• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটী পালেহি কেৰালাৰ বানৰ কবলত পৰা অসমৰ যাত্ৰী : অসম চৰকাৰৰ সহায় নোপোৱাৰ অভিযোগ

NE NOW NEWS মুকুট দাস
গুৱাহাটী , August 24, 2018 8:36 am

2 min read

ticket-570x320

অসম চৰকাৰে সহায় নকৰাৰ প্ৰমান হিচাপে মজিবুল আলীয়ে তেওঁৰ টিকটটো প্ৰদৰ্শ কৰিছে।ফটো : নৰ্থইষ্ট নাও

73
VIEWS
Share on FacebookShare on Twitter

কেৰালাৰ বানত আৱদ্ধ হৈ পৰা প্ৰায় ১,৬০০ গৰাকী যাত্ৰী ত্ৰিবান্দ্ৰমৰ পৰা এখন বিশেষ ৰে’ল যোগে বৃহস্পতিবাৰে আহি গুৱাহাটী ৰে’ল ষ্টেশ্যনত উপস্থিত হয়।

এই যাত্ৰীসকলৰ মাজৰে বৰপেটাৰ এগৰাকী বাসিন্দা মজিবুল আলীয়ে অভিযোগ কৰে যে যদিও অসম চৰকাৰে কেৰালাৰ পৰা উভতি আহিবলগীয়া অসমৰ যাত্ৰীসকলক সকলোধৰণৰ সহায় আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল, তেওঁলোকে কিন্তু (মজিবুল আৰু বন্ধুসকলে) কোনো ধৰণৰ সহায় লাভ কৰা নাই।

‘’ আমি নিজৰ পইচাৰে টিকট কাটি আহিছো আৰু যিসকল যাত্ৰীয়ে বিনা টিকটে ভ্ৰমণ কৰিছে তেওঁলোকৰ পৰা টিটিইয়ে ১২০০ টকাকৈ ভাড়া আদায় কৰিছে,’’-মজিবুলে ব্যক্ত কৰে।

মজিবুলে লগতে প্ৰকাশ কৰে, ‘’ আমি জনা নাছিলো যে আমি ভ্ৰমণ কৰা ৰে’লখন ৰাজ্যখনত আক্ৰান্ত লোকসকল আনিবলৈ অসম চৰকাৰে বিশেষভাৱে প্ৰেৰণ কৰিছিল। আমি মুৰ্খৰ দৰে টিকট কৰিছিলো আৰু আনকি টিটিইয়ে টিকটবিহীন যাত্ৰীৰ পৰা জৰিমনা লৈছিল।‘’

কেৰালাৰ ভয়ংকৰ বানৰ সুঁৱৰি তেওঁ কয়, ‘’ এয়া আছিল এক শ্বাসৰুদ্ধকৰ অবিজ্ঞতা। আমি (মজিবুল আৰু তেওঁৰ বন্ধুসকল) আমাৰ কোঠা পানীৰে ভৰি পৰা দেখিছিলো। আমি সেই ভয়ংকৰ পৰিস্থিতিৰ পৰা কোনোমতে ওলাই আহিবলৈ সক্ষম হৈছিলো। মই নিশ্চিত আছিলো যে আমাৰ জলমগ্ন কোঠালিতে আমি আবদ্ধ হৈ পৰিম। আমি কেতিয়াও কেৰালালৈ উভতি নাযাও।‘’

মজিবুলে কয় যে তেওঁ তেওঁৰ বন্ধুসকলৰ সৈতে যোৱা ১৯ আগষ্টত গুৱাহাটীলৈ যাত্ৰা কৰাৰ আগতে এৰনাকুলম ৰে’ল ষ্টেশ্যনত দুটি নিশা অনাহাৰে কটাইছিলো। ‘’ আমি গোটেই যাত্ৰাকালত কোনো বিনামূলীয়া খাদ্য বা কোনো সাহায্য সামগ্ৰী লাভ কৰা নাই,’’-তেওঁ মন্তৱ্য কৰে।

নলবাৰী জিলাৰ চামতাৰ এগৰাকী বাসিন্দা ইলিয়াছ আলীয়ে কয় যে ‘’ ৰে’ল ষ্টেশ্যনত লোকসকলে কেইদিন ধৰি নোখোৱাকৈয়ে আছিল।‘’

আনহাতে, চেন্টাৰ অফ ট্ৰেড ইউনিয়নছ (চিটু)এ  কেৰালাৰ পৰা আহি বৃহস্পতিবাৰে ৪ বজাত গুৱাহাটী ৰে’ল ষ্টেশ্যনত উপস্থিত হোৱা লোকসকলৰ মাজত বিস্কুট, কল আৰু খোৱা পানীৰ বটল বিতৰণ কৰিছিল।

অৱশ্যে, অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই কেৰালাত আবদ্ধ হৈ থকা অসমৰ লোকসকলৰ বাবে- ০৩৬১-২২৩৭২১৯,০৩৬১-২২৩৭৪৬০ আৰু ৯৪০১০৪৪৬১৭ হেল্পলাইন নম্বৰ মুকলি কৰিছে।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd