• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

‘ৰক্ষকে ভক্ষকৰ ৰূপ লোৱা চৰকাৰৰ আৰক্ষীয়ে মহিলাসকলক কেনেকৈ নিৰাপত্তাৰ আশ্বাস দিব?’ ববিতা শৰ্মা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 18, 2021 8:41 pm
742522c4-f4a8-4aa2-b61a-4a14339e879d
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে উইমেন পুলিচ বিগ্ৰেড সৃষ্টি কৰিব বুলি সংবাদমেলত জনাইছে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী তথা বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসে।

নাৰীক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত যোৱা কংগ্ৰেছ চৰকাৰৰ দিনত উইমেন পুলিচ বেটেলিয়ান ফ’ৰ্চ সৃষ্টি কৰা হৈছিল বুলি সংবাদমেলত তেওঁ উল্লেখ কৰে।

Apply Now

‘সেয়েহে পুনৰ কংগ্ৰেছৰ চৰকাৰ আহিলে উইমেন পুলিচ বেটেলিয়ান ফ’ৰ্চ সৃষ্টি কৰি ৰাজ্যৰ প্ৰত্যেক থানাতে মহিলা আৰক্ষীৰ সংখ্যা বৃদ্ধি কৰিম। প্ৰয়োজন সাপেক্ষে নিৰ্দ্ধাৰিত সা-সুবিধা দি ৰাজ্যৰ থানাসমূহত মহিলাৰ চেল এটা গঠন কৰা হ’ব।‘ আশ্বাস দি নন্দিতা দাসে এইদৰে কয়।

ইপিনে, ৰাজ্যৰ প্ৰায়বোৰ আৰক্ষী থানাৰ আৰক্ষীয়ে তেওঁলোকৰ চাৰ্জশ্বীটবোৰ দুৰ্বল কৰে বা ক’ৰবাত মেনেজ হৈ যায় বুলি গুৰুতৰ অভিযোগ তুলি দাসে লগতে কয় ‘যাৰ ফলত গোচৰটো ফাৰ্ষ্টট্ৰেক আদালতত গ’লেও চাৰ্জশ্বীট দুৰ্বল হোৱাৰ ফলত অভিযুক্ত হাত সাৰি যোৱা দৃষ্টি গোচৰ হৈছে। চাৰ্জশ্বীটখন সবল হ’ব লাগে যাতে ভুক্তভোগী মহিলাগৰাকী ন্যায়ৰ পৰা বঞ্চিত নহয়। গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা আদেশ যাব লাগিব যাতে কোনো কাৰণতে ধৰ্ষণ বা নাৰী নিৰ্যাতনৰ গোচৰৰ ক্ষেত্ৰত আৰক্ষীয়ে অৱহেলা নকৰে।‘

তদুপৰি, ফৰেনচিকৰ পৰা সময়মতে প্ৰতিবেদন নহাৰ ফলত আদালতে কিছু কিছু ক্ষেত্ৰত সিদ্ধান্ত ল’ব নোৱাৰে বুলিও উল্লেখ কৰি দাসে আৰু কয় ‘বৰ্তমান ফৰেনচিকৰ মানৱ শক্তি বা আন্তঃগাঁথনি দুৰ্বল অৱস্থাত আছে। তাৰ ফলতে বছৰ বছৰ ধৰি গোচৰবোৰ অমীমাংসিত হৈ থাকি যায়।‘

আনহাতে, উক্ত সংবাদমেলত উপস্থিত থাকি মেডিয়া বিভাগৰ অধ্যক্ষ ববিতা শৰ্মাই কয় ‘শেহতীয়াকৈ অসমত বৰ্ধিত হাৰত মহিলাৰ বিৰুদ্ধে অপৰাধ সংঘটিত হৈছে। ইয়ে সুচায় যে মহিলাৰ বাবে অসম মুঠেই সুৰক্ষিত নহয়।’

এক উদাহৰণ দাঙি ধৰি শৰ্মাই কয় ‘যোৱা ১২ জানুৱাৰীত ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিত ১৮ বছৰীয়া চাহ জনগোষ্ঠীৰ ছোৱালী এগৰাকীৰ লগত সংঘটিত ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনাই অসম জোকাৰি গৈছে। মুখ্যমন্ত্ৰীৰ দায়িত্বত থকা গৃহ বিভাগৰ আৰক্ষীয়ে দুস্কৃতিকাৰীক এতিয়াও কৰায়ত্ত কৰিব পৰা নাই।‘

‘২০২০ চনৰ ১০ অক্টোবৰত গোলাঘাট জিলাৰ দেৰগাঁৱৰ Armed Police Training Centerত মুখ্য ড্ৰীল ইনষ্ট্ৰাক্টৰ হিচাপে দায়িত্বত থকা এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই প্ৰশিক্ষণৰতঃ এগৰাকী মহিলা কনিষ্টবলক ধৰ্ষণ কৰিছিল। যি দেশত মহিলাৰ নিৰাপত্তাৰ দিশত ৰক্ষকে ভক্ষকৰ ৰূপ ল’বলৈ ধৰিছে, চৰকাৰে মহিলাসকলক কেনেকৈ নিৰাপত্তাৰ আশ্বাস দিব?’ এইদৰে প্ৰশ্ন কৰে ববিতা শৰ্মাই।

আনহাতে, উক্ত সংবাদমেলত উপস্থিত থাকি প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী বিস্মিতা গগৈয়ে সংবাদমেলত কয় ‘মহিলাৰ বিৰুদ্ধে সংঘটিত হোৱা ধৰ্ষণ-হত্যাৰ ইমানবোৰ ঘটনাৰ লগত জড়িত দোষীক বিচাৰি উলিওৱাত বা চিনাক্ত কৰি উপযুক্ত শাস্তি প্ৰদান কৰাত চৰকাৰ আৰু চৰকাৰৰ প্ৰশাসন যন্ত্ৰ চৰম ব্যৰ্থ হৈছে। নহ’লে বৰ্ধিত হাৰত সংঘটিত হোৱা এনেবোৰ ঘটনাই ধাৰাবাহিকভাৱে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো ৰাজ্যখনত লজ্জানত কৰি নাথাকে।‘

ইয়াৰোপৰি, মহিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা জুৰি শৰ্মা বৰদলৈয়ে এই সন্দৰ্ভত কয় ‘বিজেপি চৰকাৰখনে বেটি বচাওঁ বেটি পঢ়াও আঁচনিত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। মহিলাৰ আত্ম সন্মানৰ বিৰুদ্ধে এই চৰকাৰখনে কাম কৰি গৈছে। মহিলাক সুৰক্ষা দিয়াৰ নামত তেওঁলোক একেবাৰে বিফল হৈছে। পৰিৱৰ্তনৰ নামত শাসনৰ গাদীলৈ অহা বিজেপিৰ পৰা আমি মহিলাসকলে পৰিত্ৰাণ বিচাৰিছো।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

September 26, 2026 8:15 pm
মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

September 26, 2026 7:10 pm
পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 26, 2026 6:05 pm
আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

September 26, 2026 5:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

September 26, 2026 8:15 pm
মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

September 26, 2026 7:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd