NORTHEAST NOW (Assamese)

২১ ছেপ্তেম্বৰৰ পৰা খুলিব ৰাজ্যৰ বিদ্যালয়, চৰকাৰে জাৰি কৰিলে নিৰ্দেশনা, কি আছে নতুন নিৰ্দেশনাত?

September 18, 2020 5:20 pm · এন ই নাও নিউজ
Updated: September 18, 2020 7:28 pm

ক’ৰ’ণাতংকৰ বাবে মাৰ্চ মাহৰ পৰাই বন্ধ হৈ থকা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ পুনৰ ২১ ছেপ্তেম্বৰৰ পৰা খোলাৰ দিহা কৰা হৈছে।

নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈ আৰম্ভ হ’বলগীয়া শ্ৰেণীসমূহৰ ক্ষেত্ৰত ৰাজ্যৰ শিক্ষা বিভাগে কেতবোৰ নতুন নিৰ্দেশনা জাৰি কৰিছে।

কি আছে চৰকাৰৰ নতুন নিৰ্দেশনাত চাওঁ আহক—

প্ৰথম ১৫ দিনৰ বাবে চৰকাৰে জাৰি কৰা নিৰ্দেশনা বাহাল থাকিব আৰু ১৫ দিনৰ পিচত চৰকাৰে পৰিস্থিতি পৰ্যালোচনা কৰি যাৱতীয় সংশোধনীৰ ব্যৱস্থা কৰিব।

নৱম আৰু দ্বাদশ শ্ৰেণীৰ বাবে সোমবাৰ,বুধবাৰ আৰু শুকুৰবাৰে পাঠদান কৰা হ’ব।

দশম আৰু একাদশ শ্ৰেণীৰ পাঠদান হ’ব মঙলবাৰ,বৃহস্পতিবাৰ আৰু শনিবাৰে।

প্ৰতিটো শ্ৰেণীৰ শিক্ষাৰ্থীসকলক দুটা ভাগত ভগাই পাঠদান কৰা হ’ব আৰু শ্ৰেণীত যদি শিক্ষাৰ্থীৰ সংখ্যা ২০ গৰাকীতকৈ কম থাকে তেন্তে কোনো ভাগ কৰা নহ’ব।

প্ৰথম বেটছৰ শিক্ষাৰ্থীসকলে পুৱা ৯ বজাত বিদ্যালয়লৈ আহি দিনৰ ১২ বজালৈ বিদ্যালয়ত থাকিব লাগিব।

দ্বিতীয় বেটছৰ শিক্ষাৰ্থীৰ পাঠদান হ’ব দিনৰ ১ বজাৰ পৰা ৪ বজালৈ।

বিদ্যালয়লৈ অহা শিক্ষাৰ্থীসকলে অভিভাৱকৰ পৰা আপত্তিবিহীন প্ৰমাণপত্ৰ লগত আনিব লাগিব।

বিদ্যালয়ত শিক্ষক-অনা শিক্ষক কৰ্মীৰ সংখ্যা ৫০ শতাংশ হ’ব লাগিব।

বৃক্কৰ সমস্যা,টাইপ-২ মধুমেহ,হৃদযন্ত্ৰৰ অস্ত্ৰপোচাৰ কৰা,কৰ্কট ৰোগত আক্ৰান্ত শিক্ষকসকলক পাঠদানৰ পৰা ৰেহাই দিয়া হ’ব।

কমেও ৫ ফুটৰ শাৰীৰিক ব্যৱধান বৰ্তাই ৰাখিব লাগিব।

মুখত মাস্ক মৰাটো বাধ্যতামূলক।

ছেনিটাইজাৰৰ ব্যৱহাৰ কৰিব লাগিব লগতে সঘনে চাবোনেৰে হাত ধুব লাগিব।

য’তে-ত’তে থু-খেকাৰ পেলাব নোৱাৰিব।

য’ত সম্ভৱ হয় তাত AarogyaSetu App ডাউনলোড কৰি ল’ব লাগিব।

Related News