ধুবুৰী জিলাৰ বিলাসীপাৰা অঞ্চলৰ ফুটকিবাৰীস্থিত সাশৰগাঁৱত সংঘটিত গুলীচালনা কাণ্ডৰ লগত জড়িত এটা চক্ৰক আটক কৰিছে ধুবুৰী আৰক্ষীয়ে।
অসম আৰক্ষী আৰু চি আৰ পি এফৰ জোৱানৰ যৌথ অভিযানত যোৱা নিশা প্ৰধান অভিযুক্ত ৰফিকুল ইছলামকে ধৰি ৭ জন লোকক গ্ৰেপ্তাৰ কৰা হয়।
এই অভিযানৰ নেতৃত্ব দিয়ে ধুবুৰীৰ আৰক্ষী অধীক্ষক নবীন সিঙে।
আৰক্ষী সূত্ৰৰ মতে, যোৱা শনিবাৰে স্থানীয় ৰাইজৰ মাজত আতংক আৰু অৰাজকতাৰ সৃষ্টি কৰি গুলীচালনা কৰা ঘটনাৰ লগত এই সাতজন পোনপটীয়াকৈ জড়িত।
অভিযানৰ সময়ত আৰক্ষীয়ে দুটা ৰাউণ্ড সজীৱ গুলী, এখন মটৰ চাইকেল, এখন পঞ্জীয়নবিহীন চাৰিচকীয়া বাহন আৰু অন্যান্য সামগ্ৰী উদ্ধাৰ কৰে।
আটক কৰা অভিযুক্ত কেইজন হৈছে নুৰমহামদ আলী (২২) চাহাবুদ্দিন (২৩), মহম্মদ আলী (৩৮) ৰফিকুল ইছলাম, মেহবুব আলম (২৩), ৰিয়াজুল ওৰফে পাংকু আৰু হামিদুল ইছলাম।





