• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চোপ লৈ থকা নাগা বিদ্ৰোহীৰ ভয়ংকৰ আক্ৰমণত অসম ৰাইফলছৰ ২জন জোৱান নিহত, ৪জন আহত

NE NOW NEWS অনুপ শৰ্মা
গুৱাহাটী , May 25, 2019 7:19 pm

1 min read

NSCN_Assam_Riffles

যোৱা ২৫ মে'ত সন্দেহযুক্ত এন এছ চি এন (কে)ৰ আক্রমণত আহত জোৱান।

1.9k
VIEWS
Share on FacebookShare on Twitter

নাগালেণ্ডৰ মন জিলাত চোপ লৈ থকা সশস্ত্ৰ বিদ্ৰোহীৰ ভয়ংকৰ আক্ৰমণত অসম ৰাইফলছৰ দুজন জোৱানৰ থিতাতে মৃত্যু হোৱাৰ লগতে আহত হৈছে ৪জনকৈ জোৱান।

আক্ৰমণৰ ঘটনাটো ২৫ মে’ত দুপৰীয়া ১ বজাৰ আশে-পাশে ৰাজ্যখনৰ মন জিলাৰ চাংলাংচো নামৰ ঠাইত সংঘটিত হয়, নৰ্থ-ইষ্ট নাওক জনালে প্ৰতিৰক্ষা বাহিনীৰ এজন মুখপাত্ৰই।

সূত্ৰটোৰ মতে, চোপ লৈ থকা সশস্ত্ৰ বিদ্ৰোহীসকলে আছাম ৰাইফলছৰ এটা কনভয়ৰ ওপৰত জধে-মধে গুলীয়ায়, ফলত দুজন জোৱানৰ মৃত্যু হয় আৰু তিনিজন জখম হয়।

কোনো বিদ্ৰোহী সংগঠনে আক্ৰমণটোৰ দায়িত্ব স্বীকাৰ কৰা নাই যদিও, ইয়াক এন এছ চি এন (কে)ৰ কাম হ’ব পাৰে বুলি সন্দেহ কৰা হৈছে।

আঘাতপ্ৰাপ্ত চাৰিজন জোৱানক উন্নত চিকিৎসাৰে ঘটনাস্থলীৰ পৰা হেলিকপ্তাৰেৰে অনা হয়, জনালে মন জিলাৰ উপায়ুক্ত থাভছীলেন কেই।

একে স্থানতে ২০১৫ চনতো নাগা সশস্ত্ৰ বিদ্ৰোহীয়ে একেদৰে এটা ভয়ংকৰ এম্বুছ কৰিছিল আছাম ৰাইফলছৰ ওপৰত, য’ত ৯জন জোৱানৰ মৃত্যু হৈছিল।

উল্লেখযোগ্য যে মাত্ৰ চাৰিদিন পূৰ্বে সন্দেহযুক্ত এন এছ চি এন (আই এম)ৰ সশস্ত্ৰ বিদ্ৰোহীয়ে তিৰাপ জিলাৰ পথতে গুলীয়াই হত্যা কৰিছিল অৰুণাচল প্ৰদেশৰ বিধায়ক তিৰং আবহ, তেওঁৰ পুত্ৰকে ধৰি মুঠ ১১জন লোকক।

Recent News

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

অন্ত পৰিব কৃষক বিদ্ৰোহ!, ২১ জানুৱাৰিত সৰ্বোচ্চ ন্যায়ালয়ে গঠন কৰি দিয়া সমিতিৰ সৈতে প্ৰতিবাদকাৰী কৃষকৰ বৈঠক

aa covw3

কোভিডৰ ভেকচিন লৈ এইবাৰ পশ্চিমবংগত অসুস্থ ১৪ জন, দুজনৰ অৱস্থা সংকটজনক

অষ্ট্ৰেলিয়াত টেষ্ট শৃংখলা জয়ৰ পিছতেই ভাৰতীয় দললৈ কোটি টকাৰ পুৰস্কাৰ ঘোষণা BCCI-ৰ

অষ্ট্ৰেলিয়াত টেষ্ট শৃংখলা জয়ৰ পিছতেই ভাৰতীয় দললৈ কোটি টকাৰ পুৰস্কাৰ ঘোষণা BCCI-ৰ

a raper

বিয়াৰ প্ৰতিশ্ৰুতি দি অভিনেত্ৰীক ধৰ্ষণ কৰিলে পাইলটে, তাৰপিছত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd