• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চলিত জাকাৰ্টা এছিয়াদলৈ নিৰ্বাচিত অসমৰ খেলুৱৈয়ে গাহৰি কাটি আছে বাক্সাত!

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 23, 2018 8:58 am
নিজম বসুমতাৰী (বাওঁফালৰ) পম্পি দেউৰী আৰু তন্ময় নাথ

নিজম বসুমতাৰী (বাওঁফালৰ) পম্পি দেউৰী আৰু তন্ময় নাথ

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইন্দ’নেছিয়াত আন দেশৰ খেলুৱৈৰ সৈতে যুঁজাৰ সলনি বাক্সাৰ মুছলপুৰত গাহৰি কাটি দিন পাৰ কৰিব লগা হৈছে চলিত এছিয়ান গে’মছলৈ বাচনি হোৱা অসমৰ সমৰকলা খেলুৱৈ ২২ বছৰীয়া নিজম বসুমতাৰী!

অকল নিজমেই নহয়, অসমৰ আন দুগৰাকী খেলুৱৈ লখিমপুৰ ধলপুৰৰ ১৮ বছৰীয়া পম্পি দেউৰী আৰু তেজপুৰৰ ৩৩ বছৰীয়া তন্ময় নাথকো পেন্চাক চিলেত (Pencak Silat) নামৰ সমৰকলা খেলবিধত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ বাচনি হোৱাৰ পিছতো নপঠালে ভাৰতৰ অলিম্পিক সন্থাই।

Apply Now

বিশ্বাস কৰিবলৈ টান কিন্তু সঁচা, চলিত এছিয়ান গে’মছৰ সূচী অনুসৰি আজি ২২ আগষ্টত তন্ময় নাথৰ, ২৩ আগষ্টত পম্পিৰ আৰু ২৪ আগষ্টত নিজম বসুমতাৰীৰ খেল আছে। অসমৰ এই ৩ওগৰাকী সমৰকলা খেলুৱৈৰ নাম, পৰিচয় আৰু ফট’ জাকাৰ্টা এছিয়ান গে’মছৰ কাৰ্য্যসূচীত ইতিমধ্যে ঘোষিত হৈছে।

ইয়াত ক্লিক কৰি নিজমৰ নাম আৰু পৰিচয় চাওক এছিয়ান গে’মছৰ ৱে’বছাইটত

ইয়াত ক্লিক কৰক : https://en.asiangames2018.id/athletes/athlete/BASUMATARY-Nijwm-300391

এছিয়ান গে’মছত অসমৰ হিমা দাসকে ধৰি ৬গৰাকী খেলুৱৈয়ে ভাৰতক প্ৰতিনিধিত্ব কৰাক লৈ ৰাজ্যবাসী ব্যাপক উৎসাহী হৈ থকাৰ পৰতে বুধবাৰে পোহৰলৈ আহিছে ভাৰতীয় অলিম্পিক সংস্থাই সংঘটিত কৰা এই ভয়ংকৰ ঘটনা।

দিছপুৰ প্ৰে’ছ ক্লাবত বুধবাৰে এক সংবাদমেলযোগে এই অবিশ্বাস্য ঘটনা নিজেই বিৱৰি ক’লে সমৰকলা খেলুৱৈ নিজম বসুমতাৰীয়ে।

পেন্চাক চিলেতৰ বিশ্ব চেম্পিয়নশ্বিপত ভাগ লোৱা, এছিয়ান গে’মছলৈ যাব লগা খেলুৱৈৰ ‘তালিকাত ১ নম্বৰত নাম থকা’ নিজমক বাচনি হোৱাৰ পিছতো নপঠিওৱাৰ বিপৰীতে সংস্থাই পঠিয়াইছে হাৰিয়ানাৰ চিমৰান নামৰ এজন খেলুৱৈক। গাহৰি বেচি পোৱা ধনেৰে কেৱল আন্তৰিক তাগিদাত বছৰ বছৰ ধৰি সমৰকলাৰ অনুশীলন কৰি যোৱা নিজম এই প্ৰতাৰণাত সম্পূৰ্ণৰূপে ভাগি পৰিছে।

‘মই গাহৰি বিক্ৰী কৰি গে’মছত যোৱাৰ বাবে প্ৰস্তুতি চলাইছিলো। অসম তথা উত্তৰ-পূবৰ খেলুৱৈ সকলৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্ব নাই বুলিয়েই ক’ব পাৰি,’ কেন্দ্ৰ চৰকাৰে ‘অলপ গুৰুত্ব’ দিয়া হ’লেও খেলিবলৈ পালোহেঁতেন বুলি আক্ষেপ কৰি এই মন্তব্য নিজমৰ।

