গুৱাহাটীৰ পৰা বাংলাদেশৰ সন্ত্ৰাসবাদী সংগঠনৰ কৰ্মীক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ

বাহাৰ মিঞা (বাওঁফালে) আৰু ৰাছেল মিঞা (সোঁফালে)।

অসম আৰক্ষীয়ে সোমবাৰে (১৩ মে’) গুৱাহাটী ৰে’ল ষ্টেচনৰ পৰা ভাৰতীয় উপমহাদেশৰ আল কায়দাৰ সৈতে জড়িত বাংলাদেশৰ ইছলামিক জেহাদী সন্ত্ৰাসবাদী সংগঠন আনছাৰুল্লাহ বাংলা টিম (এবিটি)ৰ দুজন কৰ্মীক গ্ৰেপ্তাৰ কৰে।

নিৰ্ভৰযোগ্য চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে বাংলাদেশৰ ব্ৰাহ্মণবৰীয়া জিলাৰ আকাউৰা থানাৰ অন্তৰ্গত দাৰকাৰ গাঁৱৰ বাসিন্দা বাহাৰ মিঞা (৩০) আৰু বাংলাদেশৰ নেট্ৰ’কোনা জিলাৰ আথপাৰা থানাৰ অন্তৰ্গত মংগলসিধা গাঁৱৰ ৰাছেল মিয়া (৪০) নামৰ লোক দুজনক গ্ৰেপ্তাৰ কৰে। অসম আৰক্ষীৰ মুখ্য জনসংযোগ বিষয়া প্ৰণৱ জ্যোতি গোস্বামীয়ে এই তথ্য প্ৰকাশ কৰিছে।

লোক দুজনে পাছপ’ৰ্ট নোহোৱাকৈ অবৈধভাৱে ভাৰতত থাকি জালিয়াতিৰে ভাৰতীয় নথি-পত্ৰ লাভ কৰি অসম তথা দেশত সন্ত্ৰাসবাদী নেটৱৰ্ক বিয়পাইছিল।

আৰক্ষীয়ে অভিযুক্তৰ জিম্মাৰ পৰা আধাৰ আৰু পেন কাৰ্ডকে ধৰি কেইবাখনো আপত্তিজনক নথি উদ্ধাৰ কৰে বুলিও তেওঁ লগতে কয়।

লগতে পঢ়কঃ মুম্বাইত ধূলিৰ ধুমুহাত ১০০ ফুট উচ্চতাৰ বিলবোৰ্ড ভাঙি পৰি ১৪ জন নিহত, আহত ৭৪ জন

এই লোক দুজনে অসম তথা ভাৰতৰ নিৰীহ মুছলমান যুৱক-যুৱতীক সংগঠিত কৰি সন্ত্ৰাসবাদী সংগঠনত যোগদান কৰাই সন্ত্ৰাসবাদী কাৰ্যত লিপ্ত হোৱাৰ লক্ষ্যৰে গুৱাহাটী ভ্ৰমণ কৰিছিল।

মুখ্য জনসংযোগ বিষয়া প্ৰণৱ জ্যোতি গোস্বামীয়ে লগতে জনায় যে তেওঁলোকক বিশেষ অভিযান ইউনিট (এছ অ’ ইউ) আৰক্ষী থানাৰ ১/২০২৪ গোচৰৰ ১২০(বি) (অপৰাধমূলক ষড়যন্ত্ৰ), ১২১ (ভাৰত চৰকাৰৰ বিৰুদ্ধে যুদ্ধ কৰা), ১২২ (ভাৰত চৰকাৰৰ বিৰুদ্ধে যুদ্ধ চলাবলৈ মানুহ আৰু অস্ত্ৰ বা গোলাবাৰুদ সংগ্ৰহ কৰা), ৪৬৮ (জাল), আৰু ৪৭১ (প্ৰৱঞ্চনামূলকভাৱে নথি-পত্ৰ ব্যৱহাৰ) ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (ইউএপিএ), ১৯২০ৰ পাছপ’ৰ্ট আইনৰ (ভাৰতত প্ৰৱেশ) ধাৰা ১২ আৰু বিদেশী আইন, ১৯৪৬ৰ ১৪ ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছে।

উল্লেখ্য ২০২২ চনৰ মাৰ্চৰ পৰা এপ্ৰিলৰ ভিতৰত ৰাজ্যখনত অসম আৰক্ষীয়ে কমেও ১৬ জন জেহাদীক গ্ৰেপ্তাৰ কৰিছিল।

লগতে পঢ়কঃবিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী, বিজেপি নেতা সুশীল কুমাৰ মোডীৰ দেহাৱসান

ইয়াৰ পিছতে জেহাদীসকলক গ্ৰেপ্তাৰ কৰা ঘটনাই ভাৰতৰ নিৰাপত্তা সংস্থাসমূহৰ চকু কপালত তুলিছিল। তদন্তত প্ৰকাশ পাইছে যে ধৃত জেহাদীসকলৰ আনছাৰুল্লাহ বাংলা টিম (এবিটি)ৰ সৈতে সম্পৰ্ক আছে।

বৰপেটা জিলাৰ পৰা গ্ৰেপ্তাৰ কৰা জেহাদীসকলৰ অধিকাংশৰ বিৰুদ্ধে সন্ত্ৰাসবাদ বিৰোধী কঠোৰ আইন ইউএপিএৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।