• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মামৰে ধৰিছে আঁচনিত! কলিয়াবৰত কলং পুনৰুজ্জীৱিতকৰণ নামত জলসম্পদ বিভাগৰ প্ৰহসন

ৰিদীপ শৰ্মা, কলিয়াবৰ by ৰিদীপ শৰ্মা, কলিয়াবৰ
February 22, 2022 11:41 am
Kalang will flow agaian..

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ বোৱঁতী হ’ব কলং! কলিয়াবৰৰ মাজেৰে কলঙৰ মুখেদি পুনৰ পানী বৈ যাব। হাতীমূৰাৰ পৰা পুনৰ বৈ যাব কলং!!

উল্লেখ্য যে কলং বন্ধ হোৱাৰ চল্লিশ বছৰৰ পিচত ২০১৩ চনৰ ডিচেম্বৰ মাহৰ ১৭ তাৰিখে তদানীন্তন কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তই বিধানসভাত কলঙক পুনৰ বোৱাঁই নিয়াৰ এক প্ৰস্তাৱ দিছিল।

প্ৰস্তাৱটো সেই সময়ৰ কংগ্ৰেছ চৰকাৰে গ্ৰহণ কৰি এক আঁচনি প্ৰস্তুত কৰে। তাৰ মাজতে ২০১৭ চনৰ ১২ আগষ্টৰ নিশা হাতীমূৰাত কলঙৰ মাথাউৰি ভাঙি কলংখন বোৱঁতী হয় যদিও সমগ্ৰ কলিয়াবৰ প্লাবিত হৈ পৰাত পুনৰ বন্ধ কৰি দিয়া হয় কলং।

Apply Now

কিন্তু এইবাৰ পৰীক্ষা নিৰীক্ষা কৰি বোৱঁতী কলঙৰ সপোন ২০২১ বৰ্ষৰ বাৰিষা সম্পূৰ্ণ হ’ব বুলি সকলোৱে আশা প্ৰকাশ কৰিছিল যদিও মূৰকত হৈ নুঠিল।

লগতে পঢ়ক: দবাত বিশ্বৰ ১নম্বৰ খেলুৱৈক পৰাজিত কৰি চমক দিলে ভাৰতৰ তৰুণ গ্ৰেণ্ড মাষ্টাৰ প্ৰজ্ঞানন্ধাই

সেই সময়ৰ তদানীন্তন জলসম্পদ মন্ত্ৰী তথা বৰ্তমানৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ তৎপৰতাত কলং পুনৰুজ্জীৱিতকৰণ বাবে বিভিন্ন দল-সংগঠন তথা সচেতন নাগৰিকৰ লগতে বিশেষজ্ঞ কমিটীৰ পৰামৰ্শমৰ্মে প্ৰাকক্কলন প্ৰস্তুত কৰি কলঙত পুনৰ প্ৰাণ সঞ্চাৰৰ প্ৰচেষ্টা হাতত লোৱা হয়।

হাতীমূৰা আৰিকাটিমুখৰ পৰা ওলোৱা কলঙৰ মুখভাগত এখন শ্লুইছ গেট নিৰ্মাণ কৰি কলঙক বোৱাঁই নিয়াৰ বাবে প্ৰশাসনিক অনুমোদন লাভ কৰে।

ইতিমধ্যে কলঙৰ বুকুঁৰে জলধাৰা বোৱাঁবলৈ ১৩৫ কোটি ৪০ লাখ টকা ধাৰ্য কৰিছে। ইয়াৰ প্ৰথম পৰ্যায়ত ২০২০ চনৰ ৩০ অক্টোবৰ তাৰিখে নগাঁও সদৰ বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাসৰ উপস্থিতিত তদানীন্তন জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই আৰতি-উৰুলিৰে পানীদ্বাৰ নিৰ্মাণ কাম শুভাৰম্ভ কৰে।

লগতে পঢ়ক:ইউক্ৰেইনৰ দুটা অঞ্চলক স্বাধীন ঘোষণা কৰিলে পুটিনে; আমেৰিকাকে ধৰি পশ্চিমৰ প্ৰতিক্ৰিয়া

অতি তীব্ৰগতিৰে দিনটোৰ চব্বিশ ঘণ্টাই বিভাগীয় বিষয়া-কৰ্মচাৰীয়ে কাম কৰি ছমাহৰ ভিতৰত কলঙক বোৱঁতী নদী কৰা হ’ব বুলি মন্ত্ৰী কেশৱ মহন্তই শুভাৰম্ভণি অনুষ্ঠানতে ঘোষণা কৰিছিল।

কিন্তু অতি দুৰ্ভাগ্যৰ বিষয় যে ‘জেড ইঞ্জিনিয়াৰিং’ নামৰ প্ৰতিষ্ঠানটোৱে লাভ কৰা নিৰ্মাণকাৰ্য অতি লেহেমীয়া হোৱাৰ বাবে আজি দুবছৰত ভৰি দিলে, কিন্তু শ্লুইছ গেট নিৰ্মাণৰ কামেই সম্পূৰ্ণ নহ’ল।

ইয়াকে লৈ কলিয়াবৰৰ লগতে সমগ্ৰ নগাঁৱৰ সচেতন ৰাইজৰ মাজত কলং পুনৰ বোৱঁতী হ’বনে নহয় সেই সন্দেহ ঘনীভূত হৈছে।

Kalang river scheme.png2
মেটেকাৰে ভৰা কলং। ফটো: নৰ্থইষ্ট নাও।

ইফালে নতুনকৈ দায়িত্ব গ্ৰহণ কৰা বিজেপি চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকাই যোৱা বছৰৰ ২৩ মে’ত হাতীমূৰাৰ পৰিদৰ্শন কৰি  নিৰ্মাণ সংস্থাটোক কম দিনৰ ভিতৰত নিৰ্মাণকাৰ্য সম্পন্ন কৰিবৰ বাবে নিৰ্দেশ দিয়াও প্ৰায় ছমাহ অতিক্ৰম কৰিলে৷ কিন্তু আজিলৈকে শ্লুইছ গেট নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ নুঠিল।

আনহাতে, কলংখন দিনক দিনে মেটেকাৰ ভৰি পুনৰ বোৱঁতী কলঙৰ পৰিবৰ্তে লেতেৰা কলঙলৈহে পৰিবৰ্তন হৈছে। তদুপৰি, শ্লুইছ গেট নিৰ্মাণত ব্যৱহাৰ কৰা ৰডসমূহত মামৰ লগাৰ বাবে কামৰ মানদণ্ডৰ ওপৰত সন্দেহৰ অৱকাশ থকা বুলি ৰাইজৰ মাজত চৰ্চা হোৱা দেখা গৈছে।

ইপিনে,বাৰিষাও সমাগত, গতিকে ২০২২বৰ্ষতো কলং যে বোৱঁতী হোৱাৰ আশা নাই সেয়া এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে।

ৰিদীপ শৰ্মা, কলিয়াবৰ

ৰিদীপ শৰ্মা, কলিয়াবৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সন্তানৰ জন্মৰ পাছত বলীউড এৰিলে নেকি কেটৰিনা কাইফে? অভিনেত্ৰীগৰাকীৰ সিদ্ধান্তক লৈ তীব্ৰ চৰ্চা

সন্তানৰ জন্মৰ পাছত বলীউড এৰিলে নেকি কেটৰিনা কাইফে? অভিনেত্ৰীগৰাকীৰ সিদ্ধান্তক লৈ তীব্ৰ চৰ্চা

June 9, 2026 9:43 pm
২৪ জন ভাৰতীয় নাৱিক থকা বাণিজ্যিক জাহাজত আমেৰিকাৰ আক্ৰমণ, দায়িত্ব স্বীকাৰ কৰি দিলে এই উত্তৰ

২৪ জন ভাৰতীয় নাৱিক থকা বাণিজ্যিক জাহাজত আমেৰিকাৰ আক্ৰমণ, দায়িত্ব স্বীকাৰ কৰি দিলে এই উত্তৰ

June 9, 2026 9:15 pm
ভাইজাগ ষ্টীল প্লাণ্টত ভয়াবহ দুৰ্ঘটনা : ১৬০০ ডিগ্ৰীৰ তৰল লোহা পৰি ৮ জন শ্ৰমিকৰ কৰুণ মৃত্যু, বহু লোক গুৰুতৰভাৱে আহত

ভাইজাগ ষ্টীল প্লাণ্টত ভয়াবহ দুৰ্ঘটনা : ১৬০০ ডিগ্ৰীৰ তৰল লোহা পৰি ৮ জন শ্ৰমিকৰ কৰুণ মৃত্যু, বহু লোক গুৰুতৰভাৱে আহত

June 9, 2026 9:08 pm
হলিউড বক্স অফিচত জেনজি ইউটিউবাৰৰ ধুমুহা : সলনি হৈছে চিনেমা নিৰ্মাণৰ পুৰণি ধাৰা

হলিউড বক্স অফিচত জেনজি ইউটিউবাৰৰ ধুমুহা : সলনি হৈছে চিনেমা নিৰ্মাণৰ পুৰণি ধাৰা

June 9, 2026 8:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সন্তানৰ জন্মৰ পাছত বলীউড এৰিলে নেকি কেটৰিনা কাইফে? অভিনেত্ৰীগৰাকীৰ সিদ্ধান্তক লৈ তীব্ৰ চৰ্চা

সন্তানৰ জন্মৰ পাছত বলীউড এৰিলে নেকি কেটৰিনা কাইফে? অভিনেত্ৰীগৰাকীৰ সিদ্ধান্তক লৈ তীব্ৰ চৰ্চা

June 9, 2026 9:43 pm
২৪ জন ভাৰতীয় নাৱিক থকা বাণিজ্যিক জাহাজত আমেৰিকাৰ আক্ৰমণ, দায়িত্ব স্বীকাৰ কৰি দিলে এই উত্তৰ

২৪ জন ভাৰতীয় নাৱিক থকা বাণিজ্যিক জাহাজত আমেৰিকাৰ আক্ৰমণ, দায়িত্ব স্বীকাৰ কৰি দিলে এই উত্তৰ

June 9, 2026 9:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd