DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এতিয়াও সন্ধানহীন দুৰ্ধৰ্ষ চোৰাং চিকাৰী আছমত আলি ওৰফে নালকু; আৰক্ষীৰ অভিযান অব্যাহত

কাজি জেইদুল ইছলাম, বিশ্বনাথ by কাজি জেইদুল ইছলাম, বিশ্বনাথ
February 22, 2022 12:51 pm
Search opration against poacher
111
VIEWS
Share on FacebookShare on Twitter

কেৰেলাৰ পৰা গ্ৰেপ্তাৰ হোৱা দুৰ্ধৰ্ষ গঁড় চিকাৰী আছমত আলি ওৰফে নালকুৰ আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰা ছয়দিন অতিক্ৰম কৰিলে যদিও এতিয়ালৈকে আৰক্ষীয়ে তেওঁৰ সন্ধান উলিওৱাত ব্যৰ্থ হৈছে।

বুধবাৰে কেৰেলাত গ্ৰেপ্তাৰ হৈছিল কাজিৰঙাৰ বহুকেইটা গঁড় হত্যাৰ মাষ্টৰমাইণ্ড বিশ্বনাথৰ চতিয়া থানাৰ অন্তৰ্গত ১ নম্বৰ আদাভেটিৰ আজিবুৰ ৰহমানৰ পুত্ৰ ৩৫ বছৰীয়া নালকু ৷

বিশ্বনাথ আৰক্ষীয়ে কেৰেলা আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰি যোৱা ১৭ ফেব্ৰুৱাৰীৰ নিশা বিশ্বনাথলৈ নালকুক লৈ আনিছিল।

লগতে পঢ়ক: মামৰে ধৰিছে আঁচনিত! কলিয়াবৰত কলং পুনৰুজ্জীৱিতকৰণ নামত জলসম্পদ বিভাগৰ প্ৰহসন

সেই নিশাই নালকুৱে লুকুৱাই ৰখা অস্ত্ৰ-শস্ত্ৰ আৰু গঁড়ৰ খৰ্গৰ সম্ভেদ দিবলৈ বিশ্বনাথ ঘাটৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ কেটেং টাপুলৈ নিয়াৰ সময়ত আন্ধাৰৰ সুযোগ লৈ হেণ্ডকাপসহ ব্ৰহ্মপুত্ৰৰ বুকুত জাপ দি পলায়ণ কৰে ৷

অভিযানৰ পিছত অভিযান চলায়ো কোনো সন্ধান পোৱা নাই এই দুৰ্ধৰ্ষ চোৰাং চিকাৰীটোৰ। ইয়াকে লৈ বৰ্তমান বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

উল্লেখ্য যে, কুখ্যাত গঁড় চিকাৰী তথা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত শেহতীয়াকৈ গঁড় হত্যা কৰি পলাতক হৈ থকা বিশ্বনাথৰ ক্ৰমে আছমত আলি ওৰফে নালকু, আতাউৰ ৰহমান ওৰফে বাচা আৰু আব্দুল মতিন ওৰফে কালাৰ সন্ধান দিওঁতাক অসম আৰক্ষীয়ে দুই লাখ টকা পৰ্যন্ত পুৰস্কাৰ ঘোষণা কৰিছিল।

তদুপৰি, অসম আৰক্ষীক গঁড়ৰ খৰ্গ উদ্ধাৰ হব পৰাকৈ কোনোৱে তথ্য দিলে নগদ ৫ লাখৰ টকাৰ বিশেষ পুৰস্কাৰো ঘোষণা কৰিছিল।

লগতে পঢ়ক: অপৰাধে ছানি ধৰিছে গুৱাহাটী! মহানগৰীত দুৰ্বৃত্তৰ গুলীত নিহত ব্যৱসায়ী

কিন্তু এই তিনি কুখ্যাত গঁড় চিকাৰীৰ মাজৰ একাধিক গঁড় চিকাৰৰ সৈতে জড়িত দুৰ্ধৰ্ষ নালকু ওৰফে আছমত আলিক কেৰেলাৰ পৰা গ্ৰেপ্তাৰ কৰি অনাৰ পিছত বিশ্বনাথৰ পৰা ৰহস্যজনকভাবে পলায়ন কৰা ঘটনা আৰক্ষীৰ বিফলতা নে আৰক্ষীয়ে দাগী অপৰাধীৰ বিৰুদ্ধে গ্ৰহণ কৰা এক নতুন কৌশল সেয়া পৰবৰ্তী সময়তহে কব পৰা যাব।

Recent News

Rajya Sabha Secretariat

দুবছৰ বিৰতিৰ পাছত ৰাজ্যসভা সচিবালয়ত উপস্থিতিৰ প্ৰামাণিকৰ বাবে পুনৰ বায়োমেট্ৰিক পদ্ধতি

কোভিডে সৃষ্টি কৰা দুখন ছবি: প্ৰতি ৩০ ঘণ্টাত এজনকৈ লোক হৈছে কোটিপতি!

কোভিডে সৃষ্টি কৰা দুখন ছবি: প্ৰতি ৩০ ঘণ্টাত এজনকৈ লোক হৈছে কোটিপতি!

বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ; শিৱসাগৰত প্ৰতিবাদত নামিল আছু

বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ; শিৱসাগৰত প্ৰতিবাদত নামিল আছু

বঙাইগাঁও জিলা অতিৰিক্ত ( ঠিকাভিত্তিক) শিক্ষক সন্থাৰ সভা সম্পন্ন

বঙাইগাঁও জিলা অতিৰিক্ত ( ঠিকাভিত্তিক) শিক্ষক সন্থাৰ সভা সম্পন্ন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd