• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জনতা ভৱনত কৰ্মচাৰীৰ বাবে বায়’মেট্ৰিক ব্যৱস্থা : বিলম্ব উপস্থিতিৰ বাবে কৰ্তন হ’ব নৈমিত্তিক ছুটী

এন ই নাও নিউজ by এন ই নাও নিউজ
May 31, 2019 11:15 am
dy365_1480395184-1140x570

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্য প্ৰশাসনৰ প্ৰাণকেন্দ্ৰ স্বৰূপ জনতা ভৱনত কৰ্ম সংস্কৃতি গঢ়াৰ বাবে সচিবালয় প্ৰশাসনে বিভিন্ন সময়ত দি অহা নিৰ্দেশনাক বৃদ্ধাগুষ্ঠ প্ৰদৰ্শন কৰি একাংশ কৰ্মচাৰীয়ে নিজৰ খেয়াল খুচি মতে কামকাজ চলাই অহা পৰিলক্ষিত হয়।

একাংশ কৰ্মচাৰীয়ে সময়মতে কাৰ্যালয়ত উপস্থিত নোহোৱাৰ লগতে যিকোনো সময়তে কাৰ্যালয় ত্যাগ কৰি ওলাই যোৱা, নিজৰ দায়িত্বপ্ৰাপ্ত কাম নিয়াৰিকৈ সম্পন্ন নকৰা আদি বিভিন্ন কাৰণত সচিবালয় প্ৰশাসনে বিভিন্ন সময়ত জাৰি কৰা নিৰ্দশনাৰ পাছতো একাংশ কৰ্মচাৰীৰ গাৰ নোম লৰা নাই।

Apply Now

এনে পৰিস্থিতিত এনে শৃংখলাহীন কৰ্মচাৰীক নিয়ন্ত্ৰণৰ বাবে সচিবালয় প্ৰশাসনে আগন্তুক দুই তিনি মাহৰ ভিতৰত কঠোৰ ব্যৱস্থা কাৰ্যকৰী কৰাৰ প্ৰস্তুতি চলাইছে।

বিভাগীয় সূত্ৰৰ পৰা জানিব পৰা মতে, পুৱা ৯-৩০ বজাত কৰ্মচাৰীসকলৰ উপস্থিতি নিশ্চিত কৰিবলৈ বায়’মেট্ৰিক ব্যৱস্থা প্ৰৱৰ্তন কৰা হ’ব। এবাৰ এই বায়’মেট্ৰিক ব্যৱস্থা আৰম্ভ হোৱাৰ পাছত পুৱা ৯-৩০ বজাৰ লগে লগে সচিবালয়ৰমূল গেইট বন্ধ কৰি দিয়া হ’ব।

আনহাতে, উৰ্দ্ধতন কৰ্তৃপক্ষৰ অনুমতি সাপেক্ষে কিছু পলমকৈ উপস্থিত হোৱা কৰ্মচাৰীসকলৰ তিনিদিন পলমৰ বাবে এদিনৰ নৈমিত্তিক ছুটী কৰ্তন কৰাৰ ব্যৱস্থা লোৱা হ’ব। তদুপৰি, অনুমতি অবিহনে কোনোৱে কাৰ্যালয় চলি থকা সময়ত মাজতে কাৰ্যালয় ত্যাগ কৰিব নোৱাৰিব।

অৱশ্যে, কোনোৱে অনুমতি সাপেক্ষে কাৰ্যালয়ৰ পৰা ওলাই গ’লেও সেয়া বায়’মেট্ৰিক ব্যৱস্থাত ৰেকৰ্ড থাকিব।

আনহাতে, এবাৰ উপস্থিতিৰ বিষয়টো নিশ্চিত হোৱাৰ পাছতে কৰ্মচাৰীসকলৰ দায়িত্বপ্ৰাপ্ত ফাইলৰ কাম সম্পাদনৰ বিষয়কে ধৰি আন বিষয়সমূহৰ ক্ষেত্ৰতো উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

তদুপৰি, সচিবালয়ৰ বিষয়া-কৰ্মচাৰীসকলে আনুষ্ঠানিক পোছাক পৰিধান কৰাৰ লগতে তেওঁলোকৰ পৰিচয় পত্ৰ আঁৰি লোৱাটো বাধ্যতামূলক কৰিব বিচৰা হৈছে। অহা ছেপ্টেম্বৰৰ ভিতৰত এই নতুন ব্যৱস্থাসমূহ কাৰ্যকৰী কৰাৰ লক্ষ্য নিৰ্দ্ধাৰম কৰি লৈছে সচিবালয় প্ৰশাসন বিভাগে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd