NORTHEAST NOW (Assamese)

কলিয়াবৰ ষ্টেট বেংকৰ সন্মুখত পুনৰ দিন ডকাইতিৰ কাণ্ড

May 18, 2019 7:06 pm · ৰিদিপ শৰ্মা

ভাৰতীয় ষ্টেট বেংকৰ কলিয়াবৰ শাখাৰ সন্মুখত পুনৰ দিন ডকাইতিৰ কাণ্ড সংঘটিত হয়। কলিয়াবৰৰ দেউৰী চিলাবন্ধাৰ দেৱকান্ত ৰাজখোৱা নামৰ লোকজনৰ এ এছ ০২ এছ – ৯৮৪৭ নম্বৰৰ চুইফ্ট ডিজায়াৰ গাড়ীখনৰ খিৰিকীৰ গ্লাচ ভাঙি অচিনাক্ত দুৰ্বৃত্তই লুটি নিলে ২ লাখ ৫৫ হাজাৰ টকা।

ঘটনাৰ বিৱৰণি মতে ৰাজখোৱাই দুখন চেকৰ জৰিয়তে বেংকৰ পৰা টকাখিন উঠাই নিজ গাড়ীত থৈ প্ৰস্ৰাৱ কৰিবলৈ যোৱাৰ সময়তে দুৰ্বৃত্তই গাড়ীখনৰ সমুখৰ বাঁওফালৰ আসনৰ খিৰিকীৰ গ্লাছ ভাঙি দুই লক্ষাধিক টকা লৈ উধাও হয়। পিছত পুনৰ গৰাকী ৰাজখোৱা গাড়ীখনলৈ উভটি আহি ভঙা গ্লাছ দেখিহে টকা নোহোৱাতো জানিব পাৰে।

লগে লগে ঘটনা সন্দৰ্ভত কলিয়াবৰ আৰক্ষীক অৱগত কৰাত ঘটনাস্থলীত কলিয়াবৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব‍্যাহত ৰাখিছে যদিও বাতৰি লিখা পৰ্য্যন্ত কোনো ধৰণৰ ফলাফল লাভ কৰা নাই।

অৱশ্যে বেংকৰ চি চি টিভিৰ ফুটেজ পৰীক্ষা কৰিছে যদিও এই পৰ্য‍্যন্ত কোনো শুং-সূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই কলিয়াবৰ আৰক্ষীয়ে।

উল্লেখযোগ্য যে যোৱা ৯ এপ্ৰিলতো কলিয়াবৰৰ এই ষ্টেট বেংকৰ পৰাই কলিয়াবৰৰ চতিয়াল তেল ডিপুৰ মেনেজাৰ ৰাজ কিৰণ কুমাৰে নগদ দুই লাখ ত্ৰিশ হাজাৰ টকা বেংকৰ পৰা উলিয়াই কাৰ্য্যালয়লৈ যাবলৈ লওঁতেই বেংকৰ সন্মুখৰ পৰা তেওঁৰ টকা ভৰ্ত্তি বেগটো দুৰ্বৃত্তই কাঢ়ি লৈ উধাও হৈছিল।

আজিও একেদৰে কলিয়াবৰ ষ্টেট বেংকৰ সন্মুখত এনেদৰেই দিন ডকাইতি হোৱাৰ ঘটনাই কলিয়াবৰ ষ্টেট বেংকৰ গ্ৰাহক সকল যে সুৰক্ষিত নহয় সেই কথাকে পুনৰবাৰ প্ৰমাণ কৰিলে।

Related News