বিজেপিৰ আশাত চেঁচাপানী : বৃদ্ধি কৰিব নোৱাৰিব চাহ শ্ৰমিকৰ দৈনিক মজুৰি

টোপেই এতিয়া বুমেৰাং হৈ পৰিছে বিজেপি নেতৃত্বাধীন চৰকাৰ খনৰ বাবে

sah-jonogusthi-

টোপেই এতিয়া বুমেৰাং হৈ পৰিছে বিজেপি নেতৃত্বাধীন চৰকাৰ খনৰ বাবে।

নিৰ্বাচনত চাহ শ্ৰমিকৰ ভোট লাভৰ আশাত চৰকাৰে কেবিনেট সিদ্ধান্তৰ জৰিয়তে চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৫০ টকাকৈ বৃদ্ধি কৰা হ’ব বুলি ঘোষণা কৰিছিল।

কিন্তু চৰকাৰৰ সেই সিদ্ধান্ত স্থগিত ৰখাৰ নিৰ্দেশ জাৰি কৰিছে আদালতে।

চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে ইণ্ডিয়ান টি এছোচিয়েছনকে ধৰি মুঠ ১৭ টা চাহ কোম্পানীয়ে আদালতত আবেদন জনোৱাৰ পিছতে গুৱাহাটী উচ্চ ন্যায়ালয়ে চৰকাৰী সিদ্ধান্তটো স্থগিত ৰখাৰ নিৰ্দেশ দিছে।

চাহ কোম্পানীসমূহে অভিযোগ কৰা অনুসৰি চৰকাৰে কোনো পূৰ্ব আলোচনা নকৰাকৈয়ে শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ সিদ্ধান্ত লৈছে আৰু এই সম্পৰ্কীয় কমিটিও গঠন কৰি দিছে।চৰকাৰে এই ক্ষেত্ৰত নূন্যতম মজুৰি আইন ১৯৪৮ মানি চলা নাই বুলিও চাহ কোম্পানীসমূহে অভিযোগ কৰিছে।

চাহ কোম্পানীসমূহে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ মাইকেল জথানখুমাই চৰকাৰক চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ সিদ্ধান্ত ১৫ মাৰ্চলৈ স্থগিত ৰখাৰ নিৰ্দেশ দিয়ে।

উল্লেখ্য বিগত চাৰে চাৰিটাতকৈ অধিক বছৰ চাহ শ্ৰমিকৰ মজুৰিৰ বৃদ্ধিৰ কথা চিন্তা নকৰা বিজেপি চৰকাৰে নিৰ্বাচনলৈ মাজত মাথো এমাহ থাকোতে সিদ্ধান্ত লৈছিল যে  চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা হ’ব।

ৰাজ্য চৰকাৰৰ কেবিনেটে ১৬৭ টকাৰ পৰিৱৰ্তে ২১৭ টকা মজুৰি বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। অৰ্থাৎ পূৰ্বৰ তুলনাত ৫০ টকাকৈ বৃদ্ধি কৰা হৈছিল চাহ শ্ৰমিকসকলৰ মজুৰি।

তাৎপয্যপূৰ্ণভাৱে চাহ শ্ৰমিকসকলে বা অন্যান্য চাহ জনগোষ্ঠীয় সংগঠন সমূহে দাবী কৰি আহিছিল যে চাহ শ্ৰমিকসকলৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰিব লাগে। কিন্তু অতদিনে ১৬৭ টকা দৈনিক মজুৰি লাভ কৰি আহিছিল।

ইপিনে, চৰকাৰৰ কেবিনেটে এই সিদ্ধান্ত লৈ ঘোষণা কৰিছিল যদিও চাহ কোম্পানীবিলাকৰ মালিকক এইক্ষেত্ৰত ৰাজ্য চৰকাৰে বাধ্য কৰোৱাব যে নোৱাৰে সেই কথা পুনৰ প্ৰমাণ হ’ল।