• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুনৰ ছয়গাঁও-কাণ্ডৰ নিচিনা ঘটনাৰ সন্মুখীন অসমৰ শিল্পীৰ দল; মহানগৰ আৰক্ষী আয়ুক্তৰ তৎপৰতাত উদ্ধাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 7, 2019 9:19 am
Narangi Anchalik Mahavidyalaya

প্ৰতিনিধিত্বমূলক ছবি।

10.3k
VIEWS
Share on FacebookShare on Twitter

অসমৰ এটা শিল্পীৰ দল পুনৰ ছয়গাঁও-কাণ্ডৰ নিচিনা ঘটনাৰ সন্মুখীন হৈছে।

ছয়গাঁৱৰ বকোত যোৱা ৭ জুনত ঈদৰ সাংস্কৃতিক অনুষ্ঠানত নৃত্য পৰিৱেশন কৰিবলৈ যোৱা শিল্পীৰ এটা দলক উদণ্ড যুৱকৰ দলে আবদ্ধ কৰি অশালীন নৃত্য প্ৰদৰ্শনৰ বাবে হেঁচা দিয়া ঘটনাটোৰ দৰেই পৰিস্থিতিৰ সন্মুখীন হৈছে অসমৰ পৰা শিলিগুৰিলৈ যোৱা ৯জনীয়া এটা শিল্পীৰ দলে।

নৃত্যশিল্পীৰ দলটোত ৭ গৰাকী ছোৱালী আৰু দুজন ল’ৰা আছে। তেওঁলোক নাৰেংগী আঞ্চলিক মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী।

আবদ্ধ হৈ থকা নৃত্যশিল্পীৰ দলটোৰ এগৰাকী ছাত্ৰীয়ে মহাবিদ্যালয়খনৰ এগৰাকী অধ্যাপিকালৈ বিপদৰ পৰিস্থিতিটো জনাই মেছেজ কৰাৰ পিছতে মহাবিদ্যালয়খনে আৰক্ষীক খবৰ দিয়ে আৰু গুৱাহাটী মহানগৰ আৰক্ষীৰ আয়ুক্ত দীপক কুমাৰ দাসৰ তৎপৰতাত নৃত্যশিল্পীৰ দলটোক উদ্ধাৰ কৰিছে বিহাৰৰ মচৰখ থানাৰ আৰক্ষীয়ে।

জানিব পৰা মতে, বকোৰ ঈদৰ ঘটনাটোৰ দৰেই, অসমৰ পৰা ১ আগষ্টতে শিলিগুৰিলৈ যোৱা শিল্পীৰ দলটোৱে শিলিগুৰিত উপস্থিত হৈ জানিব পাৰে যে তাত কোনো সাংস্কৃতিক অনুষ্ঠান নহয়।

তাৰ পিছতে তেওঁলোকক প্ৰায় ৭-৮ ঘণ্টাৰ বাট বাছেৰে লৈ যোৱা হয় বিহাৰৰ ছাৰণ জিলাৰ অধীনৰ মাচৰাখ থানাৰ অন্তৰ্গত এখন ভিতৰুৱা গাঁও বানচুহীলৈ। গন্তব্য স্থান সম্পৰ্কে তেওঁলোকে একো উৱাদিহ পোৱা নাছিল।

শিল্পীৰ দলটো গৈ তাত উপস্থিত হোৱাৰ পিছতে তেওঁলোকক বিল্ডিং এটাৰ ওপৰ মহলাত আবদ্ধ কৰি ৰখা হয়, য’ত তলৰ মহলাত প্ৰায় পঞ্চাচজনমান যুৱক আছিল।

তেওঁলোকক তললৈ নামিবলৈ বা ফোনত কাৰো সৈতে যোগাযোগ কৰিবলৈ দিয়া হোৱা নাছিল। ছাত্ৰীগৰাকীয়ে গোপনে তেওঁলোকৰ মহাবিদ্যালয়ৰ অধ্যাপিকাগৰাকীক মেছেজত এই কথাখিনি জনায়।

ইয়াৰ পিছতে মহানগৰ আৰক্ষীক খবৰ দিয়ে মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষই। আৰু মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে বিহাৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰি তৎপৰতাৰে শিল্পীৰ দলটোক উদ্ধাৰ কৰায়।

শিল্পীৰ দলটোক নৃত্য পৰিৱেশনৰ বাবে লৈ যোৱা বিহাৰৰ অনুষ্ঠানটোৰ মুখ্য আয়োজক হিচাপে ৰাজু পেটেল আৰু সহায়িকা খুচী পেটেলৰ নাম আছিল বুলি জনা গৈছে।

শিল্পীৰ দলটোক বিহাৰ আৰক্ষীৰ পৰা সুৰক্ষিতভাৱে অসমলৈ আনিবলৈ ইতিমধ্যে অসম আৰক্ষীৰ এটা দল বিহাৰলৈ গৈছে।

Recent News

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd