লক্ষ্য ২০১৯ৰ নিৰ্বাচন : গান্ধী জয়ন্তীৰ দিনাই প্ৰদেশ কংগ্ৰেছে আৰম্ভ কৰিলে ‘লোকসম্পৰ্ক অভিযান’

Congress Lok Samparka

২০১৯ৰ নিৰ্বাচনৰ বাবে জনসম্পৰ্ক স্থাপনৰ উদ্দেশ্যে অসম প্ৰদেশ কংগ্ৰেছে আজিৰ পৰা আৰম্ভ কৰে লোকসম্পৰ্ক অভিযান।

আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে তৎপৰ হৈ পৰিছে বিৰোধী দল কংগ্ৰেছ। দলটোৱে ইতিমধ্যে ৰাফেল বিমান ক্ৰয় কেলেংকাৰি, মূল্যবৃদ্ধি আদিকে ধৰি বিভিন্ন ইচ্ছ্যুৰে জনসমৰ্থন আদায়ৰ বাবে চেষ্টা চলাই থকা মাজতে আজিৰে পৰা আৰম্ভ কৰিছে এটা নতুন কাৰ্যসূচী।

আজি গান্ধী জয়ন্তীৰ দিনাই জাতিৰ পিতা মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছতেই কংগ্ৰেছে ২০১৯ৰ নিৰ্বাচনৰ বাবে জনসম্পৰ্ক স্থাপনৰ উদ্দেশ্যে আৰম্ভ কৰিলে ‘লোকসম্পৰ্ক অভিযান’।

এই অভিযান আৰম্ভ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাসহ কংগ্ৰেছৰ এটা দলে গুৱাহাটীৰ তৰুণ নগৰৰ ৪২ নং ৱাৰ্ডৰ দলটোৰ ২১৪ নম্বৰ বুথৰ অন্তৰ্গত চাৰিটা পৰিয়ালক সাক্ষাৎ কৰে। ইয়াৰ পাছত আবেলিলৈ মণিপুৰিবস্তিৰ ১১০ নম্বৰ বুথৰ চাৰিটা পৰিয়ালৰ ওচৰলৈ যায়।

দলটোৱে পৰিয়ালকেইটাৰ লগত মত বিনিময় কৰাৰ লগতে তেওঁলোকৰ অভাৱ-অভিযোগৰ বুজ লয়। ইয়াৰ উপৰি পৰিয়ালকেইটাৰ পৰা দিহা পৰামৰ্শও গ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ দলটোৱে।

“এই কাৰ্যসূচীৰ জৰিয়তে আমি বিজেপি চৰকাৰৰ মিথ্যাচাৰ, প্ৰতিশ্ৰুতি ভংগ, অচ্ছে দিনৰ পৰিৱৰ্তে মূল্যবৃদ্ধিৰে ৰাইজৰ মূৰত মাধমাৰ, কেন্দ্ৰীয় পৰ্যায়ত বৃহৎ পৰিমাণৰ দুৰ্নীতি, ৰাজ্য চৰকাৰৰ বিভিন্ন বিফলতা আদি ৰাইজৰ আগত দাঙি ধৰিছো। এই কাৰ্যসূচী কেৱল লোকসভা নিৰ্বাচনৰ বাবেই নহয়, আমাৰ এই ‘লোকসম্পৰ্ক অভিযান’ কাৰ্যসূচী আগলৈও চলি থাকিব আৰু ভোটাৰ ৰাইজৰ লগত সম্পৰ্ক ৰক্ষা কৰি যাম”, কাৰ্যসূচী আৰম্ভ কৰি সভাপতি ৰিপুন বৰাই কয়।

উল্লেখ্য যে এই ‘লোকসম্পৰ্ক অভিযান’ কাৰ্যসূচীৰ বাবে প্ৰদেশ কংগ্ৰেছে ৰাজ্যখনত ২৬ হাজাৰ কৰ্মী নিয়োগ কৰিছে। এই কৰ্মীসকলে প্ৰতিজনে ১০-১৫টা পৰিয়ালৰ লগত সম্পৰ্ক ৰক্ষা কৰিব।

এই কাৰ্যসূচীৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছে ৰাজীৱ ভৱনত গান্ধী জয়ন্তী উদযাপন কৰে। ইয়াৰ উপৰি ৰিপুণ বৰাসহ এটা দলে গান্ধী মণ্ডপলৈ গৈ মহাত্মা গান্ধীৰ প্ৰতিকৃতিত শ্ৰদ্ধাঞ্জলি জনায়।