অসম চৰকাৰে ঘোষণা কৰা গ্ৰন্থবৰ্ষ ২০২৫ৰ সৈতে সংগতি ৰাখি অসম প্ৰকাশন পৰিষদে গ্ৰন্থবৰ্ষ ২০২৫ ফেল‘শ্বিপ লাভ কৰা লেখকসকলৰ নাম ঘোষণা কৰিছে। লেখক আৰু বৌদ্ধিক ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিসকলক উৎসাহ যোগাবৰ বাবে এই অভিলাষী প্ৰকল্পৰ আয়োজন কৰা হৈছিল। অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ তথা বিশিষ্ট লেখক সুমন্ত চলিহাৰ অধ্যক্ষতাত গঠিত এখন দহজনীয়া সমিতিয়ে এই ফেল‘শ্বিপ প্ৰাপকসকলৰ নাম বাছনি কৰিছে। অসমীয়া, বাংলা, বড়ো ভাষাৰ লগতে অসমৰ বিভিন্ন জনগোষ্ঠীয় ভাষাৰ গ্ৰন্থকাৰসকলৰ বাবে মুঠ বাইছটা বিষয় ধাৰ্য কৰা হৈছিল। এই ফেল‘শ্বিপৰ বাবে ৫১২ গৰাকী লেখকৰ পৰা মুঠ ৫৪৭ টা পাণ্ডুলিপি জমা পৰিছিল আৰু ইয়াৰ মাজৰ পৰাই বিচাৰকসকলে ৪৯ গৰাকী লেখকৰ পাণ্ডুলিপি নিৰ্বাচন কৰে।
এই ফেল‘শ্বিপ লাভ কৰা প্ৰতিগৰাকী লেখকে ৫০ হাজাৰ টকাৰ লগতে এখনকৈ প্ৰমাণ পত্ৰ লাভ কৰিব। এই সমগ্ৰ বাছনি প্ৰক্ৰিয়াটো সুচাৰুৰূপে সম্পন্ন কৰিবলৈ গঠন কৰা নিৰ্বাচক সমিতিখনৰ অধ্যক্ষ আছিল সুমন্ত চলিহা। সমিতিখনৰ আন সদস্যসকল আছিল ক্ৰমে অনুৰাধা শৰ্মা পূজাৰী, ড॰ সত্যকাম বৰঠাকুৰ, ড॰ ছাইদুল ইছলাম, ড॰ অদিতি বেজবৰুৱা, কামেশ্বৰ বড়ো, ড॰ প্ৰশান্ত চক্ৰৱৰ্তী, ড॰ বিভা ভড়ালী, ড॰ লিপিকা তালুকদাৰ আৰু অচ্যুৎ কুমাৰ পাটোৱাৰী।
অসমীয়া ভাষাত এই ফেল‘শ্বিপ লাভ কৰা লেখকসকল আৰু তেওঁলোকৰ পাণ্ডুলিপিসমূহ হৈছে ক্ৰমে প্ৰকল্প ৰঞ্জন ভাগৱতীৰ কথা কোৱা ঘোঁৰা, তুতুল মানৱৰ মনৰ জগত, নাং অজন্তা বুঢ়াগোহাঞিৰ অসমৰ সাতোটা টাই জনগোষ্ঠী, নৱজ্যোতি পাঠকৰ সভা অবিভক্ত কামৰূপৰ অনন্য সামাজিক ঐতিহ্য, ৰংমন ৰংদৈৰ তোমালোক নিৰোগী হোৱা, শাংকব কৌশিক বৰুৱাৰ ৰিবেল চন অব্ কংগ্ৰেছ হৰেশ্বৰ গোস্বামী, বিদ্যুৎ বৰুৱাৰ বাঙ্ময় প্ৰাচীৰ, বিনয় মোহন শইকীয়াৰ বৈষ্ণৱ শৈৱ আৰু গৌণ ধৰ্মমতসমূহ, ববিতা ফুকনৰ কাজিৰঙাৰ দুৰন্ত প্ৰেমিক ডাঃ ৰবীন বেনাৰ্জী, সত্যব্ৰত বৰাৰ মহাকাশৰ সীমনা বিচাৰি, অপৰাজিতা পূজাৰীৰ দেৱীমাতৃকা কামাখ্যা, শশীধৰ দেউৰীৰ দেউৰী জাতিৰ সংস্কৃতি, নকুল কুৰ্মীৰ ভাৰতৰ স্বাধীনতা আন্দোলনত চাহ জনগোষ্ঠীৰ অৱদান, আৰু ড॰ ৰুমী নাথৰ ডালু জনগোষ্ঠী।
ইয়াৰ লগতে অসমীয়া ভাষাত ফেল‘শ্বিপ লাভ কৰা আন লেখকসকল হৈছে অতুল মজুমদাৰৰ বিবৰ্তিত নাট্য ইতিহাসৰ আলোকত অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ, সঞ্জীৱ সভাপণ্ডিতৰ ভূমিৰ পৰা ভূমালৈ, চয়নিকা দত্তৰ সাহিত্য আৰু প্ৰযুক্তি, প্ৰীতিৰেখা ভূঞাৰ স্বপ্নবাসৱদত্তা, ড॰ ভূপেন্দ্ৰ ৰায়চৌধুৰীৰ ভাৰতীয় সংস্কৃতিৰ দিগদৰ্শন, নীলিমা গোস্বামী শৰ্মাৰ আনন্দৰাম ঢেকিয়াল ফুকন, ৰাজীৱ শৰ্মাৰ অসমীয়া ব্ৰাহ্মণৰ ইতিবৃত্ত, ৰমানন্দন বৰাৰ হিন্দু ধৰ্মৰ প্ৰতীক আধুনিক বিচাৰ, জিন্টু গীতাৰ্থৰ ডিমাছা লোকগাথা সমাজ সংস্কৃতি, পুলিন কলিতাৰ আমবাৰীৰ ঐতিহ্য, ড॰ গজেন্দ্ৰ অধিকাৰীৰ শিলালিপি আৰু তাম্ৰফলিত পুৰণি কামৰূপ, দীপক কুমাৰ কলিতাৰ ভাৰতৰত্ন সত্যজিৎ ৰায়, নিভা শইকীয়াৰ প্ৰাচ্যবিদ্যাৰ্ণৱ কৃষ্ণকান্ত সন্দিকৈ, ড॰ মৃদুস্মিতা ফুকনৰ সমকালীন অসমৰ প্ৰেক্ষাপটত লোকবন্ধু ডাঃ ভুৱনেশ্বৰ বৰুৱা, যতীন মৰাণৰ মৰাণ জনগোষ্ঠীৰ সমাজ আৰু সংস্কৃতি, ড॰ অনুশ্ৰী শৰ্মা বৰুৱাৰ বেলটৰ মাজৰ প্ৰেম, হৰিবন্ধু বিশ্বাসৰ নমঃ শূদ্ৰ সম্প্ৰদায়ৰ লোকসংস্কৃতি, গীতিমালিকা নেওগৰ জননেতা বিষ্ণুৰাম মেধি, সুবোধমল্ল বৰুৱাৰ অসমৰ ফুটবল, ব্ৰজেন্দ্ৰ দেৱ মোহন শৰ্মাৰ অসমৰ পখিলা, ড॰ নৱ কুমাৰ চমুৱাৰ ইকক্ৰিটিছিজম, বন্দিতা গোস্বামী শৰ্মাৰ বেজবৰুৱাৰ জোনাকী আৰু জোৰাসাঁকোকালীন জীৱন, মোহন লাগাচুৰ মানৱ জাতিৰ পিতৃ আবুতানি, ড॰ যাদৱ চন্দ্ৰ কলিতাৰ ভাৰতীয় ঐতিহ্যত পাৰিপাশ্বিৰ্ক মূল্যবোধৰ চেতনা, আৰু ইপ্সিতা কন্দলি শৰ্মাৰ নাৰী সৱলীকৰণ।
আনহাতে, বাংলা ভাষাত ফেল‘শ্বিপ লাভ কৰিছে দেবযানী চৌধুৰীৰ বৰাক উপত্যকাৰ ঐতিহ্যেৰ ইতিকথা, সুদেষ্ণা চন্দৰ ফেলে আসা দিনগুলি, শিশিৰ সেনগুপ্তৰ স্বাধীনতা সংগ্ৰামে অসমেৰ বীৰ বীৰাঙ্গনা, শাশ্বতী ঘোষ দস্তিদাৰৰ দন্দুয়া দ্ৰোহ, নিবেদিতা চক্ৰৱৰ্তীৰ ৰাজমোহন নাথেৰ ৰঙ্গৰসেৰ গল্প, নিকিতা সাহাৰ পুৰনো কামৰূপেৰ ধৰ্মেৰ ধাৰা, আৰু শ্যামাশ্যাম কৃষ্ণপূজাৰি চট্টোপাধ্যায়ৰ চমস্কীয় ব্যাকৰণ তত্ত্ব ও বিশ্লেষণ নামৰ পাণ্ডুলিপিয়ে। ঠিক একেদৰে, বড়ো ভাষাত ফেল‘শ্বিপ লাভ কৰিবলৈ সক্ষম হৈছে ৰিপেন বড়োৰ বনফুল, সুশান্ত নাৰলা মুছাহাৰীৰ বাথৌ ধৰ্ম আৰু খেৰাই উৎসৱ, আৰু পদুলাল ৰামচিয়াৰীৰ এ আই ৰে মহাসাগৰ পৰিভ্ৰমণ নামৰ পাণ্ডুলিপিয়ে।





