সাজু হৈছে।

Apply Now

“সিহঁতৰ মেজৰিটি আছে, হাত দাঙি কেবখন পাছ কৰিব। আইন এখন পাছ কৰিলেই সি আইন হ’ব নোৱাৰে,” হীৰেন গোহাঁয়ে কোৱা শুনা গ’ল শুকুৰবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰাজ ভৱনমুখী প্ৰতিবাদী যাত্ৰাত।

সংসদে পাৰণ কৰা আইনৰ সাংবিধানিক বৈধতা পৰীক্ষাৰ বাবে ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ত আবেদন কৰাৰ ব্যৱস্থা আছে।

বিধেয়কখন শাসক বিজেপিৰ “ৰাষ্ট্ৰীয় প্ৰতিশ্ৰুতি”। বৰ্তমান দুয়ো সদনতে তেওঁলোক সৰ্বাধিক সদস্য থকা দল। উত্তৰ-পূবক বাদ দি দেশৰ বাকী ৰাজ্যসমূহৰ পৰা বিধেয়কক লৈ কেন্দ্ৰৰ ওপৰত চাপ শূন্য।

দ্বিতীয়তে, কংগ্ৰেছ, চি পি আই (এম)কে ধৰি অসমত উপস্থিতি থকা সৰ্বভাৰতীয় যিবোৰ দলে বিধেয়কখনৰ বিৰোধিতা কৰাৰ কথা কৈছে, তেওঁলোকে বিধেয়কখনৰ বিৰোধিতাৰে নিজে ক্ষমতাত থকা ৰাজ্যতো কোনো আন্দোলন থিয় কৰোৱা দেখা যোৱা নাই।

দলসমূহে তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা নথকা সদনত বিধেয়কৰ বিৰুদ্ধে থিয় দিয়াৰ অংগীকাৰ কৰিছে, কিন্তু বিধেয়কবিৰোধী জনমত গঠনৰ উদ্যোগ এৰাই চলিছে।

জে ডি (ইউ)এ বিধেয়কখনক লৈ এন ডি এ’ৰ অংশীদাৰীসকলৰ মাজত কেৱল আলোচনাৰ আহ্বান জনাইছে। অসমৰ বিজেপি মিত্ৰ অগপই দলৰ মজিয়াত আলোচনা কৰাৰ কথা চিন্তা কৰি আছে।

কাৰ্য্যতঃ “গোটেই ভাৰতত প্ৰযোজ্য হ’ব লগা” বিধেয়কখনৰ বিৰুদ্ধে ৰাজপথত নামিছে কেৱল উত্তৰ-পূবৰ খিলঞ্জীয়ানিৰ্ভৰ সংগঠনসমূহ।

কিন্তু, প্ৰতিবাদীসকল বিধেয়কখন মানি নোলোৱাৰ প্ৰশ্নত দৃঢ় হৈ আছে। কৃষক মুক্তিৰ শুকুৰবাৰৰ প্ৰতিবাদটোৰ প্লাকাৰ্দসমূহৰ প্ৰধান শ্ল’গান আছিল: Assam opposes CAB,  CAB Unconstitutional, Communal আদি (।)

বৰ্ষীয়ান বুদ্ধিজীৱী গোহাঁয়ে কৈছে বিধেয়কে অসমৰ সাতামপুৰুষীয়া ধৰ্মীয় ঐক্য বিনষ্ট কৰিব আৰু দেহত শেষ বিন্দু তেজ থকালৈকে যুঁজাৰ অংগীকাৰ কৰিছে।

“যিহেতু অসমীয়া মানুহৰ এটা সত্তা আছে। হিন্দু-মুছলমান নাবাচি সকলো মিলাপ্ৰীতিৰে বাস কৰি আছে। সিহঁতে এতিয়া আমাৰ ওপৰত কেব জাপি দিছে, যাতে আমাৰ মাজৰ ঐক্য ধ্বংস হয়,” গোহাঁয়ে কয়।

