• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰতিবাদী টেট শিক্ষকক তলা মাৰি ভৰাই থ’লে খানাপাৰা খেলপথাৰত, নাপালেহি দিচপুৰ

খানাপাৰাতে টেট উত্তীৰ্ণ শিক্ষকে পাতিলে প্ৰতিবাদী সভা। মুখ্য মন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰ গ্ৰহণ কৰিলে মহানগৰ আৰক্ষী আয়ুক্তই।

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 29, 2019 5:29 pm
Assam TET teachers protest at Khanapara AAU playground

শনিবাৰে খানাপাৰাত প্ৰতিবাদী টেট শিক্ষক। ছবি- নৰ্থ ইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিঃচৰ্ত বেতন সুৰক্ষাৰ দাবীৰে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় ২০হাজাৰ টেট উত্তীৰ্ণ ঠিকাভিত্তিক প্ৰাথমিক শিক্ষক খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ পৰা দিচপুৰ সচিবালয়লৈকে প্ৰতিবাদী সমদল বাহিৰ কৰাৰ উদ্দেশ্যে সমবেত হৈছিল। কিন্তু প্ৰশাসনৰ বাধাৰ বাবে এই উদ্দেশ্য সিদ্ধি কৰাত বিফল হ’ল তেওঁলোক।

দিচপুৰ চল’ কাৰ্য্যসূচী বাধা দিয়াৰ বাবে পুৱা ১০ বজাৰে পৰা খেলপথাৰৰ মূল দ্বাৰৰ লগতে তাৰ সমীপত থকা এ পি এচ ছি কাৰ্য্যালয়ৰ সন্মুখত প্ৰশাসনে মজুত কৰিছিল তিনি শতাধিক আৰক্ষী ও অৰ্ধ সামৰিক বাহিনীৰ জোৱান। আনকি শিক্ষকসকলক ৰুধিবলৈ দুখনকৈ বৰুণ বাহন আৰু কন্দুৱা গেছ নিক্ষেপকাৰী বাহনো প্ৰশাসনে সাজু কৰি এক যুদ্ধংদেহি পৰিৱেশৰ সূচনা কৰা হৈছিল।

Apply Now

টেট উত্তীৰ্ণ শিক্ষক-শিক্ষয়িত্ৰীসকল খেলপথাৰত প্ৰৱেশ কৰাৰ পাছতে মূল দ্বাৰত আৰক্ষীয়ে এটা তলা ওলমাই দিছিল যাৰ বাবে খেলপথাৰতে আবদ্ধ থাকি প্ৰতিবাদী সভা অনুষ্ঠিত কৰিবলগীয়া হ’ল টেট উত্তীৰ্ণ শিক্ষক সমাজে।

Assam TET teachers protest at Khanapara AAU playground
শনিবাৰে টেট শিক্ষকক তলা মাৰি আবদ্ধ কৰাৰ ছবি।

“আমাক এইদৰে তলা মাৰি আবদ্ধ কৰি ৰখাত বেয়া লাগিছে। আমি যি উদ্দেশ্য লৈ পঢ়াশালিত পাঠদান এৰি আহিছিলো, ……কিন্তু আমাক দিচপুৰলৈ যাব দিয়া হোৱা নাই। এটা সম্পূৰ্ণ ৰাজনৈতিক চক্ৰান্তৰ মাজত আমি সোমাই পৰিছো। প্ৰতিবাদ মষিমূৰ কৰাৰ বাবে এয়া ষড়যন্ত্ৰ।” প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াই ক্ষুব্ধ হৈ এইদৰে আমাৰ আগত কয়।

বঙাইগাঁৱৰ এগৰাকী টেট শিক্ষকে আমাৰ আগত কয় ‘এনেদৰে গে’ট বন্ধ কৰি দিয়াটো আমাৰ বাবে দুখৰ কথা। শদিয়াৰ পৰা ধুবুৰীলৈকে যিমান টেট উত্তীৰ্ণ শিক্ষক আছে, সকলোবোৰ আহিছে। আমি শিক্ষক, আমাৰ সমাজত এটা মৰ্য্যাদা আছে, এই মৰ্য্যাদা ৰক্ষা কৰি আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছিলো। এই আন্দোলনত চৰকাৰী পক্ষই বাধা দিব বিচাৰিছে। এয়া আমি সাধাৰণ জনতাৰ বাবে এৰি দিছো, চৰকাৰখনে আমাক লৈ কি কৰি আছে।’

