NORTHEAST NOW (Assamese)

অসমত পুনৰ ১০ গৰাকী ক’ৰ’না আক্ৰান্তৰ মৃত্যু; মুঠ আক্ৰান্তৰ সংখ্যা ৯২৬১৯ গৰাকীলৈ বৃদ্ধি

August 24, 2020 10:50 pm · এন ই নাও নিউজ

অসমত আজি পুনৰ ১৮৭৯ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।

নতুনকৈ ক’ৰ’না আক্ৰান্ত ১৮৭৯ গৰাকী লোকৰ ভিতৰত ৪৭১ গৰাকী কামৰূপ মহানগৰ জিলা, ১৪৩ গৰাকী ডিব্ৰুগড়, ১৩৮ গৰাকী যোৰহাট আৰু ১৩৩ গৰাকী কাছাৰ জিলাৰ।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে এই কথা প্ৰকাশ কৰে।

আজি স্বাস্থ্য বিভাগে কৰা ২৮৬৭০ টা নমুনাৰ পৰীক্ষাৰ ভিতৰত ১৮৭৯ টা নমুনাৰ ফলাফল প’জিটিভ আহে।

আনহাতে, আজি পুনৰ ৰাজ্যত ১০ গৰাকী লোকে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে প্ৰাণ হেৰুৱাবলগীয়া হয়।

মৃত্যু হোৱা লোক কেইগৰাকীৰ ভিতৰত কাছাৰৰ চিলা বেগম মজুমদাৰ(৪৮), কাৰ্বি আংলঙৰ চিত্ৰা দে(৬০), যোৰহাটৰ বেদান্ত আও(৬১), ডিব্ৰুগড়ৰ ববিতা সিং(৪৫), কৰিমগঞ্জৰ ৰণধীৰ শৰ্মা(৭৫), কাছাৰৰ দেবব্ৰত দেব(৪৮), কাছাৰৰ শ্ৰীনিবাস কাংছা বানিক(৬৪), নগাঁৱৰ অঞ্জিমা বেগম(৫৫), কোকৰাঝাৰ ড০ অমল মুছাহাৰী(৫৩) আৰু চৰাইদেউৰ য়ুছুফ আলী(৫৭)।

অসমত বৰ্তমানলৈ মুঠ ৯২৬১৯ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ বিপৰীতে ৭০,৯০০ গৰাকী লোক চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিছে।

ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত বৰ্তমান সময়ত ২১৪৬৪ গৰাকী সক্ৰিয় ক’ৰ’না ৰোগী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ২৫২ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

Related News