চৰকাৰ বা অলিম্পিক সংস্থাই যোৱাৰ অনুমতি দিলে এতিয়াও নিজৰ খৰচত প্ৰতিযোগিতাখনত ভাগ লোৱাৰ আশা পুহি ৰাখিছে ৮ বছৰ ধৰি এই খেলৰ সৈতে জৰিত হৈ থকা নিজমে।

দেশৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী তথা নিজেই এগৰাকী খেলুৱৈ ৰাজ্যৱৰ্ধন সিং ৰাথোড়ে এছিয়ান গে’মছত ভাল প্ৰদৰ্শন দেখুওৱা খেলুৱৈসকলৰ কৃতিত্বৰ আঁৰত কেন্দ্ৰই গ্ৰহণ কৰা উৎসাহদায়ী পদক্ষেপ বুলি দাবী কৰাৰ মুহূৰ্তত অসমৰ খেলুৱৈৰ ক্ষেত্ৰত হোৱা এই বঞ্চনাৰ বিষয়েহে অজ্ঞাত কেনেকৈ থাকিল ভাৰত চৰকাৰ?

চৰকাৰৰ লগতে অসম পেন্চাক চিলেত এচছিয়ে’ছনেও এই সন্দৰ্ভত গুৰুত্ব নিদিয়া বুলি পোনপটীয়াকৈ অভিযোগ কৰিছে খেলুৱৈগৰাকীয়ে।

‘এচছিয়ে’ছনে গুৰুত্ব নিদিয়াৰ বাবেই আমি যোগ্যতা থকাৰ পাছতো নাপালো,’ সংস্থাটোৰ ৰাজ্যিক সভাপতি পৰমানন্দ চায়েঙীয়াও উপস্থিত থকা সংবাদমেলখনৰ পিছতে এই অভিযোগ খেলুৱৈগৰাকীৰ।

অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণ সমিতিৰ সদস্য সচিব, বিজেপি নেতা লক্ষ্য কোঁৱৰ আৰু অসম অলিম্পিক সংস্থাৰ সাধাৰণ সম্পাদক, কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে ‘কথাটো’ এতিয়াও নাজানে!

‘মই এইবিষয়ে একো ক’ব নোৱাৰিম। আছাম অলিম্পিক এছচিয়ে’ছনৰ সভাপতি তৰুণ গগৈ আৰু সাধাৰণ সম্পাদক ৰকিবুল হুছেইনক সুধিলে তেখেতসকলে ভালদৰে ক’ব পাৰিব,’ এই মন্তব্য কোঁৱৰৰ। অথচ এছিয়ান গে’মছত পদক জিনা খেলুৱৈলৈ অসমৰ ছাত্ৰ আৰু ক্ৰীড়া কল্যাণ সমিতিৰ সদস্য সচিবজনৰ ছবি সম্বলিত শুভেচ্ছা বাণীৰে কল্যাণ সমিতিৰ ফে’ছবুক পৃষ্ঠা ভৰি আছে।

বিষয়টোত কোঁৱৰৰ দৰেই অজ্ঞ অসম অলিম্পিক সংস্থাৰ সম্পাদক, ক্ৰীড়া কৰ্মকৰ্তা ৰকিবুল হুছেইনো! ‘যদিহে আপুনি কোৱাৰ দৰে হৈছে, তেন্তে এইটো নিয়ম বহিৰ্ভূত কাম হৈছে। ইয়াৰ বিৰুদ্ধে (ভাৰতীয় অলিম্পিক সংস্থাক) মই ক’ম,’ নৰ্থ ইষ্ট নাও-ৰ ফ’নটহে বিষয়টো গম পোৱা হুছেইনৰ এই মন্তব্য।

সংবাদ মাধ্যমে ক’লেহে খেল আৰু খেলুৱৈৰ কথা গম পোৱা এই ৰাজনৈতিক ব্যক্তিসকলে ক্ৰীড়া সংগঠনসমূহৰ পদবী লৈ কি দায়িত্ব পালন কৰে অসমৰ খেলুৱৈৰ ক্ষেত্ৰত হোৱা ঘটনাই প্ৰমাণ কৰা নাই নে?

হিমা দাসক লৈ ব্যাপক উৎসাহ দেখুওৱা অসমৰ ৰাইজে সমৰ্কলা খেলুৱৈকেইগৰাকীৰ ক্ষেত্ৰত হোৱা এই অবিশ্বাস্য প্ৰতাৰণাত কি প্ৰতিক্ৰিয়া কৰিব?

এই পথেৰে গুৱাহাটীক দেশৰ ক্ৰীড়াৰ ৰাজধানী বনাব নেকি মুখ্য মন্ত্ৰী সোণোৱালে?

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

July 26, 2026 9:00 am
খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

July 26, 2026 9:00 am
খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd