NORTHEAST NOW (Assamese)

এতিয়াও সন্ধানহীন দুৰ্ধৰ্ষ চোৰাং চিকাৰী আছমত আলি ওৰফে নালকু; আৰক্ষীৰ অভিযান অব্যাহত

February 22, 2022 12:51 pm · কাজি জেইদুল ইছলাম, বিশ্বনাথ

কেৰেলাৰ পৰা গ্ৰেপ্তাৰ হোৱা দুৰ্ধৰ্ষ গঁড় চিকাৰী আছমত আলি ওৰফে নালকুৰ আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰা ছয়দিন অতিক্ৰম কৰিলে যদিও এতিয়ালৈকে আৰক্ষীয়ে তেওঁৰ সন্ধান উলিওৱাত ব্যৰ্থ হৈছে।

বুধবাৰে কেৰেলাত গ্ৰেপ্তাৰ হৈছিল কাজিৰঙাৰ বহুকেইটা গঁড় হত্যাৰ মাষ্টৰমাইণ্ড বিশ্বনাথৰ চতিয়া থানাৰ অন্তৰ্গত ১ নম্বৰ আদাভেটিৰ আজিবুৰ ৰহমানৰ পুত্ৰ ৩৫ বছৰীয়া নালকু ৷

বিশ্বনাথ আৰক্ষীয়ে কেৰেলা আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰি যোৱা ১৭ ফেব্ৰুৱাৰীৰ নিশা বিশ্বনাথলৈ নালকুক লৈ আনিছিল।

লগতে পঢ়ক: মামৰে ধৰিছে আঁচনিত! কলিয়াবৰত কলং পুনৰুজ্জীৱিতকৰণ নামত জলসম্পদ বিভাগৰ প্ৰহসন

সেই নিশাই নালকুৱে লুকুৱাই ৰখা অস্ত্ৰ-শস্ত্ৰ আৰু গঁড়ৰ খৰ্গৰ সম্ভেদ দিবলৈ বিশ্বনাথ ঘাটৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ কেটেং টাপুলৈ নিয়াৰ সময়ত আন্ধাৰৰ সুযোগ লৈ হেণ্ডকাপসহ ব্ৰহ্মপুত্ৰৰ বুকুত জাপ দি পলায়ণ কৰে ৷

অভিযানৰ পিছত অভিযান চলায়ো কোনো সন্ধান পোৱা নাই এই দুৰ্ধৰ্ষ চোৰাং চিকাৰীটোৰ। ইয়াকে লৈ বৰ্তমান বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

উল্লেখ্য যে, কুখ্যাত গঁড় চিকাৰী তথা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত শেহতীয়াকৈ গঁড় হত্যা কৰি পলাতক হৈ থকা বিশ্বনাথৰ ক্ৰমে আছমত আলি ওৰফে নালকু, আতাউৰ ৰহমান ওৰফে বাচা আৰু আব্দুল মতিন ওৰফে কালাৰ সন্ধান দিওঁতাক অসম আৰক্ষীয়ে দুই লাখ টকা পৰ্যন্ত পুৰস্কাৰ ঘোষণা কৰিছিল।

তদুপৰি, অসম আৰক্ষীক গঁড়ৰ খৰ্গ উদ্ধাৰ হব পৰাকৈ কোনোৱে তথ্য দিলে নগদ ৫ লাখৰ টকাৰ বিশেষ পুৰস্কাৰো ঘোষণা কৰিছিল।

লগতে পঢ়ক: অপৰাধে ছানি ধৰিছে গুৱাহাটী! মহানগৰীত দুৰ্বৃত্তৰ গুলীত নিহত ব্যৱসায়ী

কিন্তু এই তিনি কুখ্যাত গঁড় চিকাৰীৰ মাজৰ একাধিক গঁড় চিকাৰৰ সৈতে জড়িত দুৰ্ধৰ্ষ নালকু ওৰফে আছমত আলিক কেৰেলাৰ পৰা গ্ৰেপ্তাৰ কৰি অনাৰ পিছত বিশ্বনাথৰ পৰা ৰহস্যজনকভাবে পলায়ন কৰা ঘটনা আৰক্ষীৰ বিফলতা নে আৰক্ষীয়ে দাগী অপৰাধীৰ বিৰুদ্ধে গ্ৰহণ কৰা এক নতুন কৌশল সেয়া পৰবৰ্তী সময়তহে কব পৰা যাব।

Related News