বিজেপিৰ তেওঁ বিৰোধিতা কৰি যোৱাৰ কথা কৈছে আৰু অগপৰ নাম নোলোৱাকৈ কঠোৰ সমালোচনা কৰিছে।

“ভাৰতৰ যিটো সাম্প্ৰদায়িক, অত্যাচাৰী গুৰু-গোঁসাই নমনা তথা ৰাইজৰ কথা নমনা চৰকাৰ আছে, আমি তাৰ বিৰোধিতা কৰি যাম। কিছুমান মানুহে কন্দা-কটা কৰি আকৌ চৰকাৰত যোগ দিছে, কেব আনিবই বুলি কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰাৰ পাছতো চৰকাৰৰ লগত বহি ৰাজপাট খাই আছে। এনেকুৱা বিশ্বাসঘাটক ধুৰন্ধৰ মানুহক আমি কেতিয়াও নেতা বুলি নাভাবো,” গোহাঁয়ে কয়।

অসমৰ প্ৰাক্তন আৰক্ষী সঞ্চালকপ্ৰধান হৰেকৃষ্ণ ডেকাই যিকোনো উপায়েৰে বিধেয়কখন বিৰোধিতাৰ কথা কৈছে।

“কেবখন কেৱল অসমৰ বাবে নহয় সমগ্ৰ উত্তৰ-পূবৰ বাবে ভয়াৱহ আইন। এই আইনখন কেতিয়াও মানি ল’ব নোৱাৰি,” ডেকাৰ মত।

আনহাতে, অসমৰ এন আৰ চিখন বাতিল কৰাক লৈ শেহতীয়াকৈ চৰকাৰ পক্ষৰ পৰা অহা বিবৃতিবোৰৰ বিপৰীতে ডেকাই কয় এন আৰ চিখনক আমি পেলনীয়া কাগজ বুলি ক’ব নোৱাৰো।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে বিধেয়কখনক “অসাংবিধানিক” আৰু “সাম্প্ৰদায়িক” আখ্যা দি কয় যে অসমে ইয়াক গ্ৰহণ নকৰে আৰু যিকোনো মূল্যৰ বিনিময়ত প্ৰতিহত কৰিবই লাগিব।

প্ৰতিবাদকাৰীসকলে ৰাজ্যপালৰ জৰিয়তে দেশৰ ৰাষ্ট্ৰপতি-প্ৰধান মন্ত্ৰীলৈ নাগৰিকত্ব বিধেয়কখন কেতিয়াও মানি লোৱা নহ’ব বুলি এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

প্ৰতিবাদটোত জ্যেষ্ঠ সাংবাদিক হাইদৰ হুছেইন, মনজিৎ মহন্ত, মাইনী মহন্ত, এএছডিচিৰ নেতা হলিৰাম তেৰাং, জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰা আদিও উপস্থিত আছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

October 2, 2026 11:30 am
গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

October 2, 2026 11:01 am
২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ একেটা গ্ৰুপতে ভাৰত-পাকিস্তান-অষ্ট্ৰেলিয়া, লগত আফগানিস্তান

২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ একেটা গ্ৰুপতে ভাৰত-পাকিস্তান-অষ্ট্ৰেলিয়া, লগত আফগানিস্তান

October 2, 2026 8:37 am
পিকনিকলৈ গৈ মৰ্মান্তিক পৰিণতি; গা ধুবলৈ নামি সাগৰত উটি গ’ল ৮ গৰাকী কলেজীয়া শিক্ষাৰ্থী

পিকনিকলৈ গৈ মৰ্মান্তিক পৰিণতি; গা ধুবলৈ নামি সাগৰত উটি গ’ল ৮ গৰাকী কলেজীয়া শিক্ষাৰ্থী

October 2, 2026 7:51 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

October 2, 2026 11:30 am
গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

October 2, 2026 11:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd