NORTHEAST NOW (Assamese)

ইজৰাইলৰ পৰা আহিবলগীয়া নতুন আলহীক আদৰিবলৈ সাজু অসম ৰাজ্যিক চিৰিয়াখানা

June 13, 2021 7:55 pm · এন ই নাও নিউজ
Updated: June 13, 2021 7:56 pm

ইজৰাইলৰ পৰা গুৱাহাটীস্থিত অসম ৰৈআজ্যিক চিৰিয়াখানালৈ আহিব নতুন আলহী।

অসমৰ পৰা দুটাকৈ ব্লেক পেন্থাৰ দিয়াৰ বিনিময়ত ইজৰাইলে অসম ৰাজ্যিক চিৰিয়াখানালৈ প্ৰেৰণ কৰিব দুযোৰ জেব্ৰা।চাৰিটাকৈ জেব্ৰা অতি শীঘ্ৰে চেক’শ্লভেকিয়া আৰু ইজৰাইলৰ পৰা আহিব বুলি অসমৰ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই প্ৰকাশ কৰিছে।

মন্ত্ৰীগৰাকীয়ে কয় যে এই সন্দৰ্ভত ইতিমধ্যে সংশ্লিষ্ট পক্ষৰ সৈতে বুজা-বুজিৰ চুক্তি সম্পাদন কৰা হৈছে।

ইজৰাইলৰ পৰা অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিবলগীয়া নতুন আলহীৰ বাবে ইতিমধ্যে অসম ৰাজ্যিক চিৰিয়াখানাত যাৱতীয় সকলো প্ৰস্তুতি সম্পন্ন কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

তেওঁ লগতে কয় যে দুটাকৈ ব্লেক পেন্থাৰৰ জন্ম ১১ জুনত হৈছে।

জেব্ৰাৰ লগতে আন তৃণভোজী জন্তুৰ বাবে চিৰিয়াখানাত উপযুক্ত ঘাঁহ গজোৱাৰো ব্যৱস্থা কৰা হৈছে।এই বিশেষ ঘাঁহ সাত দিনৰ ভিতৰতে ডাঙৰ হয় বুলিও তেওঁ কয়।

দৰ্শকৰ বাবে অসম ৰাজ্যিক চিৰিয়াখানা শীঘ্ৰে খোলাৰ কথা ভবা হোৱা নাই বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

উল্লেখ্য ক’ৰ’নাতংকৰ বাবে দীৰ্ঘদিন ধৰি অসম ৰাজ্যিক চিৰিয়াখানা দৰ্শকৰ বাবে বন্ধ কৰি ৰখা হৈছে।

Related News