• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিটেনশ্যন কেম্পৰ সকলো অমুছলমান বন্দীক মুকলি কৰি দিবলৈ অসমক পৰামৰ্শ কেন্দ্ৰৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 5, 2020 5:51 pm

2 min read

Nityanand Rai

নিত্যানন্দ ৰায়। ফাইল ফটো

1.2k
VIEWS
Share on FacebookShare on Twitter

অসমৰ ডিটেনশ্যন কেম্পবোৰত বন্দী হৈ থকা বাংলাদেশ আৰু পাকিস্তানৰ পৰা অহা সকলো অমুছলমান বিদেশীক মুকলি কৰি দিবলৈ পৰামৰ্শ দিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে। মন্ত্ৰ্যালয়টোৰ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ৰ উদ্ধৃতিৰ সৈতে এই বাতৰি প্ৰকাশ পাইছে টাইমছ অব ইণ্ডিয়াত।

অসমৰ কংগ্ৰেছী সাংসদ আব্দুল খালেকৰ এটা প্ৰশ্নৰ উত্তৰত লোকসভাৰ মজিয়াত নিত্যানন্দ ৰায়ে এই কথা প্ৰকাশ কৰিছে। অৱশ্যে তেওঁ এই সন্দৰ্ভত কোনো নিৰ্দিষ্ট নিৰ্দেশনা দিয়া হোৱা নাই বুলি জানিবলৈ দিয়ে।

ৰায়ে কয়, যিসকল ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে ৰাজ্যখনত আশ্ৰয় ল’বলৈ বাধ্য হৈছিল, বৈধ নথিৰ অবিহনেই বা ম্যাদ ওকলা নথিৰ থকা সকলো অমুছলমানক মুকলি কৰি দিবলৈ পৰামৰ্শ দিয়া হৈছে।

তেওঁ ডিটেনশ্যন চেণ্টাৰৰ নাম সলনি কৰি হ’ল্ডিং চেণ্টাৰ (holding centre) কৰা হৈছে বুলিও লোকসভাক জনায়।

যোৱা তিনি বছৰত এই কেন্দ্ৰবোৰৰ পৰা ৭৫১জন লোকক মুকলি কৰি দিয়া হৈছে বুলিও তথ্য দাঙি ধৰে ৰায়ে।

CAA- বা নাগৰিকত্ব (সংশোধন) আইনৰ নিয়মাৱলী প্ৰস্তুত হৈ উঠিলে এই আইনখনে সামৰি লোৱা সকলো লোকে নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব।

উল্লেখ কৰিব পাৰি যে কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ অনা বিতৰ্কিত নাগৰিকত্ব (সংশোধন) আইনখনৰ জৰিয়তে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা ভাৰতলৈ অবৈধভাৱে অহা হিন্দু, বৌদ্ধ, জৈন, খ্ৰীষ্টান আৰু পাৰ্চীসকলক নাগৰিকত্ব দিয়াৰ ব্যৱস্থা কৰা হৈছে। ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈকে ভাৰতত এইদৰে প্ৰৱেশ কৰা এই সম্প্ৰদায়কেইটাৰ লোকে নাগৰিকত্ব লাভ কৰিব।

আনহাতে, অসমৰ আন এজন কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈৰ আন এটা প্ৰশ্নৰ উত্তৰত ৰায়ে কয় যে অসম চৰকাৰৰ তথ্য মতে এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম নোহোৱা কোনো লোকক বন্দী কৰি ৰাখিবৰ বাবে ৰাজ্যখনত কোনো ডিটেনশ্যন কেম্প নিৰ্মাণ কৰি থকা হোৱা নাই।

Recent News

Aditya singh airport4

কৰ’নাৰ আতংক! তিনিমাহ ধৰি এয়াৰপ’ৰ্টতে লুকাই থাকিল এইগৰাকী ব্যক্তি

TOI-561b

সৌৰজগতৰ বাহিৰত নতুন গ্ৰহৰ সন্ধান! পৃথিৱীৰ সৈতে ইয়াক কিদৰে তুলনা কৰিছে বিজ্ঞানীয়ে?

Dilip Saikia

জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়েহে পাব টিকট: বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া

WhatsApp Image 2021-01-19 at 8.59.32 AM

মাজনিশা মৰ্মান্তিক দুৰ্ঘটনা! ফুটপাথত শুই থকা শ্ৰমিকক মহটিয়াই নিলে ট্ৰাকে; মৃত ১৫জন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd