ৰাজ্যত কোভিডত নতুনকৈ কিমান আক্ৰান্ত, কিমানৰ মৃত্যু; পজিটিভিটিৰ হাৰ চিন্তাৰ কাৰণ?

images

প্ৰতিনিধিত্বমূলক ফটো।

New Covid cases Assam ৰাজ্যখনত নতুনকৈ কোভিডৰ সংক্ৰমণৰ হাৰ সামগ্ৰিকভাৱে বৃদ্ধি পোৱা নাই যদিও পজিটিভিটিৰ হাৰ বৃদ্ধি পোৱাটো চিন্তাৰ কাৰণ হ’ব পাৰে।  

দেওবাৰে অসমত কোভিডত আক্ৰান্তৰ হাৰ ১ শতাংশৰ ওপৰত আছে। ৰাজ্যখনত কোভিড পজিটিভিটিৰ হাৰ দীৰ্ঘদিন ধৰি ১শতাংশৰ তললৈ নামিছিল যদিও পুনৰ এই হাৰ বৃদ্ধি পোৱাটোৱে উৎসৱৰ বতৰত নতুন চিন্তাৰ ইংগিত বহন কৰিছে।

দেওবাৰে ৰাজ্যত সৰ্বমুঠ ১৯,৩৫০ টা কোভিড পৰীক্ষা সম্পন্ন কৰা হয় আৰু ইয়াৰে ২০৫ গৰাকী ব্যক্তিৰ শৰীৰত কোভিড সংক্ৰমণ ধৰা পৰিছে।

আনহাতে, এই দিনটোত কোভিড সংক্ৰমণৰ হাৰ হৈছে ১.০৬ শতাংশ।

কামৰূপ মেট্ৰ’ত নতুনকৈ কোভিডত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ৬৮ গৰাকী।

সেইদৰে ৰাজ্যত দেওবাৰে ৬ জন ব্যক্তিৰ কোভিড সংক্ৰমণৰ ফলত মৃত্যু হয়।

ৰাজ্যত কোভিডত সুস্থ হোৱা ৰোগীৰ হাৰ হৈছে ৯৮.৪৫ শতাংশ।

ইয়াৰ মাজতে ৰাজ্যজুৰি দুৰ্গা পূজা উলহ-মালহেৰে অনুষ্ঠিত হৈ যায়। বিভিন্ন পূজাস্থলীত মানুহৰ ভিৰো পৰিলক্ষিত হয়।

বহু দৰ্শনাৰ্থীয়ে কোভিড বিধিৰ প্ৰতি বিশেষ মনযোগ দিয়াও দেখা নগ’ল।