DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পেগাচাছ কাণ্ড: উচ্চতম ন্যায়ালয়ে গঠন কৰি দিয়া কমিটিয়ে দাখিল কৰিলে অন্তৱৰ্তী প্ৰতিবেদন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 22, 2022 2:37 pm
supreme-court-Pegasus-case-696x364-1
183
VIEWS
Share on FacebookShare on Twitter

ইজৰাইলী স্পাইৱেৰ ব্যৱহাৰ কৰি ৰাজনীতিবিদ, সাংবাদিক, বিচাৰক আৰু চৰকাৰী বিষয়াসকলৰ ওপৰত চকু ৰখা পেগাচাছ কাণ্ডৰ তদন্ত কৰিবলৈ নিযুক্ত বিশেষজ্ঞ সমিতিয়ে তদন্ত সম্পূৰ্ণ কৰিবলৈ অধিক সময় বিচাৰিছে।

সূত্ৰসমূহে জানিবলৈ দিয়ে যে ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) ৰবীন্দ্ৰনৰ নেতৃত্বত গঠিত পেনেলে ইতিমধ্যে উচ্চতম ন্যায়ালয়ত ইয়াৰ অন্তৱৰ্তীকালীন প্ৰতিবেদন দাখিল কৰিছে আৰু সেয়া ২৩ ফেব্ৰুৱাৰীত বিবেচনা কৰি চোৱাৰ সম্ভাৱনা আছে।

উচ্চতম ন্যায়ালয়ে যোৱা বছৰ অক্টোবৰত এক বৃহৎ ৰাজনৈতিক বিতৰ্কৰ মাজতে সমিতিখন গঠন কৰি দি কৈছিল যে প্ৰতিবাৰে ৰাষ্ট্ৰীয় নিৰাপত্তা উত্থাপন কৰাৰ সময়ত ৰাষ্ট্ৰই “বিনামূলীয়া পাছ নাপাব” আৰু আদালত “মূক দৰ্শক” হৈ নাথাকিব।

লগতে পঢ়ক: ইউক্ৰেইনৰ দুটা অঞ্চলক স্বাধীন ঘোষণা কৰিলে পুটিনে; আমেৰিকাকে ধৰি পশ্চিমৰ প্ৰতিক্ৰিয়া

এতিয়ালৈকে, সাংবাদিক এন ৰাম, সিদ্ধাৰ্থ বৰদৰাজন আৰু পৰাঞ্জয় গুহ ঠাকুৰতাকে ধৰি কমেও ১৩ জন লোক সমিতিৰ সন্মুখত উপস্থিত হৈছে।

সূত্ৰসমূহে কয় যে ভীমা কোৰেগাঁও গোচৰৰ অভিযুক্তসকলৰ সৈতে জড়িতকে ধৰি পেনেলে ফৰেনচিক পৰীক্ষাৰ বাবে প্ৰায় এক ডজন চেলফোন লাভ কৰিছে।

যোৱা বছৰ এটা আন্তৰ্জাতিক সংবাদ সংস্থাই প্ৰকাশ কৰা প্ৰতিবেদনত কোৱা হৈছিল যে এই স্পাইৱেৰটো কেইবাখনো ৰাষ্ট্ৰই নাগৰিক সমাজৰ কৰ্মী, সাংবাদিক আৰু আন বহুতক লক্ষ্য কৰি ব্যৱহাৰ কৰিছিল। ইয়াৰ পিছতে পেগাচাছ কাণ্ডই তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছিল।

লগতে পঢ়ক: মামৰে ধৰিছে আঁচনিত! কলিয়াবৰত কলং পুনৰুজ্জীৱিতকৰণ নামত জলসম্পদ বিভাগৰ প্ৰহসন

ভাৰতত, নিউজ পৰ্টেল “দ্য ৱায়াৰ”য়ে দাবী কৰিছিল যে ইয়াত ১৪২ জনৰো অধিক লোকক লক্ষ্য কৰা হৈছিল।

উক্ত তালিকাত কংগ্ৰেছৰ ৰাহুল গান্ধী, নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰ, দুজন কাৰ্যনিৰ্বাহ কৰি থকা কেন্দ্ৰীয় মন্ত্ৰী, এজন প্ৰাক্তন নিৰ্বাচন আয়ুক্ত, উচ্চতম ন্যায়ালয়ৰ দুজন পঞ্জীয়ক, এজন প্ৰাক্তন ন্যায়াধীশৰ পুৰণি নম্বৰ, এজন প্ৰাক্তন এটৰ্নি জেনেৰেলৰ ঘনিষ্ঠ সহযোগী আৰু ৪০ জন সাংবাদিক অন্তৰ্ভুক্ত হৈছিল।

স্পাইৱেৰ নিৰ্মাতা এনএছঅ’য়ে তেওঁলোকে কেৱল চৰকাৰ আৰু তেওঁলোকৰ সংস্থাসমূহকহে ইয়াৰ সামগ্ৰী যোগান ধৰে বুলি কোৱাৰ পিছত কেন্দ্ৰই তীব্ৰ বিৰোধী চাপত পৰি কৈছিল যে ইয়াত কোনো অবৈধ হস্তক্ষেপ নাছিল।

অক্টোবৰত, এলানি আবেদনৰ সঁহাৰি দি, উচ্চতম ন্যায়ালয়ে তিনিজনীয়া বিশেষজ্ঞ সমিতি গঠনৰ নিৰ্দেশ দিছিল।

লগতে পঢ়ক: দবাত বিশ্বৰ ১নম্বৰ খেলুৱৈক পৰাজিত কৰি চমক দিলে ভাৰতৰ তৰুণ গ্ৰেণ্ড মাষ্টাৰ প্ৰজ্ঞানন্ধাই

কেন্দ্ৰৰ প্ৰতিটো যুক্তিক ব্যৱহাৰিকভাৱে অস্বীকাৰ কৰি ন্যায়ালয়ে কৈছিল যে গোপনীয়তা অকল সাংবাদিক বা সামাজিক কৰ্মীসকলৰে নহয়, প্ৰতিজন নাগৰিকৰে চিন্তাৰ বিষয়। দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠে কৈছিল যে এই  নিৰীক্ষণে “বাক স্বাধীনতাৰ ওপৰত নীৰৱ প্ৰভাৱ পেলাব পাৰে”।

যোৱা মাহত, আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৈনিক কাকত নিউয়ৰ্ক টাইমছে পেগাচাছ স্পাইৱেৰ আৰু এটা মিছাইল ব্যৱস্থা ২০১৭ চনত ভাৰত আৰু ইজৰাইলৰ মাজত কৰা প্ৰায় ২ বিলিয়ন ডলাৰৰ চুক্তিৰ “কেন্দ্ৰবিন্দু”, আৰু অস্ত্ৰ আৰু চোৰাংচোৱা ব্যৱস্থা জড়িত থকা বুলি প্ৰকাশ কৰা প্ৰতিবেদনৰ পিছতে বিষয়টোৱে পুনৰ নতুনকৈ চৰ্চা লাভ কৰে।

Recent News

Drugs peddler বঙাইগাঁৱত ড্ৰাগছসহ এজন যুৱক আটক

Drugs peddler বঙাইগাঁৱত ড্ৰাগছসহ এজন যুৱক আটক

Northeast Now Impact: নৰ্থইষ্ট নাওৰ বাতৰিৰ প্ৰভাৱ! পকী পথ নিৰ্মাণত অনিয়মৰ বিৰুদ্ধে তদন্ত কৰিবলৈ প্ৰতিনিধি প্ৰেৰণ অখিল গগৈৰ

Northeast Now Impact: নৰ্থইষ্ট নাওৰ বাতৰিৰ প্ৰভাৱ! পকী পথ নিৰ্মাণত অনিয়মৰ বিৰুদ্ধে তদন্ত কৰিবলৈ প্ৰতিনিধি প্ৰেৰণ অখিল গগৈৰ

Plane Missing in Nepal: নেপালত ৪ ভাৰতীয়সহ ২২ জন যাত্ৰীৰ সৈতে সন্ধানহীন বিমান

Plane Missing in Nepal: নেপালত ৪ ভাৰতীয়সহ ২২ জন যাত্ৰীৰ সৈতে সন্ধানহীন বিমান

Human rights activist: মানৱ অধিকাৰ কৰ্মী মাৰ্ক থাংমাং হাওকিপক ন্যায়িক জিম্মালৈ প্ৰেৰণ

Human rights activist: মানৱ অধিকাৰ কৰ্মী মাৰ্ক থাংমাং হাওকিপক ন্যায়িক জিম্মালৈ প্ৰেৰণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd