NORTHEAST NOW (Assamese)

২৪৭৯ টা গঁড়ৰ খৰ্গ ধ্বংস কৰাত অনুমোদন জনালে অসম ৰাজ্যিক কেবিনেটে

September 16, 2021 6:29 pm · এন ই নাও নিউজ
Updated: September 16, 2021 6:40 pm

ৰাজ্যৰ বিভিন্ন স্থানত সংৰক্ষিত হৈ থকা ২৪৭৯ টা গঁড়ৰ খৰ্গ ধ্বংস কৰাত অনুমোদন জনালে অসম ৰাজ্যিক কেবিনেটে।

আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকে এই সিদ্ধান্ত লয়।

কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি ১৯৭৯ চনৰ পৰাই ৰাজ্যৰ বিভিন্ন কোষাগাৰত সংৰক্ষিত হৈ থকা এই খৰ্গ সমূহ ধ্বংস কৰি পেলোৱা হ’ব।

ৰাজ্যৰ ১২ টা কোষাগাৰত এই খৰ্গ সমূহ সংৰক্ষিত হৈ আছে।

২,৬২৩ টা গঁড়ৰ খৰ্গৰ ভিতৰৰে ৫০ টা খৰ্গৰ ক্ষেত্তৰত আদালতত গোচৰ চলি আছে।

সেয়ে উক্ত ৫০ টা খৰ্গ ধ্বংস কৰিব পৰা নাযাব।

কোষাগাৰ সমূহত সংৰক্ষিত হৈ থকা ৯৪ টা গঁড়ৰ খৰ্গ শৈক্ষিক উদ্দেশ্যত সংৰক্ষিত কৰি ৰখা হ’ব।

কেবিনেটে আজি লগতে এই বুলি সিদ্ধান্ত গ্ৰহণ কৰে যে বাকী থকা ২,৪৯৭ টা গঁড়ৰ খৰ্গ ধ্বংস কৰা হ’ব।

কেবিনেটত আজি ৰাজ্যৰ বন আৰু পৰিবেশ দপ্তৰৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই এই কথা প্ৰকাশ কৰে।

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৯৪ টা খৰ্গ কাজিৰঙাৰ সমীপত স্থাপন কৰিবলগীয়া নেছাৰেল হিষ্টৰী মিউজিয়ামত সংৰক্ষণ কৰা হ’ব।

২২ ছেপ্তেম্বৰৰ বিশ্ব গঁড় দিৱসৰ দিনটোতে গঁড়ৰ খৰ্গসমূহ ধ্বংস কৰাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে।

Related News