তদুপৰি, পানী খাবৰ বাবেও প্ৰতিবাদকাৰী টেট শিক্ষক-শিক্ষয়িত্ৰীসকলক ওলাই আহিব নিদিয়াত সংবাদ মাধ্যমৰ জৰিয়তে ক্ষোভ উজাৰে টেট উত্তীৰ্ণ শিক্ষক সমাজে।

‘আমাক তিনিটা লে’য়াৰত আটক কৰি ৰখাৰ দৰে হৈছে। আমি পানী খাবৰ বাবেও ওলাই আহিবলৈ দিয়া হোৱা নাই।’ কামৰূপ মহানগৰ জিলাৰ এজন টেট শিক্ষকে সংবাদ মাধ্যমৰ আগত এই অভিযোগ কৰে।

ইয়াৰোপৰি, প্ৰচণ্ড গৰমৰ ফলত দুগৰাকীকৈ টেট শিক্ষয়িত্ৰী মূৰ ঘূৰাই বাগৰি পৰে। তাৰে এগৰাকীক গে’টৰ পৰা উলিয়াই অনাৰ সময়ত আন দুগৰাকী টেট শিক্ষয়িত্ৰীক আৰক্ষীয়ে বাধা প্ৰদান কৰাৰো অভিযোগ উত্থাপন হৈছে।

‘আমাৰ লগৰ যোৰহাটৰ এগৰাকী মূৰ ঘূৰাই বাগৰি পৰিছিল, তাইক দাঙি উলিয়াই আনিবলৈয়ো আমাক ওলাই যাবলৈ নিদিয়ে। পুলিছে আমাক কৈছে যে আমাৰ কোনো অনুমতি নাই, আপোনালোক ওলাবও নোৱাৰে, সোমাবও নোৱাৰে। মানৱতাৰ কিছুমান কথা থাকে, ভিতৰত চিকিৎসাৰ কোনো ব্যৱস্থা নথকাত আমি শিক্ষয়িত্ৰীগৰাকীক বাহিৰলৈ দাঙি আনিবই লাগিব।’ এগৰাকী টেট শিক্ষয়িত্ৰীয়ে এইদৰে কয়।

আনহাতে, প্ৰতিবাদী সভাৰ অন্তত মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে টেট শিক্ষক সমাজে মুখ্য মন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰ গ্ৰহণ কৰাৰ লগতে আইন-শৃংখলা বজাই ৰাখি প্ৰতিবাদ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

‘শিক্ষক সমাজৰ প্ৰতিবাদ অতি শান্তিপূৰ্ণভাৱে হৈছে, জনসাধাৰণে কোনো হাৰাশাস্তি পোৱা নাই, কোনো যান-জঁটৰ সমস্যা হোৱা নাই। এজন আয়ুক্ত হিচাপে মই তেওঁলোকৰ স্মাৰক পত্ৰ লৈছো।’ সংবাদ মাধ্যমৰ আগত এইদৰে কয় আৰক্ষী আয়ুক্তগৰাকীয়ে।

ইপিনে, নিৰ্বাচনৰ পূৰ্বে গুৱাহাটী মহানগৰীতে ভিন্ন ৰাজনৈতিক দলক ৰ’ড শ্ব’ কৰাৰ বাবে অনুমতি দিয়া হৈছিল। এই কথা এজন সাংবাদিকে সোঁৱৰাই দিয়াত তেওঁ কয় ‘যেতিয়া আইন-শৃংখলাৰ বাবে কোনো বিষয় ভাল বুলি ভাবো, ট্ৰেফিকৰ বাবে ভাল, তেতিয়া আমি অনুমতি দিওঁ। নিৰ্বাচনৰ সময়ত বেলেগ কথা থাকে, কিছুমান গাইডলাইনো থাকে।’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

September 5, 2026 1:13 pm
শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

September 5, 2026 12:57 pm
‘আৰক্ষীৰ কামত সংযম অপৰিহাৰ্য’, শিক্ষাৰ্থীৰ ওপৰত ‘লাঠি চালনা’ক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

‘আৰক্ষীৰ কামত সংযম অপৰিহাৰ্য’, শিক্ষাৰ্থীৰ ওপৰত ‘লাঠি চালনা’ক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

September 5, 2026 12:52 pm
হিন্দুত্ববাদী ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ ভাৰদ্বাজৰ বিৰুদ্ধে এজাহাৰ চিৰাগ পাছৱানৰ

হিন্দুত্ববাদী ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ ভাৰদ্বাজৰ বিৰুদ্ধে এজাহাৰ চিৰাগ পাছৱানৰ

September 5, 2026 12:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

September 5, 2026 1:13 pm
শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

September 5, 2026 12:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd