NORTHEAST NOW (Assamese)

বিহুৰ অনুষ্ঠানক বেপাৰৰ আখ্যা : ক্ষোভ উজাৰি এইবাৰ প্ৰাগ নিউজক বয়কট অসমৰ শিল্পী সমাজৰ

April 29, 2021 12:45 pm · জাহ্নৱী বৰুৱা
Updated: April 29, 2021 12:48 pm

কিছুদিন পূৰ্বে অসমৰ এটা ব্যক্তিগত টিভি চেনেলত অসমৰ জনপ্ৰিয় গায়িকা প্ৰিয়ংকা ভৰালীক মাতি নি অসন্মান কৰাৰ পাছত এইবাৰ জাঙুৰ খাই উঠিছে অসমৰ শিল্পী সমাজ। এইবাৰ কণ্ঠশিল্পী নীল আকাশে প্ৰাগ চেনেলক বৰ্জন কৰাৰ কথা ঘোষণা কৰিছে।

বৈদ্যুতিন সংবাদ চেনেলটোৰ এটা টক শ্বত কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীক অসন্মান আৰু শিল্পী কলা কুশলী সকলক অপমান কৰা সাংবাদিক দেৱজিৎ ভূঞাৰ প্ৰতি ক্ষোভ উজাৰি প্ৰাগ চেনেলটোক বয়কট কৰা বুলি ঘোষণা কৰি নীল আকাশে কয়, “শিল্পী কলা কুশলীসকলক অপমান কৰা সাংবাদিক দেৱজিৎ ভূঞা ডাঙৰীয়া, আপুনি জানেনে, অসমৰ একোগৰাকী কণ্ঠশিল্পী অথবা গায়কৰ লগত কিমান পৰিয়াল জড়িত হৈ আছে। একোগৰাকী গায়ক-গায়িকাৰ লগত ৪৫-৬০ জনকৈ বিভিন্ন কলা কুশলী প্ৰত্যক্ষভাৱে জড়িত হৈ থাকে। এইসকলে নিজস্ব প্ৰতিভাকে জীৱন নিৰ্বাহৰ অন্যতম উপায় হিচাপে গ্ৰহণ কৰি সন্মান সহকাৰে জীয়াই আছে। এয়া এক কৰ্মহে, বেপাৰ নহয়।”

তেওঁ লগতে কয় যে বিহু অনুষ্ঠানক “বেপাৰ” আখ্যা দিয়া প্ৰাগ নিউজৰ সহযোগী সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক দেৱজিৎ ভূঞা ডাঙৰীয়াই এগৰাকী কণ্ঠশিল্পীক কৰা অপমান কেতিয়াও সহ্য কৰা নহ’ব। ভূঞা ডাঙৰীয়াক এনে কাৰ্যৰ বাবে ৰাজহুৱাভাৱে ক্ষমা খুজিবৰ বাবে দাবী জনালো। আজিৰে পৰা প্ৰাগ নিউজৰ কোনো অনুষ্ঠানতে উপস্থিত থকাৰ পৰা মই বিৰত থাকিম। লগতে জনাওঁ যে, মোৰ কোনো গীত অথবা ভিডিঅ’ প্ৰাগ নিউজ আৰু সংলগ্ন এণ্টাৰটেইনমেণ্ট চেনেলত বিনা অনুমতিত সম্প্ৰচাৰ নকৰিব। অনুমতি বিহীনভাৱে সম্প্ৰচাৰ কৰিলে আইনী ব্যৱস্থা লবলৈ বাধ্য হ’ম।

আশা কৰিম, অনাগত দিনত অসমৰ সৰু-বৰ শিল্পী, কলা-কুশলীক সন্মান দিব নাজানিলেও যাতে অপমান নকৰে। আমাৰ স্বাভিমান ৰক্ষা কৰি এই আহ্বানৰ প্ৰতি সঁহাৰি জনাব বুলি আশা কৰিছোঁ। অসমৰ ৰাইজৰ আশীৰ্বাদ আৰু সহযোগিতা আমাৰ একান্তই কাম্য বুলি মন্তব্য কৰে নীল আকাশে।

আৰু ইয়াৰ সমান্তৰালকৈ মণ্টুমণি, আকাশ প্ৰীতম, সুভাসনা দত্ত, কুসুম কৈলাশ, আচুৰ্য্য বৰপাত্ৰকে আদি কৰি গায়ক-গায়িকাসকলে এই একেটাই পষ্ট দি শিল্পী সমাজৰ প্ৰতি কৰা চৰম অপমানক কেন্দ্ৰ কৰি বয়কট কৰিছে প্ৰাগ চেনেলক।

Related News